পোষ্ট কৰা হৈছে:
16 NOV 2026 11:33AM by PIB Guwahati
ভাৰতীয় উদ্যোগ সংস্থা (CII)-ই ২০২৬ চনৰ ১২–১৩ নৱেম্বৰত অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত চি আই আই (CII) অংশীদাৰী শীৰ্ষ সন্মিলনৰ ৩১সংখ্যক সংস্কৰণৰ আয়োজন কৰে। “নতুন বিশ্ব ব্যৱস্থাৰ সৈতে অভিযোজনঃ বাণিজ্য | প্ৰযুক্তি | বিশ্বাস | চিন্তাশীল নেতৃত্ব” বিষয়ত অনুষ্ঠিত এই সন্মিলন ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ (DPIIT)-ৰ সহযোগত আয়োজন কৰা হয় আৰু অন্ধ্ৰ প্ৰদেশ চৰকাৰে ইয়াৰ আতিথ্য প্ৰদান কৰে।এই সন্মিলনত নীতি-নিৰ্ধাৰক, আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি, বিশ্বৰ আগশাৰীৰ ব্যৱসায়িক নেতা আৰু বিনিয়োগকাৰীসকলে অংশগ্ৰহণ কৰি বাণিজ্য, প্ৰযুক্তি আৰু অৰ্থনৈতিক সহযোগিতাৰ উদীয়মান সম্ভাৱনাসমূহৰ বিষয়ে আলোচনা কৰে।
উদ্বোধনী অধিৱেশনত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন. চন্দ্ৰবাবু নাইডু, ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী কোনিডেলা পৱন কল্যাণ আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰী কিনজাৰাপু ৰাম মোহন নাইডুৱে অংশগ্ৰহণ কৰে। অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ মানৱ সম্পদ উন্নয়ন, তথ্য প্ৰযুক্তি, ইলেক্ট্ৰনিকছ আৰু যোগাযোগ তথা আৰ টি জি(RTG) বিভাগৰ মন্ত্ৰী শ্ৰী নাৰা লোকেশেও অধিৱেশনত বিশেষ ভাষণ প্ৰদান কৰে।
উদ্বোধনী অনুষ্ঠানত দেশ আৰু বিদেশৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা, কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰী, বিভিন্ন দেশৰ বাণিজ্য মন্ত্ৰী, জ্যেষ্ঠ চৰকাৰী বিষয়া, নীতি-নিৰ্ধাৰক আৰু বিশিষ্ট উদ্যোগপতিয়ে অংশগ্ৰহণ কৰে। আন্তঃৰাষ্ট্ৰীয় বাণিজ্য, বিনিয়োগ, ঔদ্যোগিক সহযোগিতা আৰু কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰাৰ প্ৰচেষ্টাত এই ব্যাপক অংশগ্ৰহণে বিশেষ গুৰুত্ব বহন কৰে।
এই সন্মিলনে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য, গোলকীয় মূল্য শৃংখল, স্থিতিস্থাপক যোগান শৃংখল, উন্নত উৎপাদন, প্ৰতিৰক্ষা প্ৰযুক্তি, গুৰুত্বপূৰ্ণ খনিজ সম্পদ, কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তি, স্মাৰ্ট মেনুফেকচাৰিং, সেউজ শক্তি, ভৱিষ্যতৰ পৰিবহণ ব্যৱস্থা আৰু উদীয়মান প্ৰযুক্তিৰ দৰে বিষয়বোৰৰ আলোচনাৰ বাবে এখন মঞ্চ প্ৰদান কৰে। আলোচনাসমূহত আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব সুদৃঢ় কৰা, বিনিয়োগ আকৰ্ষণ কৰা আৰু বিশ্বজনীন উৎপাদন তথা উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতক এক প্ৰতিযোগিতামূলক লক্ষ্যস্থল হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্ব আৰোপ কৰা হয়।
সন্মিলনৰ সময়ছোৱাত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন. চন্দ্ৰবাবু নাইডুৱে ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিডৰ উন্নয়ন নিগম (NICDC)-ৰ পেভিলিয়ন পৰিদৰ্শন কৰে। এন আই চি ডি চি(NICDC)-ৰ মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালন সঞ্চালক শ্ৰী ৰজত কুমাৰ ছাইনীয়ে বিশিষ্ট ব্যক্তিসকলক অন্ধ্ৰ প্ৰদেশত এন আই চি ডি চি(NICDC)-ৰ অধীনত গঢ়ি তোলা তিনিখন নতুন ঔদ্যোগিক স্মাৰ্ট চিটী—কৃষ্ণপট্টনম, অৰৱাকল আৰু কপ্পাৰ্থীৰ উন্নয়নমূলক কাম-কাজ আৰু অগ্ৰগতিৰ বিষয়ে অৱগত কৰে।
এন আই চি ডি চি(NICDC)-ৰ পেভিলিয়নত বিভিন্ন ব্যৱস্থা আৰু ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে ভাৰতৰ ঔদ্যোগিক আন্তঃগাঁথনিৰ ক্ৰমবৰ্ধমান পৰিৱেশ আৰু বিনিয়োগৰ সুযোগসমূহ উপস্থাপন কৰা হয়। ইয়াৰ উল্লেখযোগ্য দিশসমূহৰ ভিতৰত আছিল নতুনকৈ গঢ়ি তোলা ঔদ্যোগিক স্মাৰ্ট চিটীসমূহ, ‘ভব্য’ (BHAVYA – ভাৰত ঔদ্যোগিক বিকাশ যোজনা), ঔদ্যোগিক কৰিডৰ ভূমি প্লেটফৰ্ম (ICLP) আৰু ‘কয়লা শক্তি’ (Koyla Shakti)। আই চি এল পি(ICLP)-ৰ জৰিয়তে বিনিয়োগকাৰীসকলে সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানত উপলব্ধ হোৱা প্ৰমাণিত ঔদ্যোগিক ভূমিৰ সুযোগসমূহ বিচাৰি উলিওৱা আৰু তুলনা কৰাৰ সুবিধা লাভ কৰে। আনহাতে, ‘কয়লা শক্তি’ হৈছে এক স্মাৰ্ট কয়লা বিশ্লেষণ ডেশ্বব’ৰ্ড। পেভিলিয়নটোত ৩৬০-ডিগ্ৰী ভাৰ্চুৱেল ৰিয়েলিটি (VR) ভ্ৰমণৰো ব্যৱস্থা কৰা হৈছিল, যাৰ জৰিয়তে দৰ্শনাৰ্থীসকলে এন আই চি ডি চি(NICDC)-ৰ ঔদ্যোগিক কৰিডৰ প্ৰকল্পসমূহৰ এক সামগ্ৰিক আৰু বিস্তৃত ধাৰণা লাভ কৰে।
শ্ৰী ৰজত কুমাৰ ছাইনীয়ে বিশিষ্ট ব্যক্তিসকলক তিনিটা ঔদ্যোগিক ন’ডৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। এই অগ্ৰগতিৰ বিৱৰণত প্ৰকল্পকেইটাৰ আন্তঃগাঁথনি উন্নয়নৰ কাম-কাজৰ অগ্ৰগতিৰ লগতে ৰাজ্যখনত বিনিয়োগৰ বাবে সাজু ঔদ্যোগিক ক্ষেত্ৰ গঢ়ি তোলাৰ দিশত এন আই চি ডি চি(NICDC)-এ অব্যাহত ৰখা প্ৰচেষ্টাসমূহৰ কথা উল্লেখ কৰা হয়।
পেভিলিয়নটোত অন্ধ্ৰ প্ৰদেশৰ ঔদ্যোগিক সম্ভাৱনাও বিশেষভাৱে উপস্থাপন কৰা হয়। ইয়াত উল্লেখ কৰা অনুসৰি, তিনিওটা ঔদ্যোগিক ন’ডৰ মুঠ প্ৰকল্প এলেকা ৭,২২৩ একৰ, বিনিয়োগৰ সম্ভাৱনা ৩১,৩৬০ কোটি টকা আৰু কৰ্মসংস্থাপনৰ সম্ভাৱনা ২ লাখ। এই তিনিটা ন’ড বিভিন্ন ঔদ্যোগিক কৰিডৰৰ অধীনত উন্নয়ন কৰা হৈছে আৰু গোলকীয় আন্তঃগাঁথনি তথা সংযোগ ব্যৱস্থাৰে সমৰ্থিত একোটা সংহত ঔদ্যোগিক পৰিৱেশতন্ত্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। এইসমূহৰ উন্নয়নৰ লক্ষ্য হৈছে বৃহৎ পৰিসৰৰ বিনিয়োগৰ পথ প্ৰশস্ত কৰা, উৎপাদন ক্ষমতা সুদৃঢ় কৰা, কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা আৰু অন্ধ্ৰ প্ৰদেশৰ ঔদ্যোগিক বিকাশ ত্বৰান্বিত কৰা।
এই প্ৰদৰ্শনী আৰু মত-বিনিময়ৰ জৰিয়তে এন আই চি ডি চি(NICDC)-এ উৎপাদন আৰু উদীয়মান খণ্ডসমূহত বিনিয়োগৰ বিভিন্ন সুযোগ দাঙি ধৰে। ইয়াৰ জৰিয়তে অন্ধ্ৰ প্ৰদেশক দেশীয় তথা আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীসকলৰ বাবে এখন আকৰ্ষণীয় বিনিয়োগস্থলী হিচাপে উপস্থাপন কৰা হয়।
জাপানকেন্দ্ৰিক অধিৱেশনত ভাৰতত নিযুক্ত জাপানৰ ৰাষ্ট্ৰদূত শ্ৰী কেইইছি অ’নোৱে ভাৰত আৰু জাপানৰ ক্ৰমবৰ্ধমান অৰ্থনৈতিক অংশীদাৰিত্বত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে অন্ধ্ৰ প্ৰদেশৰ তিনিখন চহৰত থকা ৩১টা জাপানী প্ৰতিষ্ঠানে ৮,০০০ৰো অধিক স্থানীয় লোকৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে। তেওঁ লগতে তীখা, ঔষধ, নিকা শক্তি আৰু ছেমিকণ্ডাক্টৰ খণ্ডত সহযোগিতাৰ সম্ভাৱনাৰ বিষয়েও প্ৰকাশ কৰে।
অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য তথা খাদ্য সংসাধন বিভাগৰ মন্ত্ৰী শ্ৰী টি. জি. ভৰতে় ৰাজ্যখনৰ ঔদ্যোগিক আন্তঃগাঁথনি, কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বন্দৰসমূহ, বিভিন্ন খণ্ডৰ বিনিয়োগৰ সম্ভাৱনা আৰু বিনিয়োগৰ সংকল্পবোৰৰ বাস্তৱ প্ৰকল্পত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহত আলোকপাত কৰে।
শ্ৰী ৰজত কুমাৰ ছাইনীয়ে আৰম্ভণি ভাষণ আগবঢ়াই অধিক গভীৰ সহযোগিতাৰ বাবে পাঁচটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ কথা উল্লেখ কৰে। তেওঁ উল্লেখ কৰা ক্ষেত্ৰসমূহ হৈছে—উৎপাদন আৰু ঔদ্যোগিক কৰিডৰৰ উন্নয়ন, স্থিতিস্থাপক যোগান শৃংখল, উন্নত প্ৰযুক্তি, বহনক্ষম ঔদ্যোগিক বিকাশ তথা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (MSME)-ৰ মাজত অংশীদাৰিত্ব আৰু দক্ষতা বিকাশ। তেওঁ বিনিয়োগৰ সম্ভাৱনাসমূহক বাস্তৱায়নযোগ্য অংশীদাৰিত্বলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে, আগন্তুক দশকটোত ভাৰতত ১০ লাখ কোটি জাপানী য়েন (JPY) বিনিয়োগৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত জাপানৰ সংকল্পতো আলোকপাত কৰে।
জেট্ৰ’(JETRO) চেন্নাইৰ সঞ্চালক প্ৰধান শ্ৰী কিয়োটাকা দোহোৱে ভাৰত আৰু অন্ধ্ৰ প্ৰদেশৰ প্ৰতি জাপানী প্ৰতিষ্ঠানসমূহৰ ক্ৰমবৰ্ধমান আগ্ৰহৰ বিষয়ত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে সমীক্ষাত অংশগ্ৰহণ কৰা ৮০ শতাংশতকৈও অধিক প্ৰতিষ্ঠানে তেওঁলোকৰ ব্যৱসায়িক কাৰ্যকলাপ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে। ইছুজু মটৰছ ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক শ্ৰী ৰাজেশ মিট্টলে জাপানী উৎপাদন পদ্ধতি, গুণগত মান, দক্ষতা বিকাশ আৰু স্থানীয় যোগানকাৰীৰ সামৰ্থ্যৰ দিশটোত আলোকপাত কৰে।
উল্লেখযোগ্য যে বিভিন্ন ঔদ্যোগিক কৰিডৰৰ অধীনত নতুনকৈ গঢ়ি তোলা ঔদ্যোগিক স্মাৰ্ট চিটীসমূহৰ উন্নয়নৰ জৰিয়তে এন আই চি ডি চি(NICDC)-এ ভাৰতৰ উৎপাদন খণ্ডৰ পৰিৱেশ সুদৃঢ় কৰা, লজিষ্টিক ব্যৱস্থাৰ দক্ষতা বৃদ্ধি কৰা আৰু বিনিয়োগৰ বাবে সাজু ঔদ্যোগিক ক্ষেত্ৰ গঢ়ি তোলাৰ দিশত কাম কৰি আহিছে। এই ব্যৱস্থাবোৰৰ উদ্দেশ্যে হৈছে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ আকৰ্ষণ, কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি আৰু ভাৰতীয় উদ্যোগসমূহক গোলকীয়মূল্য শৃংখলৰ সৈতে সংযুক্ত কৰাত সহায় কৰা।
অনুষ্ঠানত উপস্থিত থকা আন বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ উদ্যোগ আৰু খাদ্য সংসাধন বিভাগৰ মন্ত্ৰী শ্ৰী টি. জি. ভৰত, পথ আৰু গৃহ নিৰ্মাণ, আন্তঃগাঁথনি আৰু বিনিয়োগ বিভাগৰ মন্ত্ৰী শ্ৰী বি. চি. জনাৰ্দন ৰেড্ডী, ৰাজ্য চৰকাৰৰ মুখ্য সচিব শ্ৰী জি. ছাই প্ৰসাদ, চিআই আই(CII)-ৰ অধ্যক্ষ তথা টাটা কেমিকেলছ লিমিটেডৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী আৰ. মুকুন্দন আৰু চিআই আই(CII)-ৰ সঞ্চালক প্ৰধান শ্ৰী চন্দ্ৰজিৎ বেনাৰ্জী।
৩১সংখ্যক চিআই আই(CII) অংশীদাৰী শীৰ্ষ সন্মিলন ২০২৬ত এন আই চি ডি চি(NICDC)-ৰ অংশগ্ৰহণে ইয়াৰ ঔদ্যোগিক কৰিডৰ প্ৰকল্পসমূহৰ অগ্ৰগতি উপস্থাপন, বিশ্বৰ বিভিন্ন অংশীদাৰৰ সৈতে মত-বিনিময় আৰু অন্ধ্ৰ প্ৰদেশত বিনিয়োগৰ সম্ভাৱনাসমূহ দাঙি ধৰাৰ সুযোগ প্ৰদান কৰে। এই প্ৰচেষ্টাসমূহে ঘৰুৱা উৎপাদন ক্ষমতা সুদৃঢ় কৰা আৰু ‘বিকশিত ভাৰত @2047’ৰ লক্ষ্য বাস্তৱায়িত কৰাৰ দিশত ভাৰত চৰকাৰৰ দৃষ্টিভংগীক আগুৱাই নিয়াত অৰিহণা যোগায়।
ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ (DPIIT)-ৰ অধীনস্থ ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিডৰ উন্নয়ন নিগম লিমিটেড (NICDC)-ক সমগ্ৰ দেশতে গোলকীয় মানৰ নতুন ঔদ্যোগিক স্মাৰ্ট চিটী গঢ়ি তোলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। সংহত ঔদ্যোগিক আন্তঃগাঁথনি আৰু ডিজিটেল পদক্ষেপৰ জৰিয়তে এন আই চি ডি চি(NICDC)-এ উৎপাদন খণ্ডৰ প্ৰতিযোগিতামূলক সক্ষমতা বৃদ্ধি, বিনিয়োগ আকৰ্ষণ আৰু বহনক্ষম অৰ্থনৈতিক বিকাশৰ প্ৰসাৰৰ লক্ষ্যৰে কাম কৰি আহিছে।
***
Abhishek Dayal/ Garima Singh/ Ishita Biswas/PK