যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

তিনি শতাধিক লোকৰ অংশগ্ৰহণেৰে “বিকশিত ভাৰতৰ হকে নিচামুক্ত যুৱসমাজ” অভিযানৰ আয়োজন ছাই গুৱাহাটীৰ

পোষ্ট কৰা হৈছে: 14 NOV 2026 5:26PM by PIB Guwahati

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (এছ এ আই)ৰ গুৱাহাটী আঞ্চলিক কেন্দ্ৰই  আজি স্থানীয় চৌহদত ড্ৰাগছমুক্ত সমাজ গঢ়াৰ প্ৰচাৰ তথা যুৱক-যুৱতীক স্বাস্থ্যকৰ, সক্ৰিয় আৰু অনুশাসিত জীৱনশৈলী গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে “বিকশিত ভাৰতৰ হকে নিচা মুক্ত যুৱসমাজ” অভিযানৰ আয়োজন কৰে।

অসমৰ হাজো-শুৱালকুছি (অনুসূচিত জাতি) সমষ্টিৰ বিধায়ক শ্ৰী প্ৰকাশ চন্দ্ৰ দাস মুখ্য অতিথি হিচাপে অনুষ্ঠানত উপস্থিত থাকে। ছাই আঞ্চলিক কেন্দ্ৰ, গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক শ্ৰী ডি কে মিট্টলৰ লগতে সহকাৰী সঞ্চালক শ্ৰী ৰজনীশ কুমাৰ মিশ্ৰ তথা শ্ৰী শিৱম পাণ্ডেয়েও কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

এই অভিযানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, সেনা জোৱান, ফিটনেছ অনুৰাগী, ছাই গুৱাহাটীৰ খেলুৱৈ আৰু অন্যান্য অংশগ্ৰহণকাৰীসহ তিনি শতাধিক লোকে উৎসাহেৰে অংশগ্ৰহণ  কৰাৰ জৰিয়তে ড্ৰাগছমুক্ত আৰু স্বাস্থ্যকৰ সমাজ গঢ়াৰ প্ৰতি  শক্তিশালী সামূহিক প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে।

এই অভিযানত সাপ-চিৰি খেল, যোগ, ফিটনেছ কাৰ্যসূচী, জুম্বা নৃত্য, ৰছী টনা আৰু পাঞ্জাকে ধৰি বিভিন্ন আনন্দদায়ক আৰু ফিটনেছমুখী কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীসমূহত সক্ৰিয় অংশগ্ৰহণে দলীয় মনোভাৱ, বন্ধুত্ব, ক্ৰীড়াসুলভ মনোভাব আৰু ঐক্যৰ ভাবনা জগাই তোলাৰ লগতে বিভিন্ন পটভূমিৰ অংশগ্ৰহণকাৰীসকলৰ মাজত শাৰীৰিক সুস্থতাৰ প্ৰসাৰ কৰে।

কাৰ্যসূচীত নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ ক্ষতিকাৰক প্ৰভাৱৰ ওপৰত গুৰুত্ব দিয়া হয় তথা যুৱক-যুৱতীক ইতিবাচকভাৱে জড়িত কৰাত ক্ৰীড়া, শাৰীৰিক ফিটনেছ, যোগ আৰু বিনোদনমূলক কাৰ্যসূচীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰা হয়। পৰস্পৰ অংশগ্ৰহণৰ খেল আৰু ফিটনেছ সম্পৰ্কীয় কাৰ্যসূচীৰ জৰিয়তে এই অভিযানে সজাগ সিদ্ধান্ত লোৱা তথা নিচামুক্ত স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰাৰ গুৰুত্বৰ বিষয়ে সচেতনতা সৃষ্টি কৰাৰ লক্ষ্য লৈছে।

***

BM/DD


(ৰিলিজ আই ডি : 2336287) অতিথি কক্ষ : 29
ত এই ৰিলিজটো পঢ়ক: English