পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
উত্তৰ-পূবৰ সেনা গোটসমূহক ইণ্ডিয়ান অইলৰ বিশেষ এক্সট্ৰিম উইণ্টাৰ গ্ৰেড ডিজেল যোগান
পোষ্ট কৰা হৈছে:
12 NOV 2026 4:10PM by PIB Guwahati
ইণ্ডিয়ান অইলে ইষ্টাৰ্ণ কমাণ্ডৰ ফ’ৰ ক’ৰৰ অধীনত থকা সেনা ইউনিটসমূহক মাইনাছ ৪২ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত কম তাপমাত্ৰাটো কাম কৰিব পৰা বিশেষ এক্সট্ৰিম উইণ্টাৰ গ্ৰেড ডিজেল (এক্স ডব্লিউ জি ডিজেল)ৰ প্ৰথম খেপ সফলতাৰে যোগান ধৰিছে।
উত্তৰ-পূবত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে এক্সট্ৰিম উইণ্টাৰ গ্ৰেড ডিজেল (এক্স ডব্লিউ জি ডিজেল)ৰ প্ৰথমটো খেপ ২০২৬ চনৰ ১১ নৱেম্বৰত ইণ্ডিয়ান অইলৰ মিছামাৰী ডিপোৰ পৰা সেনা আৰু ইণ্ডিয়ান অইলৰ জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত প্ৰেৰণ কৰা হয়। এই বিশেষ ইন্ধনে অতি ঠাণ্ডা বতৰত বিশেষকৈ অতি উচ্চতাত অৱস্থিত অঞ্চলসমূহতো নিৰ্ভৰযোগ্যভাৱে কাৰ্যক্ষম নিশ্চিত কৰিব।
এই যুগান্তকাৰী পদক্ষেপে দেশৰ প্ৰতিৰক্ষা বাহিনীক বিশেষকৈ প্ৰত্যাহ্বানমূলক পৰিস্থিতিত বিশেষ ইন্ধনৰ প্ৰয়োজনীয়তাৰ সমস্য সমাধান কৰাৰ লগতে অত্যাৱশ্যকীয় সহায় নিশ্চিত কৰাৰ ক্ষেত্ৰত ইণ্ডিয়ান অইলৰ প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে।

KSY/SS/BC
(ৰিলিজ আই ডি : 2335486)
অতিথি কক্ষ : 24