পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

অসমৰ বানপীড়িত ৰাইজলৈ ইণ্ডিয়ান অইলৰ ৫ কোটি টকাৰ সাহায্য

পোষ্ট কৰা হৈছে: 12 NOV 2026 12:12PM by PIB Guwahati

উজনি অসমৰ বিধ্বংসী বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সাহায্য, পুনৰুদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে ইণ্ডিয়ান অইলে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ কোটি টকাৰ বৰঙণি আগবঢ়াইছে।

ৰাজ্যৰ বানপীড়িত জনসাধাৰণৰ প্ৰতি সহমর্মিতাৰ চানেকি  হিচাপে এই বৰঙণি আগবঢ়োৱা হৈছে। ইণ্ডিয়ান অইলৰ অধ্যক্ষৰ হৈ প্ৰতিষ্ঠানটোৰ এ অ’ ডি ৰাজ্যিক কাৰ্যালয়ৰ ৰাজ্যিক মুৰব্বী তথা কাৰ্যবাহী সঞ্চালক  শ্ৰীযুত নীতিন ভাটনাগৰে ২০২৬ চনৰ ১১ নৱেম্বৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৫ কোটি টকাৰ চেকখন প্ৰদান কৰে।

ইণ্ডিয়ান অইলৰ এই বৰঙণিয়ে অসমৰ জটিল সময়ত জনসাধাৰণৰ কাষত থিয় দিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ লগতে নিগমৰ দয়া, সহমর্মিতা আৰু জাতি গঠনৰ চিৰস্থায়ী মূল্যবোধক প্ৰতিফলিত কৰিছে।

***

SS/BC


(ৰিলিজ আই ডি : 2335328) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English