পোষ্ট কৰা হৈছে:
11 NOV 2026 5:12PM by PIB Guwahati
নিচাযুক্ত দ্ৰব্য সেৱনৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে যুৱপ্ৰজন্মৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে তেওঁলোকক সুস্থ আৰু সক্ৰিয় জীৱনশৈলী গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ লক্ষ্যৰে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (SAI) গুৱাহাটীৰ আঞ্চলিক কেন্দ্ৰই ১৪ নৱেম্বৰত ‘নিচাযুক্ত দ্ৰব্যৰ পৰা মুক্ত যুৱপ্ৰজন্ম, বিকশিত ভাৰত’ শীৰ্ষক অভিযানৰ আয়োজন কৰিব।
গুৱাহাটীৰ পল্টন বজাৰত থকা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ আঞ্চলিক কেন্দ্ৰৰ চৌহদত পুৱা ৬.৩০ বজাত এই অভিযান অনুষ্ঠিত হ’ব।
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডৱীয়াৰ দৃষ্টিভংগীৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই অভিযানৰ জৰিয়তে যুৱপ্ৰজন্মক ক্ৰীড়া, শাৰীৰিক সুস্থতা আৰু অনুশাসনক জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহিত কৰি নিচামুক্ত সমাজ গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
এই অভিযানৰ অংশ হিচাপে অংশগ্ৰহণকাৰীসকলক জড়িত কৰাৰ লগতে শাৰীৰিক সুস্থতা, দলীয় সহযোগিতা আৰু ক্ৰীড়াসুলভ মনোভাৱৰ প্ৰসাৰৰ উদ্দেশ্যে বিভিন্ন শাৰীৰিক সক্ষমতা বৃদ্ধিমূলক কাৰ্যকলাপ আৰু ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব। যুৱপ্ৰজন্মৰ অধিক অংশগ্ৰহণ আৰু উৎসাহ বৃদ্ধিৰ বাবে বিজয়ীসকলক আকৰ্ষণীয় পুৰস্কাৰো প্ৰদান কৰা হ’ব।
এই পদক্ষেপৰ জৰিয়তে যুৱপ্ৰজন্মৰ মাজত অনুশাসন, দৃঢ়তা আৰু ইতিবাচক মূল্যবোধ গঢ়ি তোলাৰ ক্ষেত্ৰত ক্ৰীড়াৰ গুৰুত্বপূৰ্ণ ভূমিকাক বিশেষভাৱে দাঙি ধৰা হৈছে।
এই অভিযানৰ জৰিয়তে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ গুৱাহাটীৰ আঞ্চলিক কেন্দ্ৰই যুৱপ্ৰজন্মক স্বাস্থ্যসন্মত জীৱনশৈলী বাছি ল’বলৈ উৎসাহিত কৰাৰ লগতে এখন শক্তিশালী, সুস্থ আৰু নিচামুক্ত বিকশিত ভাৰত গঢ়াৰ লক্ষ্যত অৰিহণা যোগাবলৈ প্ৰেৰণা যোগোৱাৰ লক্ষ্য লৈছে।
********
SM/PB