তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

গুজৰাটৰ একতা নগৰত অনুষ্ঠিত ‘ভাৰত পৰ্ব ২০২৬’ত পিআইবি গুৱাহাটীৰ উদ্যোগত অসমৰ ছ’চিয়েল মিডিয়া কন্টেন্ট ক্ৰিয়েটৰৰ দল

পোষ্ট কৰা হৈছে: 11 NOV 2026 3:06PM by PIB Guwahati

‘ভাৰত পৰ্ব ২০২৬’-ৰ বৰ্ণিল সাংস্কৃতিক প্ৰদৰ্শন প্ৰত্যক্ষ কৰাৰ পৰা আৰম্ভ কৰি আইকনিক ‘ষ্টেচ্যু অব ইউনিটী’ দৰ্শন কৰালৈকে প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (পিআইবি), গুৱাহাটীয়ে ২০২৬ চনৰ ৩ৰ পৰা ৬নৱেম্বৰলৈ পৰিচালনা কৰা এক ভ্ৰমণ কাৰ্যসূচীত অসমৰ ছগৰাকী ছ’চিয়েল মিডিয়া কন্টেন্ট ক্ৰিয়েটৰে গুজৰাটৰ চহকী সাংস্কৃতিক ঐতিহ্য, স্থাপত্যৰ বিশালতা আৰু পৰ্যটনস্থলীসমূহৰ চাক্ষুস অভিজ্ঞতা আহৰণ কৰে।

কন্টেন্ট ক্ৰিয়েটৰসকলক দেশৰ প্ৰাণোচ্চল সাংস্কৃতিক বৈচিত্ৰ্য আৰু ঐতিহ্য অনুভৱ কৰোৱাৰ লগতে সেইসমূহ দৰ্শন কৰাৰ এটি সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যেই এই ভ্ৰমণৰ আয়োজন কৰা হৈছিল, য’ত গুজৰাটৰ কেৱড়ীয়াৰ একতা নগৰত অনুষ্ঠিত ‘ভাৰত পৰ্ব ২০২৬’-ৰ উদযাপনক বিশেষভাবে গুৰুত্ব দিয়া হয়।

এই দলটোত ৰাজ্যখনৰ ছগৰাকী জনপ্ৰিয় কন্টেন্ট ক্ৰিয়েটৰ ক্ৰমে, চক্ৰপাণি পৰাশৰ, নীলোৎপল চলিহা, শচীন ভৰালী, শ্যামলিমা তামুলী, অভিনৱ বৰা আৰু তন্বিতা ভৰদ্বাজৰ লগতে পিআইবি গুৱাহাটীৰ দুগৰাকী বিষয়া অন্তৰ্ভুক্ত আছিল। পিআইবি গুৱাহাটীৰ মিডিয়া এণ্ড কমিউনিকেশ্যন বিষয়া বৰ্ণালী মহন্তই দলটোৰ নেতৃত্ব প্ৰদান কৰিছিল।

৪ নৱেম্বৰত দলটোৱে ভাৰত পৰ্ব প্ৰদৰ্শনী পৰিদৰ্শন কৰে, য’ত তেওঁলোকে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য, বৈচিত্ৰ্য আৰু একতাৰ মনোভাৱৰ এক বৰ্ণিল উদযাপন প্ৰত্যক্ষ কৰে। এই উৎসৱে দেশৰ বিভিন্ন প্ৰান্তৰ ৰং, পৰম্পৰা, কলা, সংগীত, খাদ্য আৰু হস্তশিল্পক এখন উমৈহতীয়া মঞ্চত সন্মিলিত কৰে, যিয়ে দৰ্শনাৰ্থীসকলক ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ সাৰমৰ্ম অনুভৱ কৰাৰ সুযোগ প্ৰদান কৰে।

‘ভাৰত পৰ্ব ২০২৬’-ত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰা বিশেষ পেভিলিয়নসমূহ অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে তেওঁলোকৰ সুকীয়া সাংস্কৃতিক ঐতিহ্য, পৰম্পৰাগত কলা আৰু শিল্প, হস্ততাঁত, হস্তশিল্প, আঞ্চলিক খাদ্য-সম্ভাৰ, পৰ্যটনস্থলীৰ তথ্য আৰু স্থানীয় বিশেষত্বসমূহ প্ৰদৰ্শন কৰে। কিউৰেটেড প্ৰদৰ্শনী, সাংস্কৃতিক প্ৰদৰ্শন আৰু আঞ্চলিক সামগ্ৰীসমূহৰ জৰিয়তে এই প্ৰদৰ্শনীয়ে দেশখনক বান্ধি ৰখা উমৈহতীয়া পৰম্পৰাসমূহ উদযাপন কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ অনন্য পৰিচয় আৰু পৰ্যটনৰ সম্ভাৱনাত আলোকপাত কৰে।

এই উৎসৱে লোকনৃত্য আৰু শাস্ত্ৰীয় নৃত্য, পৰম্পৰাগত সংগীত আৰু নৃত্য, হস্তশিল্প, হস্ততাঁত আৰু প্ৰামাণিক আঞ্চলিক খাদ্য-সম্ভাৰৰ জৰিয়তেও ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শন কৰে, যিয়ে দৰ্শনাৰ্থীসকলক দেশৰ বৈচিত্ৰ্যময় সাংস্কৃতিক পৰিৱেশৰ মাজেৰে এক আৱেশময় যাত্ৰা প্ৰদান কৰে।

একতা নগৰ ভ্ৰমণৰ সময়ত দলটোৱে ১৮২ মিটাৰ উচ্চতাৰ বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি ‘ষ্টেচ্যু অব ইউনিটী’ও পৰিদৰ্শন কৰে। ভাৰতৰ প্ৰথম গৰাকী উপ-প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ বিশাল প্ৰতিমূৰ্তি তথা তেওঁৰ নামত উৎসৰ্গিত এই স্মৃতিসৌধটো ৰাষ্ট্ৰীয় একতা আৰু দেশৰ যৌথ শক্তিৰ প্ৰতীক হিচাপে থিয় দি আছে।

দলটোৱে একতা নগৰৰ ‘ৰেইনফৰেষ্ট’ও পৰিদৰ্শন কৰে, যিয়ে দৰ্শনাৰ্থীসকলক সেউজীয়া পৰিৱেশ আৰু বৈচিত্ৰ্যময় উদ্ভিদৰ দ্বাৰা ক্ৰান্তীয় বৰ্ষাৰণ্য পৰিতন্ত্ৰৰ এক আৱেশময় অভিজ্ঞতা প্ৰদান কৰে।

ভ্ৰমণকালত দলটোৱে বডোদৰাত অৱস্থিত এক ঐতিহাসিক প্ৰাসাদ তথা ৰাজকীয় বাসভৱন ‘লক্ষ্মী বিলাস পেলেচ’কে ধৰি গুজৰাটৰ আন কেতবোৰ পৰ্যটনস্থলীও পৰিদৰ্শন কৰে।

এই ভ্ৰমণে কন্টেন্ট ক্ৰিয়েটৰসকলক ভাৰতৰ সাংস্কৃতিক ঐতিহ্য, পৰ্যটনস্থলী আৰু আঞ্চলিক বৈচিত্ৰ্য অন্বেষণ কৰাৰ সুযোগ প্ৰদান কৰে। নিজ নিজ ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে তেওঁলোকে নিজৰ অভিজ্ঞতা বিনিময় কৰাৰ লগতে গুজৰাটৰ বৰ্ণিল সাংস্কৃতিক তথা পৰ্যটন আকৰ্ষণসমূহৰ তথ্যাৱলী অসমৰ তথা অন্যান্য প্ৰান্তৰ শ্ৰোতা-দৰ্শকসকলৰ মাজলৈ লৈ যাব বুলি আশা কৰা হৈছে।

***


(ৰিলিজ আই ডি : 2335110) অতিথি কক্ষ : 62
ত এই ৰিলিজটো পঢ়ক: English