পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

সমগ্ৰ অসমতে আৰ্থ-সামাজিক জৰীপৰ বাবে জনসাধাৰণৰ সহযোগিতা বিচাৰি এন এছ অ’ৰ আবেদন

পোষ্ট কৰা হৈছে: 11 NOV 2026 12:13PM by PIB Guwahati

ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়(এন এছ অ’)ৰ ক্ষেত্ৰ পৰিচালনা বিভাগে অসমৰ নিৰ্বাচিত স্থানকে ধৰি সমগ্ৰ ভাৰতবৰ্ষত বৃহৎ আৰ্থসামাজিক জৰীপ চলাই আছে।

এই সমীক্ষাসমূহৰ লক্ষ্য হৈছে পৰিয়ালৰ আয়, প্ৰব্ৰজন, ঋণ আৰু বিনিয়োগ, নিয়োগ, কৃষি আৰু উদ্যোগকে ধৰি বিভিন্ন আৰ্থসামাজিক সূচকৰ প্ৰাথমিক তথ্য সংগ্ৰহ।

ধুবুৰী, বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, কামৰূপ (গ্ৰাম্য), কামৰূপ(মেট্ৰ’), কোকৰাঝাৰ, নলবাৰী, দক্ষিণ শালমাৰা মানকাচৰ, তামুলপুৰ, কাছাৰ, ডিমা হাছাও, কাৰ্বি আংলং, শ্ৰীভূমি(কৰিমগঞ্জ), হাইলাকান্দি আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বিভিন্ন ঠাইত ২০২৬ চনৰ নৱেম্বৰৰ সময়ছোৱাত গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয় আৰু শিলচৰ উপ-আঞ্চলিক কাৰ্যালয়ে জৰীপৰ কাম হাতত ল’ব। জৰীপ প্ৰক্ৰিয়াৰ অংশ হিচাপে ক্ষেত্ৰ বিষয়াসকলে নিৰ্বাচিত পৰিয়াল আৰু প্ৰতিষ্ঠানসমূহ ভ্ৰমণ কৰি ইয়াত বৈজ্ঞানিকভাৱে যুগুত কৰা জৰীপৰ সময়সূচী ব্যৱহাৰ কৰি তথ্য সংগ্ৰহ কৰিব।

জনসাধাৰণৰ সহযোগৰ বাবে আবেদন জনাই গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয় এন এছ অ’ (এফ অ’ ডি)ৰ সঞ্চালক তথা আঞ্চলিক মুৰব্বীগৰাকীয়ে সমীক্ষাৰ সময়ছোৱাত কৰ্তৃত্বপ্ৰাপ্ত বিষয়া আৰু কৰ্মচাৰীসকলক সঠিক আৰু সম্পূৰ্ণ তথ্য প্ৰদান কৰি সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ নাগৰিকসকলক অনুৰোধ জনাইছে। এনে সহযোগিতাই নিৰ্ভৰযোগ্য চৰকাৰী পৰিসংখ্যা সৃষ্টি কৰাত সহায় কৰিব যিবোৰ নীতি নিৰ্ধাৰণ আৰু ৰাষ্ট্ৰ গঠনৰ বাবে অতি গুৰুত্বপূৰ্ণ।

এন এছ অ’-এ আশ্বাস দিছে যে জৰীপৰ সময়ত সংগ্ৰহ কৰা সকলো তথ্য গোপনীয়ভাৱে ৰখা হ’ব আৰু কেৱল পৰিসংখ্যাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হ’ব।

২০২৬ চনৰ নৱেম্বৰৰ ভিতৰত জৰীপ চলোৱাৰ বাবে এন এছ অ’ (এফ অ’ ডি)ৰ বিষয়াসকলৰ ভ্ৰমণৰ আংশিক সময়সূচী ইয়াত উপলব্ধ।

 

 

***


(ৰিলিজ আই ডি : 2334926) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English