সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

আৰ্থিক প্ৰত্যাহ্বানৰ পৰা বিশ্বমানৰ গৱেষণাৰ সুযোগলৈ: বৈজ্ঞানিক উৎকৰ্ষতাৰ দিশে এক যাত্ৰা

পোষ্ট কৰা হৈছে: 09 NOV 2026 7:41PM by PIB Guwahati

শ্ৰী অৰবিন্দ কুমাৰৰ (নাম সলনি কৰা হৈছে) জীৱন যাত্ৰাই প্ৰমাণ কৰে যে কিদৰে সঠিক সময়ত লাভ কৰা শিক্ষাগত আৰু গৱেষণামূলক সাহাৰ্য্যই পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক আৰ্থিক বাধা নেওচি আন্তঃৰাষ্ট্ৰীয় গৱেষণাৰ সুযোগ লাভ কৰাত আৰু শৈক্ষিক উৎকৰ্ষতা অৰ্জন কৰাত সহায় কৰিব পাৰে।

৩৫ বছৰীয়া শ্ৰী কুমাৰ তামিলনাডুৰ এজন অনুসূচিত জাতিৰ (Scheduled Caste) ছাত্ৰ। দৃঢ় সংকল্প আৰু বৈজ্ঞানিক গৱেষণাৰ প্ৰতি থকা গভীৰ নিষ্ঠাই তেওঁৰ শৈক্ষিক আকাংক্ষাক আগুৱাই লৈ গৈছে। এম.টেক (M.Tech) ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত তেওঁ কেন্সাৰ বায়’লজী (কৰ্কট জীৱবিজ্ঞান), আণৱিক গৱেষণা (molecular research) আৰু জটিল ৰোগৰ বাবে অভিনৱ চিকিৎসা পদ্ধতিৰ বিকাশৰ প্ৰতি গভীৰ আগ্ৰহ প্ৰকাশ কৰি নিজৰ শৈক্ষিক যাত্ৰা অব্যাহত ৰাখে। বৈজ্ঞানিক গৱেষণাৰ প্ৰতি থকা তেওঁৰ একাগ্ৰতাৰ বাবেই তেওঁ ফিনলেণ্ডৰ টেম্পেৰে বিশ্ববিদ্যালয়ত (Tampere University) ডক্টৰেট ডিগ্ৰীৰ বাবে অধ্যয়ন কৰাৰ সুযোগ পায়। বৰ্তমান তেওঁ তাত চিকিৎসা আৰু আণৱিক গৱেষণাৰ পিএইচ.ডি (Ph.D.) পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে।

অৱশ্যে এটা সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ পৰা অহাৰ বাবে বিদেশত উচ্চশিক্ষা গ্ৰহণ কৰাৰ সময়ত তেওঁ বহু আৰ্থিক আৰু শৈক্ষিক প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল। গৱেষণাৰ খৰচ, আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণৰ সুযোগ, সন্মিলনত অংশগ্ৰহণ আৰু থকা-খোৱাৰ খৰচ বহন কৰাৰ বাবে তেওঁ যথেষ্ট আৰ্থিক চাপৰ সন্মুখীন হৈছিল। ইয়াৰোপৰি এক উন্নত আন্তঃৰাষ্ট্ৰীয় গৱেষণা পৰিৱেশৰ সৈতে খাপ খাই পৰা আৰু বিশেষ প্ৰায়োগিক বা পৰীক্ষামূলক প্ৰশিক্ষণৰ সুযোগ লাভ কৰাৰ বাবেও নিৰন্তৰ প্ৰচেষ্টা আৰু অধ্যৱসায়ৰ প্ৰয়োজন আছিল।

চৰকাৰী আঁচনিৰ অধীনত প্ৰদান কৰা শিক্ষাগত আৰু গৱেষণা সম্পৰ্কীয় আৰ্থিক সাহাৰ্য্যই তেওঁৰ শৈক্ষিক যাত্ৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই সাহাৰ্য্যই গৱেষণা কাৰ্যসূচী, বৈজ্ঞানিক প্ৰশিক্ষণ আৰু শৈক্ষিক উন্নয়নৰ সৈতে জৰিত আৰ্থিক বোজা উল্লেখনীয়ভাৱে হ্ৰাস কৰিছে, যাৰ ফলত তেওঁ অধিক আত্মবিশ্বাস আৰু স্থিৰতাৰে নিজৰ ডক্টৰেট ডিগ্ৰীৰ অধ্যয়ন অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। নিজৰ শৈক্ষিক অন্বেষণৰ সমান্তৰালভাৱে এই সহায়ে তেওঁক গৱেষণাৰ দক্ষতা বৃদ্ধি কৰা, বৈজ্ঞানিক সহযোগিতাত অংশগ্ৰহণ কৰা আৰু উন্নত গৱেষণা সম্পৰ্কীয় সুযোগসমূহ লাভ কৰাত সহায় কৰিছে।

বৰ্তমান তেওঁ পৰীক্ষামূলক কেন্সাৰ গৱেষণা আৰু এনিমেল মডেল ডেভেলপমেণ্ট, মলিকুলাৰ চিলিং (আণৱিক সংকেত প্ৰেৰণ) আৰু গ্লিঅ’ব্লাষ্টোমা (glioblastoma) তথা মগজুৰ কৰ্কট ৰোগৰ সৈতে জৰিত অন্যান্য ব্যাধিৰ চিকিৎসা পদ্ধতি সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক প্ৰশিক্ষণৰ সৈতে সক্ৰিয়ভাৱে জৰিত হৈ আছে। এই সুযোগসমূহে তেওঁৰ গৱেষণাৰ দক্ষতাক অধিক শক্তিশালী কৰি তুলিছে আৰু তেওঁৰ শৈক্ষিক প্ৰগতিত অৰিহণা যোগাইছে।

আজি শ্ৰী অৰবিন্দ কুমাৰে এজন স্বতন্ত্ৰ গৱেষক হোৱাৰ আৰু ভাৰতৰ বৈজ্ঞানিক প্ৰগতিলৈ অৰিহণা যোগোৱাৰ লক্ষ্যৰ দিশে অগ্ৰসৰ হৈছে। ট্ৰেন্সলেচনেল মেডিকেল ছায়েন্স (প্ৰায়োগিক চিকিৎসা বিজ্ঞান), আণৱিক সংকেত প্ৰেৰণ আৰু ঔষধৰ বিকাশৰ প্ৰতি থকা তেওঁৰ গৱেষণাৰ আগ্ৰহে জটিল স্বাস্থ্য প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ অভিনৱ দৃষ্টিভংগী গ্ৰহণ কৰাৰ প্ৰতি থকা তেওঁৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। ই বৈজ্ঞানিক উদ্ভাৱন আৰু ৰাষ্ট্ৰীয় উন্নয়নত সাৰ্থকভাৱে অৰিহণা যোগাবলৈ আশাবাদী গৱেষকসকলৰ সবলীকৰণৰ ক্ষেত্ৰত শিক্ষাগত সমৰ্থনৰ ভূমিকাক আলোকপাত কৰে।

 

***

SS-173-TAR/KV/GA/RK


(ৰিলিজ আই ডি : 2334539) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी