সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় ফেল’শ্বিপ (NFSC) আঁচনিৰ জৰিয়তে শিক্ষা বিষয়ক সাহায্যৰ পৰা শৈক্ষিক উৎকৰ্ষতালৈ

পোষ্ট কৰা হৈছে: 09 NOV 2026 7:10PM by PIB Guwahati

ড° অমিত কুমাৰে (নাম পৰিৱৰ্তন কৰা হৈছে), বৰ্তমান তেওঁৰ পৰিয়ালৰ অৰ্থনৈতিক আৰু সামাজিক কল্যাণৰ ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। তেওঁৰ এই যাত্ৰাই প্ৰতিফলিত কৰে যে কিদৰে সঠিক সময়ত পোৱা আৰ্থিক আৰু শৈক্ষিক সহায়ৰ জৰিয়তে অৰ্থনৈতিকভাৱে পিছপৰা গ্ৰামীণ এলেকাৰ ছাত্ৰ-ছাত্ৰীসকলে বাধা-বিঘিনিসমূহ নেওচি উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু নিজৰ আশা-আকাংক্ষাক সাৰ্থক বৃত্তিমূলক সাফল্যলৈ ৰূপান্তৰিত কৰিব পাৰে।

৩৭ বছৰ বয়সত ড° অমিত কুমাৰে এজন সহকাৰী অধ্যাপক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। তেওঁৰ এই যাত্ৰা দৃঢ় সংকল্প আৰু অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে থকা ৰাষ্ট্ৰীয় ফেল’শ্বিপ (NFSC) আঁচনিৰ জৰিয়তে পোৱা সহায়ৰ ফলত সম্ভৱ হৈ উঠিছে। উচ্চ শিক্ষা গ্ৰহণৰ সময়ত তেওঁ আৰ্থিক, শৈক্ষিক আৰু সামাজিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। তেওঁৰ অভিজ্ঞতাই এই কথা স্পষ্ট কৰে যে কিদৰে ফেল’শ্বিপৰ সহায়ে আৰ্থিক বাধা দূৰ কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ শৈক্ষিক আৰু বৃত্তিমূলক আকাংক্ষা পূৰণৰ দিশত কাম কৰিবলৈ সক্ষম কৰে।

মানসম্পন্ন শিক্ষাৰ সীমিত সুযোগ, আৰ্থিক অস্থিৰতা, পৰিবহন ব্যৱস্থাৰ সীমাবদ্ধতা আৰু সীমিত সুযোগ-সুবিধাই তেওঁৰ শৈক্ষিক যাত্ৰাত ডাঙৰ বাধাৰ সৃষ্টি কৰিছিল। এই সকলোবোৰ প্ৰত্যাহ্বানৰ পিছতো তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ, আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ আৰু পৰিয়ালটোক সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আছিল।

তেওঁৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ টাৰ্নিং পইণ্ট বা পৰিৱৰ্তন আহিছিল সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ 'NFSC' আঁচনিৰ জৰিয়তে। এই আৰ্থিক সাহাৰ্য আৰু শৈক্ষিক সহায়ৰ বাবে তেওঁ কোনো ধৰণৰ অতিৰিক্ত আৰ্থিক মানসিক চাপ নোহোৱাকৈ উচ্চ শিক্ষা আৰু গৱেষণা চলাই যাবলৈ সক্ষম হৈছিল। ই তেওঁক গৱেষণা সম্পৰ্কীয় খৰচ বহন কৰাত, অধ্যয়নৰ সামগ্ৰী ক্ৰয় কৰাত আৰু অন্যান্য প্ৰয়োজনীয় শিক্ষাগত প্ৰয়োজনসমূহ পূৰণ কৰাত সহায় কৰিছিল।

২০২৪ চনত জুনিয়ৰ ৰিছাৰ্চ ফেল' (JRF) ৰ পৰা ছিনিয়ৰ ৰিছাৰ্চ ফেল' (SRF) লৈ পদোন্নতি হোৱাৰ পিছত তেওঁ চৰকাৰৰ পৰা প্ৰায় ৫০,০০০ টকাৰ অতিৰিক্ত আৰ্থিক সাহায্য লাভ কৰে। এই সাহাৰ্যই তেওঁৰ আৰ্থিক স্থিতি অধিক শক্তিশালী কৰে আৰু শৈক্ষিক কাৰ্যকলাপ চলাই নিয়াত সহায় কৰে। এই সাহাৰ্যই তেওঁৰ শৈক্ষিক আৰু বৃত্তিমূলক সুযোগ বৃদ্ধি কৰাত অৱদান যোগায়, যাৰ ফলত তেওঁ অধিক আৰ্থিক সুস্থিৰতাৰ দিশে অগ্ৰসৰ হ’ব পাৰে।

***

SS-171-TAR/KV/GA/RK


(ৰিলিজ আই ডি : 2334534) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी