পোষ্ট কৰা হৈছে:
06 NOV 2026 4:35PM by PIB Guwahati
কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডে (চিবিএফচি) সকলো চলচ্চিত্ৰ প্ৰযোজক, আবেদনকাৰী আৰু উদ্যোগৰ সংস্থাসমূহলৈ এক আনুষ্ঠানিক পৰামৰ্শৱলী (নং এম/২৩/২০২৬) জাৰি কৰিছে। ইয়াত চিনেমাট’গ্ৰাফ আইন, ১৯৫২ আৰু চিনেমাট’গ্ৰাফ (প্ৰমাণীকৰণ) নিয়মাৱলী, ২০২৪ৰ অধীনত বিধিবদ্ধ পদ্ধতিসমূহ কঠোৰভাৱে মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তলত উল্লেখ কৰা নিৰ্দেশনাসমূহ দিয়া হৈছে:
১. সম্পূৰ্ণ চূড়ান্ত সংস্কৰণ জমা দিয়াটো বাধ্যতামূলক: পৰীক্ষণ আৰু প্ৰমাণীকৰণৰ বাবে জমা দিয়া চলচ্চিত্ৰসমূহ সকলো দিশৰ পৰা সম্পূৰ্ণ, চূড়ান্ত আৰু পূৰ্ণাংগ ৰূপত হ’ব লাগিব। ইয়াৰ ভিতৰত চূড়ান্ত গ্ৰাফিক্স (শিৰোনাম, ক্ৰেডিট, উপশিৰোনাম, অস্বীকৃতিসূচক ঘোষণা, চেন্সৰ প্ৰমাণপত্ৰৰ স্লেট আদি), চূড়ান্ত বেকগ্ৰাউণ্ড স্ক’ৰ/সংগীত, শব্দৰ মিশ্ৰণ আৰু চূড়ান্ত ছবিগৃহত প্ৰদৰ্শন/প্ৰদৰ্শনীৰ সংস্কৰণৰ বাবে অভিপ্ৰেত সকলো সুলভতা-সম্পৰ্কীয় সুবিধা (যেনে—ক্ল’জড কেপচন, শ্ৰৱণ-প্ৰতিবন্ধীসকলৰ বাবে উপশিৰোনাম আৰু প্ৰযোজ্য ক্ষেত্ৰত অডিঅ’ বৰ্ণনা) অন্তৰ্ভুক্ত থাকিব লাগিব। কেৱল চিবিএফচিৰ দ্বাৰা যথাযথভাৱে প্ৰমাণীকৃত চলচ্চিত্ৰৰ সংস্কৰণহে ছবিগৃহত প্ৰদৰ্শন কৰিব পাৰিব।
২. চলচ্চিত্ৰৰ শিৰোনামক চূড়ান্ত বুলি গণ্য কৰা নহ’ব: প্ৰযোজক/আবেদনকাৰীয়ে আবেদনত উল্লেখ কৰা চলচ্চিত্ৰৰ শিৰোনাম (ট্ৰেইলাৰ, টিজাৰ বা প্ৰচাৰমূলক সামগ্ৰীৰ শিৰোনামকে ধৰি) কেৱল জমা দিয়া বা পঞ্জীয়ন কৰাৰ বাবেই চূড়ান্ত বা অনুমোদিত বুলি গণ্য কৰা নহ’ব। চিনেমাট’গ্ৰাফ আইন, ১৯৫২ৰ ৫বি(১) ধাৰাৰ অধীনত জাৰি কৰা নিৰ্দেশনা (সময়ে সময়ে সংশোধিত) আৰু চিনেমাট’গ্ৰাফ (প্ৰমাণীকৰণ) নিয়মাৱলী, ২০২৪ৰ ২৫ নং নিয়ম অনুসৰি পৰীক্ষণ সমিতি/পুনৰীক্ষণ সমিতিয়ে শিৰোনামটো পৰীক্ষা, পৰ্যালোচনা আৰু সংশোধন কৰিব পাৰিব। প্ৰযোজক/আবেদনকাৰীসকলক প্ৰমাণীকৰণ সম্পূৰ্ণ হোৱাৰ পূৰ্বে কোনো শিৰোনামক চূড়ান্ত বুলি প্ৰচাৰ বা ঘোষণা নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
৩. অসম্পূৰ্ণ/নিৰ্মাণাধীন প্ৰিণ্ট গ্ৰহণযোগ্য নহ’ব: অসম্পূৰ্ণ প্ৰিণ্ট, অস্থায়ী/স্থান পূৰণকাৰী গ্ৰাফিক্স, খচৰা বা অস্থায়ী স্ক’ৰ অথবা সুলভতা-সম্পৰ্কীয় উপাদান অনুপস্থিত থকা আবেদনসমূহ নিয়ম-অনুপালন নকৰা বুলি গণ্য কৰা হ’ব পাৰে। ইয়াৰ ফলত পলম, আবেদন ঘূৰাই দিয়া বা আবেদন নাকচ হ’ব পাৰে। সকলো প্ৰয়োজনীয় নথি যথাযথভাৱে জমা দিয়াৰ পাছত আৰু নিৰ্ধাৰিত সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পাছতহে এখন আবেদনক সম্পূৰ্ণ বুলি গণ্য কৰা হ’ব। যিদিনা আবেদনখন সম্পূৰ্ণ বুলি অনুমোদিত হ’ব, সেইদিনটোক আবেদন গ্ৰহণৰ তাৰিখ হিচাপে গণ্য কৰা হ’ব আৰু সেই অনুসৰি পৰীক্ষণৰ বাবে আবেদনখন শাৰীত ৰখা হ’ব।
৪. মুক্তিৰ তাৰিখ দ্ৰুত প্ৰক্ৰিয়াকৰণৰ ভিত্তি নহ’ব: কোনো চলচ্চিত্ৰৰ প্ৰস্তাৱিত বা ঘোষণা কৰা মুক্তিৰ তাৰিখ অথবা ট্ৰেইলাৰ/টিজাৰ মুকলিৰ তাৰিখ প্ৰমাণীকৰণৰ আবেদন প্ৰক্ৰিয়াকৰণৰ সময়ত বিবেচনা কৰা নহ’ব। প্ৰযোজক/আবেদনকাৰীয়ে নিৰ্ধাৰণ বা প্ৰচাৰ কৰা মুক্তিৰ তাৰিখ নিৰ্বিশেষে, প্ৰমাণীকৰণৰ কাম প্ৰচলিত আইন আৰু নিয়মাৱলীত নিৰ্ধাৰিত যথাযথ প্ৰক্ৰিয়া, পদ্ধতি আৰু সময়সীমা অনুসৰি সম্পন্ন কৰা হ’ব। পৰীক্ষণ, পৰ্যালোচনা আৰু প্ৰমাণীকৰণ (পৰীক্ষণ সমিতি/পুনৰীক্ষণ সমিতিয়ে নিৰ্দেশ দিয়া যিকোনো সংশোধন, কৰ্তন বা পৰিৱৰ্তনকে ধৰি) এক যথাযথ প্ৰক্ৰিয়া, যাৰ বাবে পৰ্যাপ্ত সময়ৰ প্ৰয়োজন। আবেদনকাৰীসকলে নিজে নিৰ্ধাৰণ কৰা মুক্তিৰ সময়সূচীৰ বাবে বিধিবদ্ধ বা প্ৰক্ৰিয়াগত সময়সীমা সংকুচিত কৰা হ’ব বুলি আশা কৰা উচিত নহয় আৰু এনে সময়সূচীৰ বাবে ব’ৰ্ড দায়বদ্ধ নহ’ব।
৫. আগতীয়াকৈ পৰিকল্পনা কৰাটো প্ৰয়োজনীয়: সকলো প্ৰযোজক/আবেদনকাৰীক অভিপ্ৰেত মুক্তিৰ তাৰিখৰ যথেষ্ট আগতেই আবেদন জমা দিবলৈ পৰামৰ্শ দিয়া হৈছে, যাতে পৰীক্ষণ, সমিতিৰ পৰ্যালোচনা আৰু ব’ৰ্ডে জাৰি কৰা যিকোনো নিৰ্দেশনা পালন কৰিবলৈ প্ৰয়োজনীয় সময়ৰ হিচাপ ৰাখিব পৰা যায়। সকলো আবেদনকাৰীক চিনেমাট’গ্ৰাফ আইন, ১৯৫২, চিনেমাট’গ্ৰাফ (প্ৰমাণীকৰণ) নিয়মাৱলী, ২০২৪ আৰু বলৱৎ থকা অন্যান্য প্ৰযোজ্য নিৰ্দেশনাৰ বিধানসমূহ কঠোৰভাৱে মানি চলাৰ লগতে সহযোগিতা আগবঢ়াবলৈ পৰামৰ্শ দিয়া হৈছে। এনে নিয়ম-অনুপালনে ব’ৰ্ডক নিজৰ বিধিবদ্ধ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰাত সহায় কৰাৰ লগতে দক্ষতাপূৰ্ণ আৰু সময়মতে প্ৰমাণীকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰাত সহায় কৰিব।
SM/AA