গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

নকল হলমাৰ্কযুক্ত সোণৰ গহনা বিক্ৰীৰ অভিযোগত বিজনীৰ গহনা দোকানত বিআইএছৰ অভিযান আৰু সামগ্ৰী জব্দ

পোষ্ট কৰা হৈছে: 06 NOV 2026 4:03PM by PIB Guwahati

বিআইএছ হলমাৰ্কৰ অপব্যৱহাৰৰ অভিযোগৰ ভিত্তিত ব্যুৰ’ অব্ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ চমুকৈ বিআইএছৰ গুৱাহাটী শাখা কাৰ্যালয়ে ২০২৬ চনৰ ৫ নৱেম্বৰত অসমৰ চিৰাং জিলাৰ বিজনীৰ পানবাৰী ৰোডত অৱস্থিত মেছাৰ্ছ মা কালী জুৱেলাৰীত এক তালাচী অভিযান চলায়।

অভিযানৰ সময়ত বিআইএছৰ দলটোৱে প্ৰতিষ্ঠানখন নকল বিআইএছ হলমাৰ্কযুক্ত সোণৰ আ-অলংকাৰ বিক্ৰীৰ সৈতে জড়িত থকাটো ধৰা পেলায়। দোকানখনৰ পৰা এনে ধৰণৰ প্ৰায় ২৪.৪২০ গ্ৰাম সোণৰ গহনা জব্দ কৰা হয়।

বিআইএছ গুৱাহাটী শাখা কাৰ্যালয়ৰ বিজ্ঞানী তথা সঞ্চালক আৰু মুৰব্বী শ্ৰীসৌভিক চন্দাই গ্ৰাহকসকলক সোণৰ প্ৰকৃত গুণগত মান আৰু বিশুদ্ধতা নিশ্চিত কৰিবলৈ বিআইএছ অনুজ্ঞাপ্ৰাপ্ত গহনা ব্যৱসায়ীৰ পৰা বৈধ ৬টা সংখ্যাযুক্ত হলমাৰ্ক ইউনিক আইডেণ্টিফিকেচন নম্বৰ চমুকৈ এইচইউআইডি সম্বলিত হলমাৰ্কযুক্ত সোণৰ গহনা ক্ৰয় কৰিবলৈ আহ্বান জনায়।

নকল বা ভুৱা হলমাৰ্কৰ ব্যৱহাৰ বিআইএছ আইন, ২০১৬-ৰ ব্যৱস্থাসমূহৰ এক গুৰুতৰ উলংঘন। গ্ৰাহকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আৰু সোণৰ বিশুদ্ধতা বজাই ৰাখিবলৈ ভাৰত চৰকাৰে অধিসূচিত জিলাসমূহত সোণৰ আ-অলংকাৰ আৰু শিল্পকৰ্মৰ হলমাৰ্কিং বাধ্যতামূলক কৰিছে। এটা প্ৰকৃত বিআইএছ হলমাৰ্কত তিনিটা অপৰিহাৰ্য উপাদান থাকে: বিআইএছ লগো, বিশুদ্ধতাৰ চিন আৰু এক অনন্য ৬টা সংখ্যা-আখৰযুক্ত এইচইউআইডি কোড। গ্ৰাহকসকলে বিআইএছ কেয়াৰ এপৰ জৰিয়তে হলমাৰ্কযুক্ত গহনাৰ প্ৰকৃত সত্যতা পৰীক্ষা কৰিব পাৰে।

বিআইএছ আইন, ২০১৬-ৰ ধাৰা ১৪(২) আৰু ১৫(৩)-ৰ অধীনত নিয়ম উলংঘনকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই আইনৰ অধীনত, নিয়ম উলংঘন কৰিলে এবছৰ পৰ্যন্ত কাৰাদণ্ড, অথবা অতি কমেও ১ লাখ টকা জৰিমনা— যি উৎপাদিত, বিক্ৰী কৰা, বিক্ৰীৰ বাবে প্ৰদৰ্শন কৰা বা হলমাৰ্ককে ধৰি মানক চিহ্ন প্ৰয়োগ কৰা সামগ্ৰী বা বস্তুৰ মূল্যৰ পাঁচগুণ পৰ্যন্ত বৃদ্ধি হ’ব পাৰে, নাইবা বিআইএছ আইন ২০২৬ অনুসৰি দুয়োটা দণ্ডৰে দণ্ডনীয় হ’ব পাৰে।

বিআইএছ আইন, ২০১৬ অনুসৰি, ১৪ নম্বৰ ধাৰাৰ উপ-ধাৰা (১)-ত অধিসূচিত সামগ্ৰী বা বস্তুবোৰ ব্যুৰোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত পৰীক্ষণ আৰু মাৰ্কিং কেন্দ্ৰৰ দ্বাৰা প্ৰাসংগিক মানৰ সৈতে সামঞ্জস্য পৰীক্ষা কৰাৰ পাছত আৰু নিয়মাৱলী অনুসৰি হলমাৰ্ক বা মানক চিহ্ন প্ৰয়োগ কৰাৰ পাছতহে ব্যুৰ’ৰ দ্বাৰা প্ৰমাণিত খুচুৰা প্ৰতিষ্ঠানসমূহৰ জৰিয়তে বিক্ৰী কৰিব পৰা যাব। কোনো প্ৰমাণিত গহনা ব্যৱসায়ী বা বিক্ৰেতাই— তেওঁক প্ৰমাণপত্ৰ প্ৰদান কৰা সত্ত্বেও— কোনো অধিসূচিত সামগ্ৰী বা বস্তু হলমাৰ্ককে ধৰি মানক চিহ্ন বা তাৰ কোনো নকল ৰূপেৰে বিক্ৰী, প্ৰদৰ্শন বা বিক্ৰীৰ প্ৰস্তাৱ দিব নোৱাৰিব, যেতিয়ালৈকে তেনে সামগ্ৰী বা বস্তুত নিয়মাৱলী অনুসৰি মানক চিহ্ন বা হলমাৰ্ক প্ৰয়োগ কৰা নহয় আৰু যেতিয়ালৈকে তেনে সামগ্ৰী বা বস্তু প্ৰাসংগিক মানৰ সৈতে মিলি নাযায়।

গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰা আৰু মানহীন তথা নকল সামগ্ৰীৰ বিক্ৰী ৰোধ কৰাৰ উদ্দেশ্যেৰে বিআইএছ আইন, ২০১৬ উলংঘনৰ তথ্য বা অভিযোগ লাভ কৰাৰ লগে লগে ব্যুৰ’ অব্ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছে নিয়মীয়াকৈ তালাচী আৰু জব্দ অভিযান চলাই আহিছে।

বিআইএছ প্ৰমাণপত্ৰ বা পঞ্জীয়ন অবিহনে বাধ্যতামূলক সামগ্ৰী বিক্ৰী কৰা, নাইবা আইএছআই মাৰ্ক বা বিআইএছ হলমাৰ্কৰ অপব্যৱহাৰৰ কোনো ঘটনা দৃষ্টিগোচৰ হ’লে সেই সন্দৰ্ভত অৱগত কৰিবলৈ বিআইএছে নাগৰিকসকললৈ আহ্বান জনাইছে। অভিযোগ আৰু তথ্য তলত দিয়া ঠিকনাত দাখিল কৰিব পাৰিব:

মুৰব্বী

গুৱাহাটী শাখা কাৰ্যালয়

দ্বিতীয় মহলা, ৱেষ্ট এণ্ড বিল্ডিং ব্লক,

হাউছফেড কমপ্লেক্স, দিছপুৰ,

গুৱাহাটী, অসম – ৭৮১০০৬।

ইমেইলৰ জৰিয়তেও অভিযোগ প্ৰেৰণ কৰিব পাৰিব: ghbo@bis.gov.in।

বিআইএছ-এ নিশ্চিত কৰিছে যে এনে তথ্য প্ৰদানকাৰী ব্যক্তিৰ পৰিচয় সম্পূৰ্ণ গোপন ৰখা হ’ব।

SS/MM


(ৰিলিজ আই ডি : 2333667) অতিথি কক্ষ : 34
ত এই ৰিলিজটো পঢ়ক: English