পোষ্ট কৰা হৈছে:
06 NOV 2026 1:12PM by PIB Guwahati
বিচাৰাধীন বিষয়সমূহ নিষ্পত্তি আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ অংশ হিচাপে ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অধীনত পৰ্যটন মন্ত্ৰালয়ে বিশেষ অভিযান ৬.০ সফলতাৰে সম্পন্ন কৰিছে। এই অভিযানৰ মূল উদ্দেশ্য হৈছে পৰিষ্কাৰ-পৰিচ্ছন্নতাক উৎসাহিত কৰা, প্ৰশাসনিক দক্ষতা বৃদ্ধি কৰা আৰু দীৰ্ঘদিন ধৰি বিচাৰাধীন হৈ থকা বিষয়সমূহ সময়মতে নিষ্পত্তি কৰাটো নিশ্চিত কৰা।
এই অভিযানত মন্ত্ৰালয়ৰ লগতে ইয়াৰ অধীনস্থ কাৰ্যালয় আৰু সংস্থাসমূহেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত ভাৰত পৰ্যটন (ঘৰুৱা) কাৰ্যালয়সমূহ, নেচনেল কাউন্সিল ফৰ হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং টেকন'লজি (NCHMCT), কেন্দ্ৰীয় হোটেল মেনেজমেণ্ট প্ৰতিষ্ঠানসমূহ (CIHMs), ভাৰতীয় ৰন্ধন কলা প্ৰতিষ্ঠানসমূহ (ICIs) আৰু অন্যান্য সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহ অন্তৰ্ভুক্ত আছিল।
বিশেষ অভিযান ৬.০ৰ অধীনত পৰ্যটন মন্ত্ৰালয়ে উল্লেখযোগ্য সাফল্য অৰ্জন কৰে আৰু নিৰ্ধাৰিত প্ৰাৰম্ভিক লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হয়। অভিযানৰ বাবে নিৰ্ধাৰণ কৰা ৫,৬৫৪টা লক্ষ্যৰ বিপৰীতে মুঠ ৭,১২৫টা সাফল্য নথিভুক্ত কৰা হয়।
এই অভিযানৰ ফলত ৬৩,৪৬১ বৰ্গফুট কাৰ্যালয়ৰ স্থান মুকলি কৰা হয় আৰু পেলনীয়া সামগ্ৰী নিষ্কাশনৰ জৰিয়তে ৬৮,০৫,৮৩৪ টকা ৰাজহ সংগ্ৰহ কৰা হয়।
নথি-পত্ৰৰ ব্যৱস্থাপনা সুশৃংখলিত কৰা আৰু প্ৰশাসনিক দক্ষতা বৃদ্ধি কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ৩,০০৬টা ভৌতিক ফাইল নিষ্পত্তি কৰা হয় আৰু ৩,৬৪৫য়া ইলেক্ট্ৰনিক ফাইল বন্ধ কৰা হয়।
পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কীয় কাৰ্যকলাপসমূহ এই অভিযানৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল। দেশজুৰি মুঠ ৩০২টা পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান/স্থান চিনাক্ত কৰা হৈছিল অথবা তাত এনে কাৰ্যকলাপ ৰূপায়ণ কৰা হৈছিল।
কেন্দ্ৰীয় হোটেল মেনেজমেণ্ট প্ৰতিষ্ঠানসমূহৰ (CIHMs) শিক্ষাৰ্থীসকল আৰু পৰ্যটন খণ্ডৰ অংশীদাৰসকলে প্ৰতিষ্ঠানৰ চৌহদ, চৰকাৰী কাৰ্যালয় আৰু পৰ্যটনস্থলীসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু চাফ-চিকুণতা বজাই ৰখাৰ কাৰ্যকলাপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
লগতে, ৰাজহুৱা স্থানসমূহৰ উন্নয়ন আৰু পুনৰুজ্জীৱিতকৰণৰ উদ্দেশ্যে বৃক্ষৰোপণ কাৰ্যসূচীও আয়োজন কৰা হয়। ইয়াৰ জৰিয়তে পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু বহনক্ষম পৰিৱেশ বজাই ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ অধিক অংশগ্ৰহণক উৎসাহিত কৰা হয়।
কাৰ্যকৰী নথি-পত্ৰ ব্যৱস্থাপনা, পুৰণি আৰু অব্যৱহৃত সামগ্ৰীৰ নিষ্পত্তি তথা কাৰ্যালয়ৰ স্থানৰ সৰ্বোত্তম ব্যৱহাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল। দায়িত্বশীল আৱৰ্জনা ব্যৱস্থাপনা আৰু কৰ্মক্ষেত্ৰসমূহ অধিক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ লক্ষ্যৰে এই অভিযানৰ অংশ হিচাপে ই-আৱৰ্জনাসমূহো চিনাক্ত, পৃথকীকৰণ আৰু নিষ্পত্তি কৰা হৈছিল।
বিভিন্ন ছ’চিয়েল মিডিয়া মঞ্চৰ জৰিয়তেও বিশেষ অভিযান ৬.০ সম্পৰ্কে সজাগতা সৃষ্টি কৰা হয়। ইয়াৰ জৰিয়তে মন্ত্ৰালয় আৰু ইয়াৰ সৈতে জড়িত সংস্থাসমূহে ৰূপায়ণ কৰা কাৰ্যকলাপ আৰু অৰ্জন কৰা সাফল্যসমূহৰ বিষয়ে প্ৰচাৰ কৰা হয়।
এই অভিযানৰ সফল সামৰণিয়ে সমগ্ৰ দেশতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰসাৰ, প্ৰশাসনিক দক্ষতা বৃদ্ধি আৰু অধিক পৰিষ্কাৰ-পৰিচ্ছন্ন ৰাজহুৱা স্থান তথা পৰ্যটনস্থলীসমূহ বজাই ৰখাৰ দিশত পৰ্যটন মন্ত্ৰালয়ৰ নিৰন্তৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।
RK/SD