ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনৰ শিল্পীসকলৰ বজাৰ প্ৰৱেশাধিকাৰ শক্তিশালী কৰাৰ লক্ষ্যৰে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে (MSME) TRIFED-ৰ সৈতে বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰে

ট্ৰাইফেডে (TRIFED) ট্ৰাইবছ ইণ্ডিয়া (Tribes India)ৰ খুচুৰা বিক্ৰী কেন্দ্ৰসমূহ আৰু অনলাইন বজাৰৰ জৰিয়তে পঞ্জীয়ন, দক্ষতা বিকাশ, সামগ্ৰীৰ প্ৰচাৰ আৰু বজাৰ প্ৰৱেশাধিকাৰ নিশ্চিত কৰাত সহায় কৰিব।

শিল্পীসকলৰ দ্বাৰা নিৰ্মিত সামগ্ৰীৰ প্ৰচাৰ আৰু দৃশ্যমানতা বৃদ্ধি কৰাৰ উদ্দেশ্যে “ট্ৰাইবছ ইণ্ডিয়া–প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা সংগ্ৰহ” (Tribes India–PM Vishwakarma Collection) গঢ়ি তোলাৰ বাবে সহযোগিতা।

পোষ্ট কৰা হৈছে: 05 NOV 2026 8:34PM by PIB Guwahati

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে (MSME) জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় জনজাতীয় সমবায় বিপণন উন্নয়ন ফেডাৰেচন (TRIFED)-ৰ সৈতে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত পঞ্জীয়নভুক্ত যোগ্য জনজাতীয় শিল্পীসকলৰ বজাৰ প্ৰৱেশাধিকাৰ শক্তিশালী কৰাৰ উদ্দেশ্যে এখন বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰে।
এমএছএমই মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব তথা উন্নয়ন আয়ুক্ত ড০ ৰাজনীশ; ট্ৰাইফেডৰ পৰিচালন সঞ্চালক শ্ৰী এম ৰাজা মুৰুগানৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত ইয়াৰ উপৰি শ্ৰী নীতিশ কুমাৰ, উপ-মহানিৰ্দেশক (DDG); এমএছএমই মন্ত্ৰালয়ৰ যুটীয়া উন্নয়ন আয়ুক্ত শ্ৰী দানিশ আশ্ৰাফ আৰু ট্ৰাইফেডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী প্ৰতীক সিং মীনাও উপস্থিত থাকে।

এই সহযোগিতাই এমএছএমই মন্ত্ৰালয়ৰ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ পৰিকাঠামো আৰু ট্ৰাইফেডৰ সুপ্ৰতিষ্ঠিত ট্ৰাইবছ ইণ্ডিয়া (Tribes India) বজাৰ ব্যৱস্থা তথা খুচুৰা বিক্ৰী কেন্দ্ৰসমূহৰ নেটৱৰ্কক একত্ৰিত কৰিছে।

১৭ ছেপ্টেম্বৰ ২০২৩ তাৰিখে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ লক্ষ্য হৈছে পৰম্পৰাগত শিল্পী আৰু কাৰিকৰসকলৰ দ্বাৰা নিৰ্মিত সামগ্ৰী আৰু প্ৰদান কৰা সেৱাসমূহৰ গুণগত মান উন্নত কৰাৰ লগতে সেইসমূহৰ প্ৰসাৰ বৃদ্ধি কৰা। এই আঁচনিয়ে এনে শিল্পীসকলক সহায় আগবঢ়ায়, যিসকলে পৰিয়াল আৰু অনানুষ্ঠানিক গোটসমূহৰ মাজত পৰম্পৰাগত গুৰু-শিষ্য পৰম্পৰাৰ জৰিয়তে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ নিজৰ দক্ষতা আহৰণ আৰু হস্তান্তৰ কৰি আহিছে।

বুজাবুজিৰ চুক্তিখনৰ (MoU) উদ্দেশ্যসমূহ:-

- এই বুজাবুজিৰ চুক্তিৰ অধীনত এমএছএমই মন্ত্ৰালয় আৰু ট্ৰাইফেডে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত পঞ্জীয়নভুক্ত যোগ্য জনজাতীয় শিল্পীসকলৰ দ্বাৰা নিৰ্মিত সামগ্ৰীৰ প্ৰদৰ্শন, প্ৰচাৰ আৰু বিক্ৰী সুনিশ্চিত কৰাৰ বাবে সহযোগিতা আগবঢ়াব। এই সহযোগিতাৰ পৰিসৰৰ ভিতৰত কাঠমিস্ত্ৰী, ধাতুৰ কাম কৰা শিল্পী, ভাস্কৰ, সোণাৰি, মৃৎশিল্পী, জোতা নিৰ্মাতা, পাচি, ঢাৰি আৰু ঝাড়ু নিৰ্মাতা, নাৰিকলৰ আঁহেৰে সামগ্ৰী বোৱা শিল্পী, পুতলা আৰু খেলনা সামগ্ৰী নিৰ্মাতা, মালা নিৰ্মাতা আদি সামগ্ৰীভিত্তিক বৃত্তিসমূহ অন্তৰ্ভুক্ত হ’ব।

- এমএছএমই মন্ত্ৰালয়ৰ দ্বাৰা মনোনীত যোগ্য জনজাতীয় শিল্পীসকলৰ পঞ্জীয়ন আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত ট্ৰাইফেডে সহায় আগবঢ়াব। লগতে, প্ৰযোজ্য পঞ্জীয়ন সম্পৰ্কীয় চৰ্ত আৰু নীতিসমূহৰ অধীনত ট্ৰাইবছ ইণ্ডিয়াৰ খুচুৰা বিক্ৰী কেন্দ্ৰসমূহৰ নেটৱৰ্ক আৰু ইয়াৰ অনলাইন বজাৰৰ জৰিয়তে তেওঁলোকক বজাৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰিব।

- অংশগ্ৰহণকাৰী জনজাতীয় শিল্পীসকলৰ দ্বাৰা নিৰ্মিত সামগ্ৰীসমূহ প্ৰস্তাৱিত “ট্ৰাইবছ ইণ্ডিয়া–প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা সংগ্ৰহ” (Tribes India–PM Vishwakarma Collection)-ৰ অধীনত ট্ৰাইবছ ইণ্ডিয়াৰ খুচুৰা বিক্ৰী কেন্দ্ৰসমূহৰ নেটৱৰ্ক আৰু tribesindia.com-ত প্ৰদৰ্শন কৰা হ’ব। অৱশ্যে, ইয়াৰ বাবে বিক্ৰেতাসকলৰ সন্মতি আৰু ট্ৰাইফেডৰ প্ৰযোজ্য নীতিসমূহ মানি চলাটো বাধ্যতামূলক হ’ব।

- বজাৰত বিক্ৰীৰ বাবে উপযোগী সামগ্ৰীসমূহৰ সংগ্ৰহ, গুণগত মান নিশ্চিতকৰণ আৰু পেকেজিং সম্পৰ্কীয় সহায় ট্ৰাইফেডে আগবঢ়াব। লগতে, উভয় পক্ষৰ দ্বাৰা চিনাক্ত কৰা বিক্ৰেতাসকলক প্ৰাৰম্ভিক পৰ্যায়ত সামগ্ৰীৰ ফটো তোলা আৰু তালিকাভুক্তকৰণৰ ক্ষেত্ৰতো সহায় আগবঢ়োৱাৰ বাবে ট্ৰাইফেডে এমএছএমই মন্ত্ৰালয়ৰ সৈতে সহযোগিতা কৰিব।

- বুজাবুজিৰ চুক্তিখনৰ বিধান আৰু প্ৰযোজ্য চৰ্তসমূহৰ অধীনত ট্ৰাইফেডে নিজৰ ই-বজাৰৰ জৰিয়তে চিনাক্ত কৰা জনজাতীয় বিশ্বকৰ্মাসকলৰ দ্বাৰা নিৰ্মিত সামগ্ৰীৰ প্ৰচাৰৰ ব্যৱস্থা কৰিব। লগতে, ইয়াৰ অধীনস্থ বিক্ৰী কেন্দ্ৰসমূহত এই সামগ্ৰীসমূহৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে নিৰ্দিষ্ট স্থানৰ ব্যৱস্থাও কৰিব।

- এমএছএমই মন্ত্ৰালয়ে সম্ভাৱ্য বিক্ৰেতাসকলক চিনাক্ত কৰি তেওঁলোকক সহায় আগবঢ়াব। লগতে, তেওঁলোকক tribesindia.com-ত বিভিন্ন শ্ৰেণীৰ সামগ্ৰী তালিকাভুক্ত কৰিবলৈ উৎসাহিত কৰিব, সজাগতা সৃষ্টিৰ বাবে কৰ্মশালাৰ আয়োজন কৰিব আৰু শিল্পীসকলৰ সৈতে ট্ৰাইফেডৰ মাজত সমন্বয় স্থাপনত সহায় কৰিব।

- ট্ৰাইফেডৰ সামগ্ৰীৰ সম্ভাৰত জনজাতীয় বস্ত্ৰ, ধাতুৰে নিৰ্মিত শিল্পসামগ্ৰী, বেত আৰু বাঁহৰ সামগ্ৰী, জৈৱিক খাদ্য, জনজাতীয় চিত্ৰকলা, অলংকাৰ আৰু মৃৎশিল্প আদি অন্তৰ্ভুক্ত আছে। আনহাতে, ইয়াৰ খুচুৰা বিক্ৰী কেন্দ্ৰসমূহত দেশৰ বিভিন্ন প্ৰান্তৰ জনজাতীয় সম্প্ৰদায়সমূহৰ দ্বাৰা নিৰ্মিত হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা হয়।

এই সহযোগিতাই প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত পঞ্জীয়নভুক্ত জনজাতীয় শিল্পীসকলৰ পৰম্পৰাগতভাৱে নিৰ্মিত সামগ্ৰীসমূহক ট্ৰাইবছ ইণ্ডিয়াৰ খুচুৰা বিক্ৰী আৰু ডিজিটেল বজাৰ নেটৱৰ্কৰ সৈতে সংযুক্ত কৰি তেওঁলোকৰ সামগ্ৰীৰ বজাৰভিত্তিক দৃশ্যমানতা আৰু প্ৰসাৰ বৃদ্ধিৰ দিশত  গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। ইয়াৰ জৰিয়তে সংশ্লিষ্ট দুয়োটা সংস্থাৰ প্ৰযোজ্য চৰ্ত আৰু নীতিসমূহ অনুসৰি অংশগ্ৰহণকাৰী শিল্পীসকলৰ সামগ্ৰীৰ উপস্থাপন, দক্ষতা বিকাশ আৰু বহল বজাৰ প্ৰৱেশাধিকাৰ লাভৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা হ’ব।



Sunil Kumar Tiwari/SD


(ৰিলিজ আই ডি : 2333482) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी