প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ তাৰ্কশে মৰিচাছৰ পৰ্ট লুই ভ্ৰমণ সমাপ্ত কৰিলে

পোষ্ট কৰা হৈছে: 05 NOV 2026 6:38PM by PIB Guwahati

আইএনএছ তাৰ্কশে ২০২৬ চনৰ ৩ নৱেম্বৰত মৰিচাছৰ পৰ্ট লুইলৈ কৰা ফলপ্ৰসূ আৰু আৱেগিক ভ্ৰমণৰ সামৰণি মাৰে।

কমাণ্ডিং অফিচাৰে গৃহ পৰিক্ৰমা দপ্তৰৰ সচিব শ্ৰীমতী কান অয় ফং আৰু মৰিচাছৰ আৰক্ষী আয়ুক্ত পিএমএছএম শ্ৰী ৰামপ্ৰসাদ ছুৰুজবালীক সাক্ষাৎ কৰে। আৰক্ষী আয়ুক্তগৰাকীয়ে জাহাজখন পৰিদৰ্শন কৰি জাহাজৰ কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰে।

জাহাজখনে ২০২৬ চনৰ প্ৰবাসী দিৱস উদ্‌যাপনৰ অংশ হিচাপে জাহাজৰ ভিতৰতে  সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ আয়োজন কৰে, য’ত মৰিচাছ চৰকাৰৰ শিক্ষা আৰু মানৱ সম্পদ মন্ত্ৰী মাননীয় ড° মহেন্দ্ৰ গুংগাপ্ৰসাদে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মৰিচাছত ভাৰতৰ উচ্চায়ুক্ত মহামান্য শ্ৰী অনুৰাগ শ্ৰীবাস্তৱ আৰু অন্যান্য বিশিষ্ট অতিথিসকল এই অনুষ্ঠানত উপস্থিত থাকে। জাহাজখনে ২০২৬ চনৰ ২ নৱেম্বৰত ১৯২ সংখ্যক প্ৰবাসী দিৱস উদযাপনৰ বিভিন্ন অনুষ্ঠানতো অংশগ্ৰহণ কৰে।

জাহাজখনৰ কৰ্মচাৰীসকলে মৰিচাছ উপকূলৰক্ষী বাহিনীৰ জোৱানসকলক ক্ৰছ-ট্ৰেইনিং প্ৰদান কৰাৰ লগতে ‘হচপিচ ছেইণ্ট জিন ডি ডিউ’ত  জনসম্পৰ্ক অভিযান গ্ৰহণ কৰে। এই ব্যস্ততাপূৰ্ণ ভ্ৰমণৰ অন্তত জাহাজখনে চিজিএছ ভেলিয়েণ্টৰ সৈতে এক পাচেক্সত অংশগ্ৰহণ কৰে আৰু ডৰ্নিয়াৰ বিমানৰ সহযোগত মৰিচাছ উপকূলৰক্ষী বাহিনীৰ সৈতে যুটীয়া ইইজেড নিৰীক্ষণ সম্পন্ন কৰে।

আইএনএছ তাৰ্কশে এতিয়া পৰৱৰ্তী পৰ্যায়ৰ অভিযানমূলক দায়িত্বৰ দিশে আগবাঢ়িছে।

এই বন্দৰ ভ্ৰমণে দুয়োখন দেশৰ মাজৰ দীৰ্ঘদিনীয়া সামুদ্ৰিক অংশীদাৰিত্ব আৰু শক্তিশালী দ্বিপাক্ষিক সম্পৰ্কক পুনৰ সুদৃঢ় কৰি তুলিছে।

*****

VM/AS/MM


(ৰিলিজ আই ডি : 2333374) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी