সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক ডিজিটেল ৰূপত সংৰক্ষণ আৰু বিশ্বৰ আগত প্ৰচাৰ কৰাৰ লক্ষ্যৰে গুগল আৰ্টছ এণ্ড কালচাৰৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিলে সংস্কৃতি মন্ত্ৰালয়ে

পোষ্ট কৰা হৈছে: 05 NOV 2026 7:33PM by PIB Guwahati

ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ে আজি গুগল আৰ্টছ এণ্ড কালচাৰৰ সৈতে এখন বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰে। অত্যাধুনিক ডিজিটেল সঁজুলিৰ জৰিয়তে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে এই চুক্তি স্বাক্ষৰ কৰা হয়।
সংস্কৃতি মন্ত্ৰালয়ৰ সচিব শ্ৰী বিবেক আগৰৱাল আৰু গুগল আৰ্টছ এণ্ড কালচাৰৰ উপ-সভাপতি তথা প্ৰতিষ্ঠাপক শ্ৰী অমিত সুদৰ উপস্থিতিত অনুষ্ঠিত  ভাৰ্চুৱেল অনুষ্ঠানত এই বুজাবুজিৰ চুক্তিখন স্বাক্ষৰিত হয়।

এই অংশীদাৰিত্বৰ জৰিয়তে ভাৰতৰ সভ্যতাগত বৈচিত্ৰ্য আৰু ব্যাপ্তি প্ৰতিফলিত হ’ব। ইয়াৰ ভিতৰত থাকিব ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ (ASI) দ্বাৰা সংৰক্ষিত কীৰ্তিচিহ্ন আৰু প্ৰত্নতাত্ত্বিক স্থানসমূহ তথা সেইসমূহত সংৰক্ষিত সংগ্ৰহ, ৰাষ্ট্ৰীয় সংগ্ৰহালয়সমূহৰ সংগ্ৰহ, জ্ঞান ভাৰতমৰ অধীনত নথিভুক্ত কৰা পাণ্ডুলিপিৰ ঐতিহ্য, লগতে সমগ্ৰ দেশতে মন্ত্ৰালয়ৰ বিভিন্ন প্ৰতিষ্ঠানে সংৰক্ষণ আৰু প্ৰসাৰ কৰি অহা হস্তশিল্প, পৰিৱেশন কলা আৰু জীৱন্ত পৰম্পৰাসমূহ।

ইয়াৰ কেন্দ্ৰবিন্দু হৈছে ‘যুগে যুগীন ভাৰত সংগ্ৰহালয়’, যিটো নতুন দিল্লীৰ নৰ্থ ব্লক আৰু ছাউথ ব্লকত ভাৰতৰ ইতিহাসৰ বিভিন্ন যুগৰ কাহিনী সামৰি লোৱা এটা সংগ্ৰহালয় হিচাপে গঢ়ি তোলা হৈছে। ইয়াৰ ডিজিটাইজেচনে ভৱনসমূহ আৰু তাত সংৰক্ষিত হ’বলগীয়া মূল্যৱান প্ৰত্নবস্তুসমূহৰ এটা স্থায়ী তথ্যভাণ্ডাৰ সৃষ্টি কৰিব। লগতে, আমাৰ সময়ৰ অন্যতম গুৰুত্বপূৰ্ণ সাংস্কৃতিক উদ্যোগৰ বিষয়ে জনসাধাৰণক আগতীয়াকৈ  আভাস প্ৰদান কৰিব।

এই বুজাবুজিৰ চুক্তিখন হৈছে সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি সহজলভ্যতা বৃদ্ধি আৰু ডিজিটেল পদক্ষেপসমূহৰ সম্প্ৰসাৰণৰ বাবে মন্ত্ৰালয়ে গ্ৰহণ কৰা বৃহত্তৰ প্ৰচেষ্টাৰ  অংশ। ইয়াৰ জৰিয়তে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য ভাৰতীয় ভাষাসমূহত আৰু যিকোনো ডিজিটেল ডিভাইচৰ জৰিয়তে অন্বেষণ কৰাৰ সুবিধা প্ৰদান কৰা হ’ব।
ই মন্ত্ৰালয়ৰ  সামগ্ৰিক দৃষ্টিভংগীৰ প্ৰতিফলন, য’ত সংৰক্ষণ, জনসাধাৰণৰ বাবে সহজলভ্যতা আৰু ভাৰতৰ সৃষ্টিশীল অৰ্থনীতিৰ বিকাশ একেলগে আগবাঢ়িব। ইয়াৰ বাবে বিভিন্ন পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহৰ লগতে বিভিন্ন খণ্ডৰ অংশীদাৰসকলৰ সহযোগিতা গ্ৰহণ কৰা হ’ব।

এই অংশীদাৰিত্ব সন্দৰ্ভত মন্তব্য কৰি সংস্কৃতি মন্ত্ৰালয়ৰ সচিব শ্ৰী বিবেক আগৰৱালে কয়, “ভাৰতৰ সাংস্কৃতিক ঐতিহ্য হৈছে এটা জীৱন্ত উত্তৰাধিকাৰ। ই প্ৰতিগৰাকী নাগৰিকৰ সম্পদ আৰু সমগ্ৰ বিশ্বৰ সৈতে ইয়াৰ  গভীৰ সম্পৰ্ক আছে। গুগল আৰ্টছ এণ্ড কালচাৰৰ সৈতে আমাৰ এই অংশীদাৰিত্বই প্ৰাচীন পাণ্ডুলিপি আৰু কীৰ্তিচিহ্নৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় সংগ্ৰহালয়সমূহৰ সংগ্ৰহ আৰু নিৰ্মাণৰত যুগে যুগীন ভাৰত সংগ্ৰহালয়লৈকে আমাৰ এই ঐতিহ্যৰ নথিভুক্তকৰণ, সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ নিশ্চিত কৰিব।
এই অমূল্য সম্পদসমূহ ভাৰতীয় ভাষাসমূহত উপলব্ধ কৰাৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰ্শকৰ বাবে মুকলি কৰি দিয়াৰ জৰিয়তে আমি অধিক সংখ্যক লোকক ভাৰতীয় সভ্যতাৰ ইতিহাসৰ সৈতে পৰিচিত কৰি তুলিবলৈ আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এই ঐতিহ্য সুৰক্ষিত কৰি ৰাখিবলৈ আশাবাদী।”

গুগল আৰ্টছ এণ্ড কালচাৰৰ সৈতে সংস্কৃতি মন্ত্ৰালয়ৰ অধীনস্থ বিভিন্ন প্ৰতিষ্ঠানৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। ইয়াৰ ভিতৰত ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগ (ASI), ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু ৰাষ্ট্ৰীয় আধুনিক কলা গেলেৰী (NGMA) অন্যতম। বিগত বছৰসমূহত এই প্ৰতিষ্ঠানসমূহৰ সংগ্ৰহসমূহ অধিক সংখ্যক দৰ্শকৰ মাজলৈ লৈ যোৱাত গুগল আৰ্টছ এণ্ড কালচাৰে সহায় কৰি আহিছে।

গুগল আৰ্টছ এণ্ড কালচাৰৰ উপ-সভাপতি তথা প্ৰতিষ্ঠাপক শ্ৰী অমিত সুদে কয়, “বিগত ১৫ বছৰ ধৰি ভাৰতৰ সহস্ৰাব্দজোৰা কাহিনী কোৱাৰ পৰম্পৰা, কলাত্মক নিপুণতা আৰু বিশাল সাংস্কৃতিক ঐতিহ্যই গুগল আৰ্টছ এণ্ড কালচাৰক গভীৰভাৱে অনুপ্ৰাণিত কৰি আহিছে। সংস্কৃতি মন্ত্ৰালয়ৰ সৈতে আমাৰ এই অংশীদাৰিত্বই অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত ভাৰতৰ চিৰন্তন ঐতিহ্যসমূহ সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ উমৈহতীয়া প্ৰতিশ্ৰুতিৰ প্ৰতিফলন ঘটাইছে।
যুগে যুগীন ভাৰত সংগ্ৰহালয়ৰ পৰিকল্পনাক সহযোগিতা আগবঢ়োৱাৰ পৰা আৰম্ভ কৰি ঐতিহাসিক পাণ্ডুলিপিসমূহ সংৰক্ষণ কৰালৈকে, প্ৰাচীন ঐতিহ্য আৰু আধুনিক প্ৰযুক্তিৰ মাজত সংযোগ স্থাপন কৰি এই সংগ্ৰহসমূহ সকলোৰে বাবে বিনামূলীয়াকৈ উপলব্ধ কৰাৰ উদ্দেশ্যে আমাৰ প্ৰযুক্তি ব্যৱহাৰৰ সুযোগ লাভ কৰি আমি সন্মানিত অনুভৱ কৰিছোঁ। ইয়াৰ জৰিয়তে বিশ্বৰ সকলো প্ৰান্তৰ অনুসন্ধিৎসু লোকক জ্ঞান প্ৰদান, অনুপ্ৰাণিত আৰু আনন্দিত কৰাৰ লক্ষ্য লোৱা হৈছে।”

এই বুজাবুজিৰ চুক্তিয়ে ভাৰতৰ সভ্যতাগত ঐতিহ্য সংৰক্ষণ, দীৰ্ঘস্থায়ী অংশীদাৰিত্বৰ জৰিয়তে দেশৰ সৃষ্টিশীল অৰ্থনীতিক আগবঢ়াই নিয়া আৰু দেশৰ ভিতৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তত সৰ্বাধিক সংখ্যক লোকৰ মাজত ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰিছে।

 


M. Annadurai/SD


(ৰিলিজ আই ডি : 2333372) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी