পোষ্ট কৰা হৈছে:
04 NOV 2026 6:05PM by PIB Guwahati
দিল্লী-এনচিআৰৰ বাহিৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ৰাষ্ট্ৰীয় সৰস মেলাখন ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ উদ্যোগত আৰু অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ সহযোগত অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াৰ পুন্নামি ঘাটত শেহতীয়াকৈ সফলতাৰে সামৰণি পৰে। এই মেলাত ৩০খনতকৈও অধিক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আত্মসহায়ক গোট (SHG) আৰু লাখপতি বাইদেউ পৰিয়ালৰ প্ৰায় ১,৫০০গৰাকী মহিলা উদ্যমীয়ে অংশগ্ৰহণ কৰে। ৬০০খন বিপণীৰ জৰিয়তে তেওঁলোকে নিজৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰে আৰু প্ৰতিদিনে গড়ে ৪৫,০০০ৰ পৰা ৫০,০০০ পৰ্যন্ত দৰ্শনাৰ্থীক আদৰণি জনায়।
ভাৰতৰ ৰাষ্ট্ৰপতি মাননীয়া শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰথম ৰাষ্ট্ৰীয় সৰস মেলাত উপস্থিত থাকি ২০২৬ চনৰ ১৫ অক্টোবৰত মেলাখন উদ্বোধন কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতিগৰাকীয়ে সৰস মেলাৰ বিপণীসমূহ পৰিদৰ্শন কৰাৰ লগতে লাখপতি বাইদেউসকলৰ সৈতে মত বিনিময় কৰে। মহিলা উদ্যমিতাৰ উৎসাহজনক বৃদ্ধিৰ সমান্তৰালভাৱে গ্ৰাম্য মহিলাসকলৰ অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰতো অংশগ্ৰহণ বৃদ্ধি পোৱা দেখি তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।
এনআইআৰডিপিআৰ (NIRDPR) আৰু কুডুম্বশ্ৰীৰ (Kudumbashree) সহযোগত আয়োজিত এই মেলাত অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী এছ. আব্দুল নাজিৰ, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন. চন্দ্ৰবাবু নাইডু আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, শ্ৰী কে. ৰামমোহন নাইডু তথা গ্ৰামোন্নয়ন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড° পেম্মাছানি চন্দ্ৰশেখৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি অনুষ্ঠানৰ শোভা বৃদ্ধি কৰে।
প্ৰথম ৰাষ্ট্ৰীয় সৰস মেলাই গ্ৰাম্য মহিলাসকলক হস্ততাঁত, হস্তশিল্প, প্ৰাকৃতিক খাদ্যসামগ্ৰী আৰু আঞ্চলিক খাদ্যসম্ভাৰ প্ৰদৰ্শনৰ বাবে এখন ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰে। ইয়াৰ জৰিয়তে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘ভোকেল ফৰ লোকেল’ (স্থানীয় সামগ্ৰীৰ প্ৰসাৰ আৰু ব্যৱহাৰ) আহ্বানক আগুৱাই নিয়াৰ প্ৰয়াস কৰা হৈছে।
ইয়াৰ উপৰি, দীনদয়াল অন্ত্যোদয় যোজনা–ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান (DAY-NRLM)-ৰ অধীনত ২০২৯ চনৰ ভিতৰত ছয় কোটি লাখপতি বাইদেউ গঢ়ি তোলাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ লক্ষ্য বাস্তৱায়নৰ দিশতো এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ। এই অভিযানৰ মূল লক্ষ্য হৈছে আত্মসহায়ক গোটৰ (SHG) সৈতে জড়িত মহিলাসকলক দক্ষতা বিকাশ, আৰ্থিক সাহায্য, বজাৰৰ সুবিধা আৰু উদ্যমিতাৰ সুযোগ প্ৰদানৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ ব্যাপক পৰিৱৰ্তন সাধন কৰা।
মেলাখনৰ সন্দৰ্ভত মন্তব্য কৰি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে প্ৰযুক্তিৰ ব্যৱহাৰ আৰু উন্নত বিপণন ব্যৱস্থাৰ জৰিয়তে মহিলাসকলৰ আৰ্থিক স্বাৱলম্বিতা শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰি আছে। তেওঁ লগতে উল্লেখ কৰে যে আত্মসহায়ক গোটৰ (SHG) উৎপাদিত সামগ্ৰীৰ প্ৰসাৰৰ ক্ষেত্ৰত অন্ধ্ৰপ্ৰদেশে গ্ৰহণ কৰা আৰ্হি, বিশেষকৈ শ্বী মাৰ্টছ (SHE Marts) আৰু স্বয়ম অন্ধ্ৰ (Swayam Andhra) ব্ৰেণ্ডৰ দৰে পদক্ষেপসমূহ অধিক সম্প্ৰসাৰিত কৰি সমগ্ৰ দেশতে ব্যাপকভাৱে ৰূপায়ণ কৰা হ’ব।
অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন. চন্দ্ৰবাবু নাইডুৱে মহিলাসকলক কেৱল কৰ্মসংস্থাপন বিচৰাৰ পৰিৱৰ্তে আনৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা উদ্যমী হিচাপে আত্মপ্ৰকাশ কৰিবলৈ আহ্বান জনায়। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই অনুষ্ঠান কেৱল কেইবাসপ্তাহো ধৰি চলা এখন প্ৰদৰ্শনীতে সীমাবদ্ধ থাকিব নালাগে, বৰঞ্চ গ্ৰাম্য মহিলাসকলে উৎপাদন কৰা সামগ্ৰীৰ বাবে গোটেই বছৰজুৰি বজাৰৰ সুযোগ সৃষ্টি কৰাৰ পথ প্ৰশস্ত কৰিব লাগে।
মেলাখনৰ সময়ছোৱাত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদৱ, ভাৰতত চীনৰ ৰাষ্ট্ৰদূত মাননীয় শ্ৰী ছু ফেইহং আৰু তেওঁৰ প্ৰতিনিধি দলকে ধৰি আন বিশিষ্ট ব্যক্তিসকলেও মেলাৰ বিপণীসমূহ পৰিদৰ্শন কৰে। তেওঁলোকে উদ্যমীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে গ্ৰাম্য কাৰিকৰসকলে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী ক্ৰয় কৰে।
মেলাখনত মুঠ বিক্ৰীৰ পৰিমাণ ১২.৮ কোটি টকাতকৈও অধিক হয়। ৫০খন বিপণীৰে গঠিত সৰস শক্তি খাদ্য বিপণীসমূহত ১.৯ কোটি টকাতকৈও অধিক বিক্ৰী হয়। মুঠ বিক্ৰীৰ ৭৫ শতাংশই হস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰীৰ পৰা আহে। মেলাখনত সৰ্বাধিক বিক্ৰী কৰা বিপণীখনে মুঠ ১৫.৬ লাখ টকাৰ সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হয়।মেলাৰ অন্তিম দিনকেইটাত ঘূৰ্ণীবতাহ ‘অৰ্ণব’ৰ প্ৰভাৱত বিজয়ৱাড়াত প্ৰতিকূল বতৰৰ বাবে ২৮ আৰু ২৯ অক্টোবৰত সাময়িকভাৱে মেলাখন বন্ধ ৰাখিবলগীয়া হয়। বেয়া বতৰ আৰু যাতায়াত ব্যৱস্থাত ব্যাঘাতৰ সৃষ্টি হোৱাৰ পিছতো ৰাজ্য প্ৰশাসন আৰু আয়োজকসকলে দৰ্শনাৰ্থী আৰু অংশগ্ৰহণকাৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে মেলাৰ কাম-কাজ সুচাৰুৰূপে চলাই নিয়াৰ ব্যৱস্থা কৰে।ইয়াৰ ফলত প্ৰথম ৰাষ্ট্ৰীয় সৰস মেলাখনে সামৰণি পৰ্যন্ত বিজয়ৱাড়াত বিশেষ চৰ্চা লাভ কৰে আৰু মুঠ ১২ লাখতকৈও অধিক দৰ্শনাৰ্থীৰ সমাগমেৰে সফলতাৰে সামৰণি পৰে।
সমাপ্তি অনুষ্ঠানৰ আৰম্ভণিতে এনআইআৰডিপিআৰৰ সহকাৰী সঞ্চালক শ্ৰী চিৰঞ্জী লালে আদৰণী ভাষণ প্ৰদান কৰে। বিজয়ৱাড়াৰ এনটিআৰ জিলাৰ জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ ড° জি. লক্ষ্মীশা আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়, অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ এছইআৰপি (SERP) আৰু এনআইআৰডিআইপিৰ বিশিষ্ট বিষয়াসকলে হস্ততাঁত, হস্তশিল্প, প্ৰাকৃতিক খাদ্যসামগ্ৰী আৰু খাদ্য প্ৰস্তুতিৰ প্ৰত্যক্ষ প্ৰদৰ্শন শিতানত আত্মসহায়ক গোটসমূহক বঁটা প্ৰদান কৰে।ইয়াৰ উপৰি, সামগ্ৰীৰ গুণগত মান আৰু পেকেজিং, বিপণীৰ নক্সা আৰু ব্ৰেণ্ডিং, গ্ৰাহকৰ সৈতে সম্পৰ্ক স্থাপন, সামগ্ৰীৰ উদ্ভাৱন, প্ৰদৰ্শন তথা সামাজিক মাধ্যমত উপস্থিতিৰ ক্ষেত্ৰতো বিভিন্ন বঁটা প্ৰদান কৰা হয়।মেলাখন সফলতাৰে অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়োৱা ৰাজ্যিক ন’ডেল বিষয়া, জিলা সমন্বয়ক, জিলা প্ৰশাসন তথা এছইআৰপি (SERP), এনআইআৰডিপিআৰ (NIRDPR) আৰু কুডুম্বশ্ৰীৰ দলসমূহকো বঁটাৰে সন্মানিত কৰা হয়।
মেলাৰ বিপণীসমূহে মহিলা উদ্যমীসকলক সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ, গুণগত মানৰ প্ৰত্যাশা, পেকেজিং আৰু গ্ৰাহকৰ পছন্দ-অপছন্দৰ বিষয়ে বুজি পোৱাৰ সুযোগ প্ৰদান কৰে। এই মেলাত ১০টা কৃষক উৎপাদক সংস্থা (Farmer Producer Organisations) আৰু ১৫টা ক্লাষ্টাৰ পৰ্যায়ৰ ফেডাৰেচনেও অংশগ্ৰহণ কৰে।
মেলাত স্থাপন কৰা বিশেষ ‘লাখপতি বাইদেউ পেভিলিয়ন’ত ২১গৰাকী গ্ৰাম্য মহিলা উদ্যমীৰ লগতে তেওঁলোকৰ উদ্যোগ গঢ়ি তোলাৰ সফল যাত্ৰা প্ৰদৰ্শন কৰা হয়। ইয়াৰ ভিতৰত ১১গৰাকী লাখপতি বাইদেউৰ বাৰ্ষিক ব্যৱসায়িক লেনদেনৰ পৰিমাণ ৫০ লাখৰ পৰা ১ কোটি টকাৰ ভিতৰত।
লাখপতি বাইদেউ হৈছে আত্মসহায়ক গোটৰ (SHG) এনে মহিলা সদস্য, যিসকলৰ পৰিয়ালে বছৰি কমেও ১ লাখ টকাৰ বহনক্ষম উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
এই মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ লাখপতি বাইদেউসকলৰ সফলতাৰ কাহিনীয়ে বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰে। তেনে এগৰাকী প্ৰেৰণাদায়ক মহিলা উদ্যমী হৈছে তিৰুপতিৰ লোটাছ আত্মসহায়ক গোটৰ (SHG) শ্ৰীমতী চন্দ্ৰকলা। ২০০৭ চনত স্বামীৰ মৃত্যুৰ পিছত তেওঁ পৰিয়ালৰ কাঠৰ খোদাই শিল্পৰ ব্যৱসায়ৰ দায়িত্ব গ্ৰহণ কৰে। বৰ্তমান তেওঁৰ উদ্যোগৰ বাৰ্ষিক ব্যৱসায়িক লেনদেনৰ পৰিমাণ ১ কোটি টকাতকৈও অধিক।
একেদৰে, উত্তৰ গোৱাৰ মহামায়া আত্মসহায়ক গোটৰ শ্ৰীমতী সিদ্ধিয়েও নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছে। ইনষ্টাগ্ৰামৰ জৰিয়তে তেওঁ পৰম্পৰাগত সাজ-পোছাকৰ বাবে বিদেশৰ পৰাও অৰ্ডাৰ লাভ কৰিছে। বৰ্তমান তেওঁৰ উদ্যোগৰ বাৰ্ষিক ব্যৱসায়িক লেনদেনৰ পৰিমাণ ৬০ লাখ টকাতকৈও অধিক।
দৈনিক বিক্ৰী আৰু ক্ৰেতাসকলৰ সৈতে মত বিনিময়ৰ সমান্তৰালভাৱে, ‘শিক্ষণ আৰু জ্ঞান পেভিলিয়ন’ত বিভিন্ন প্ৰতিষ্ঠান আৰু কৰ্প’ৰেট সংস্থাৰ প্ৰতিনিধিসকলে উদ্যোগৰ বিকাশৰ সন্দৰ্ভত মত বিনিময়মূলক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। লাখপতি বাইদেউসকলৰ বাবে ৫০টাতকৈও অধিক প্ৰশিক্ষণ অধিৱেশনৰ আয়োজন কৰা হয়। এই অধিৱেশনসমূহত আত্মসহায়ক গোটৰ (SHG) উদ্যোগসমূহৰ সামগ্ৰী উপস্থাপন, বিত্তীয় ব্যৱস্থাপনা আৰু ডিজিটেল সঁজুলিৰ ব্যৱহাৰৰ বিষয়ে পৰামৰ্শ আগবঢ়োৱা হয়।
এনআইআৰডিপিআৰে (NIRDPR) আত্মসহায়ক গোটৰ উদ্যোগসমূহৰ ব্ৰেণ্ডিং, সামগ্ৰীৰ নক্সা আৰু পেকেজিং তথা ৰপ্তানি বিপণনত গুৰুত্ব আৰোপ কৰে। আনহাতে, নাবাৰ্ডে (NABARD) বিত্তীয় সাহায্যৰ জৰিয়তে আত্মসহায়ক গোটৰ উদ্যোগসমূহৰ সম্প্ৰসাৰণৰ বিষয়ত আলোকপাত কৰে।
ইউনিচেফে (UNICEF) ক্ষুদ্ৰ উদ্যোগ আৰম্ভ আৰু পৰিচালনাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰৰ লগতে বিত্তীয় সাক্ষৰতা সন্দৰ্ভত ডিজিটেল পাঠ্যক্ৰমৰ পৰিচয় কৰাই দিয়ে। ‘কম্পিউটাৰ দিদি’ আৰু ‘দিদি কি দোকান’ উদ্যোগৰ উদাহৰণৰ জৰিয়তে এই ডিজিটেল সঁজুলিসমূহে কেনেদৰে ক্ষুদ্ৰ ব্যৱসায়সমূহৰ বিকাশত সহায় কৰিব পাৰে, সেই বিষয়ে ব্যাখ্যা কৰা হয়।
‘মীট এণ্ড গ্ৰীট পেভিলিয়ন’ত আয়োজিত ১০টা সুপৰিকল্পিত ক্ৰেতা-বিক্ৰেতা বৈঠকৰ জৰিয়তে মহিলা উদ্যমীসকলক কৰ্প’ৰেট প্ৰতিষ্ঠানৰ ক্ৰয় ব্যৱস্থা আৰু খুচুৰা বিক্ৰী ব্যৱস্থাৰ সৈতে সংযোগ স্থাপন কৰা হয়। এই বৈঠকসমূহত ফেবইণ্ডিয়া (Fabindia) আৰু এইচচিএল ফাউণ্ডেচনৰ ‘মাই ই-হাট’ (My e-Haat)-ৰ প্ৰতিনিধি দলেও অংশগ্ৰহণ কৰে। ইয়াৰ ফলত প্ৰদৰ্শনীখনৰ পৰিসৰৰ বাহিৰতো ব্যৱসায়িক সম্পৰ্ক গঢ়ি তোলা আৰু দীৰ্ঘম্যাদী বজাৰ সংযোগ স্থাপনৰ নতুন সুযোগ সৃষ্টি হয়।
‘কনভাৰ্জেন্স পেভিলিয়ন’ত এমএছএমই (MSME), বস্ত্ৰশিল্প, কৃষি আৰু জনজাতি পৰিক্ৰমাকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ২০টা বিভাগক একত্ৰিত কৰা হয়। ইয়াৰ জৰিয়তে মহিলা উদ্যমীসকলক আনুষ্ঠানিক ঋণৰ সুবিধা, উদ্যম পঞ্জীয়ন আৰু বিধিগত প্ৰমাণপত্ৰ লাভৰ ক্ষেত্ৰত সহায় কৰা হয়।
ডিজিটেল সহায়তা কেন্দ্ৰসমূহৰ জৰিয়তে ডিজিটেল লেনদেনৰ সুবিধা প্ৰদান কৰা হয় আৰু ১০০ শতাংশ ইউপিআই (UPI) ব্যৱহাৰ নিশ্চিত কৰা হয়। লগতে চৰকাৰী ই-মাৰ্কেটপ্লেচ (GeM), ফ্লিপকাৰ্ট সমৰ্থ (Flipkart Samarth) আৰু মিশ্ব’ (Meesho)-ত উদ্যমীসকলৰ পঞ্জীয়নৰ ব্যৱস্থা কৰা হয়। ইয়াৰ ফলত গ্ৰাম্য উদ্যোগসমূহে অতিৰিক্ত বজাৰৰ সুবিধা লাভ কৰাৰ লগতে নিজৰ ব্যৱসায়ৰ পৰিসৰ সম্প্ৰসাৰণৰ সুযোগ লাভ কৰে।
‘সৰস শক্তি খাদ্য বিপণী’ত ৩০খনতকৈও অধিক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২০০ৰো অধিক মহিলা উদ্যমীয়ে পৰিচালনা কৰা ৫০খন বিপণী স্থাপন কৰা হৈছিল। বিভিন্ন অঞ্চলৰ পৰম্পৰাগত খাদ্যসম্ভাৰৰ লগতে ইয়াত কৃত্ৰিম বুদ্ধিমত্তা (AI) চালিত গ্ৰাহক সহায়ক ব্যৱস্থাৰো সুবিধা প্ৰদান কৰা হৈছিল। এই ব্যৱস্থাৰ জৰিয়তে দৰ্শনাৰ্থীসকলে কিউআৰ ক’ড স্কেন কৰি খাদ্যৰ তালিকা চাব পাৰিছিল, নিজৰ পছন্দ অনুসৰি খাদ্যৰ পৰামৰ্শ লাভ কৰিব পাৰিছিল আৰু গ্ৰাহকৰ মতামতসমূহো চাব পাৰিছিল।
ইয়াৰ উপৰি, লাডাখ, অন্ধ্ৰপ্ৰদেশ, পঞ্জাৱ, গোৱা, ওড়িশা আৰু ছত্তীশগড়কে ধৰি ১০খনতকৈও অধিক অংশগ্ৰহণকাৰী ৰাজ্যৰ শিল্পীসকলে প্ৰতিদিনে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। এই অনুষ্ঠানসমূহে সমগ্ৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ হস্তশিল্প, খাদ্য-সংস্কৃতি আৰু পৰিৱেশ্য কলাৰ পৰম্পৰাক একেখন মঞ্চত একত্ৰিত কৰি মেলাখনৰ আকৰ্ষণ অধিক বৃদ্ধি কৰে।
এই কাৰ্যসূচীত উদ্যোগ বিকাশৰ এক সুপৰিকল্পিত প্ৰক্ৰিয়া অনুসৰণ কৰা হয়। ইয়াৰ ভিতৰত বিশেষজ্ঞসকলৰ পৰা প্ৰশিক্ষণ গ্ৰহণ, সামগ্ৰী বজাৰৰ বাবে প্ৰস্তুত কৰা, ডিজিটেল প্লেটফৰ্মত পঞ্জীয়ন, ব্যৱসায়িক প্ৰস্তাৱ উপস্থাপন, উদ্যম পঞ্জীয়ন আৰু ক্ৰেতাৰ সৈতে সম্পৰ্ক স্থাপনৰ ব্যৱস্থা অন্তৰ্ভুক্ত আছিল।
এই কাৰ্যসূচীৰ অধীনত লাভ কৰা উল্লেখযোগ্য সফলতাসমূহ হ’ল—
-বিশেষজ্ঞসকলৰ প্ৰশিক্ষণ অধিৱেশনত মুঠ ৩,৪৮৯টা অংশগ্ৰহণ নথিভুক্ত হয়।
-১৩৮টা সামগ্ৰীৰ প্ৰত্যক্ষ ব্যৱসায়িক উপস্থাপন কৰা হয়।
-২৮৮গৰাকী উদ্যমীয়ে সামগ্ৰীৰ ফটোগ্ৰাফী আৰু পেকেজিং সম্পৰ্কীয় সহায় লাভ কৰে।
-৪৫২গৰাকী বিক্ৰেতাই মিশ্ব’ (Meesho) প্লেটফৰ্মত পঞ্জীয়নৰ সুবিধা লাভ কৰে।
-সামগ্ৰীৰ তালিকাসহ ৩,৩৮৩টা নতুন হোৱাটছএপ বিজনেছ (WhatsApp Business) একাউণ্ট সক্ৰিয় কৰা হয়।
-স্বয়ম হেল্পডেস্কৰ জৰিয়তে মুঠ ১৫,২৩১টা উদ্যম পঞ্জীয়ন সম্পন্ন কৰা হয়।
একবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু অনুষ্ঠানটোত বহনক্ষম তথা পৰিৱেশ-অনুকূল পদ্ধতি উৎসাহিত কৰাৰ বাবেও মেলাখনত কেইবাটাও ব্যৱহাৰিক পদক্ষেপ গ্ৰহণ কৰা হয়। ৬০০খনতকৈও অধিক বিপণীত মুঠ ২ লাখখন কাপোৰৰ মোনা উপলব্ধ কৰোৱা হয়। আনহাতে, প্লাষ্টিকৰ বটলৰ ব্যৱহাৰ হ্ৰাস কৰাৰ উদ্দেশ্যে অংশগ্ৰহণকাৰী কাৰিকৰসকলক ২,০০০টা পুনৰ ব্যৱহাৰযোগ্য কাঁচ বা মাটিৰ বটল যোগান ধৰা হয়। ইয়াৰ উপৰি, বিপণীসমূহত ৮০০টা পৰিৱেশ-অনুকূল বাঁহ আৰু পানী-কঁচুৰিপানাৰে নিৰ্মিত আৱৰ্জনা পেলোৱা পাত্ৰও যোগান ধৰা হয়।
সামগ্ৰিকভাৱে, প্ৰথম ৰাষ্ট্ৰীয় সৰস মেলাই একেখন মঞ্চতে বজাৰৰ সৈতে পৰিচিতি, উদ্যোগ পৰিচালনাৰ শিক্ষা, প্ৰতিষ্ঠানিক সহায়-সহযোগিতা আৰু ডিজিটেল সুবিধাৰ সমন্বয় ঘটায়। ইয়াৰ ফলত গ্ৰাম্য মহিলা উদ্যমীসকলে গ্ৰাহকৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ লগতে মেলাৰ পৰিসৰৰ বাহিৰতো নতুন ব্যৱসায়িক সম্ভাৱনা অন্বেষণ কৰাৰ সুযোগ লাভ কৰে।

***
PU/SD