জনজাতি পৰিক্ৰমা মন্ত্ৰালয়
azadi ka amrit mahotsav

ট্ৰাইফেডে গুৱাহাটীত জনজাতীয় জীৱিকা আৰু উদ্যোগ বিকাশ বিষয়ক আলোচনা- চক্ৰৰ আয়োজন কৰে

জনজাতীয় জীৱিকা, উদ্যমিতা, মূল্য সংযোজন আৰু বজাৰ সংযোগ শক্তিশালী কৰাত বিশেষ গুৰুত্ব আৰোপ

পোষ্ট কৰা হৈছে: 04 NOV 2026 6:10PM by PIB Guwahati

জনজাতীয় সমবায় বিপণন উন্নয়ন ফেডাৰেচন অব্ ইণ্ডিয়াৰ (ট্ৰাইফেড) উত্তৰ-পূব মণ্ডলৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ে আজি গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ (আইআইই) প্ৰেক্ষাগৃহত "লঘু বনজ সম্পদ (এমএফপি)/বন ধন বিকাশ কেন্দ্ৰৰ (ভিডিভিকে) জৰিয়তে জীৱিকা আৰু উদ্যোগ বিকাশ" বিষয়ক এখন আলোচনা- চক্ৰ তথা কৰ্মশালাৰ আয়োজন কৰে। ভগৱান বিৰছা মুণ্ডাৰ ১৫১ সংখ্যক  জয়ন্তী উপলক্ষে আয়োজিত জনজাতীয় গৌৰৱ দিৱস পষেক ২০২৬ উদযাপনৰ অংশ হিচাপে এই অনুষ্ঠানটি অনুষ্ঠিত হয়।

মাংগলিক বন্তি প্ৰজ্বলন আৰু ভগৱান বিৰছা মুণ্ডালৈ পুষ্পাঞ্জলি অৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ট্ৰাইফেড এনইআৰৰ আঞ্চলিক প্ৰবন্ধক শ্ৰী পামথিং কেইছিঙে বিশিষ্ট ব্যক্তিসকলক আদৰণি জনায় আৰু এই অনুষ্ঠানৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে।

ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অন্তৰ্গত ট্ৰাইফেডৰ পৰিচালন সঞ্চালক শ্ৰী এম ৰাজামুৰুগান, আইপিএছে মুখ্য অতিথি হিচাপে অনুষ্ঠানটি শোভাবৰ্ধন কৰে। তেওঁ নিজৰ ভাষণত ভগৱান বিৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জনায় আৰু ট্ৰাইফেডৰ মূল পদক্ষেপসমূহৰ ৰূপৰেখা দাঙি ধৰে, যাৰ ভিতৰত আছে লঘু বনজ সম্পদৰ (এমএফপি) বাবে ন্যূনতম সমৰ্থন মূল্য (এমএছপি) নিশ্চিত কৰা, আত্মসহায়ক গোটসমূহৰ জৰিয়তে প্ৰাতিষ্ঠানিক সহায় আগবঢ়োৱা, বন ধন বিকাশ কেন্দ্ৰসমূহৰ (ভিডিভিকে) জৰিয়তে মূল্য সংযোজন আৰু প্ৰক্ৰিয়াকৰণক প্ৰসাৰিত কৰা, আৰু ট্ৰাইবছ ইণ্ডিয়া, ই-কমাৰ্চ পদক্ষেপ তথা চৰকাৰী ই-মাৰ্কেটপ্লেচৰ (জিইএম) জৰিয়তে ব্যাপক বজাৰৰ সুবিধা সৃষ্টি কৰা।

অনুষ্ঠানটিত অসম চৰকাৰৰ জনজাতীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব শ্ৰী হেমন্ত পেগু; এমঅ’এছডিইৰ সঞ্চালক তথা আইআইইৰ সঞ্চালক শ্ৰী প্ৰীতম দত্ত; মণিপুৰ চৰকাৰৰ বন বিভাগৰ শ্ৰী শ্বানগাম শ্বালিভো, আইএফএছ; আৰু নাগালেণ্ড চৰকাৰৰ মেকোফেডৰ পৰিচালন সঞ্চালক শ্ৰী আৰ বেনদাং আওকে ধৰি কেইবাগৰাকীও বিশিষ্ট সন্মানীয় অতিথি উপস্থিত থাকে।

কাৰিকৰী অধিবেশনসমূহত তিনিটা মূল বিষয়বস্তুৰ সন্দৰ্ভত বিশেষজ্ঞসকলৰ উপস্থাপন অন্তৰ্ভুক্ত আছিল: অসম চৰকাৰৰ এআইটিইচি এণ্ড চিএছডি ছ’চাইটিৰ প্ৰশিক্ষণ তথা সক্ষমতা বিকাশ বিশেষজ্ঞ ড০ হেমন্ত ৰাভাৰ দ্বাৰা "এমএফপি/ভিডিভিকেৰ জৰিয়তে জীৱিকা আৰু উদ্যোগ বিকাশ"; নিফটেম কুণ্ডলীৰ অধ্যাপক বিমল পন্তৰ দ্বাৰা "জনজাতীয় সামগ্ৰীৰ খাদ্য প্ৰক্ৰিয়াকৰণ, পেকেজিং আৰু লেবেলিং"; আৰু ভাৰতীয় ষ্টেট বেংক, আঞ্চলিক কাৰ্যালয়, গুৱাহাটীৰ আঞ্চলিক প্ৰবন্ধক শ্ৰী শুভ্ৰাংশু পাল্লাইৰ দ্বাৰা "বিত্তীয় আৰু ডিজিটেল সাক্ষৰতা"।

এই আলোচনা-চক্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ ২০০ৰো অধিক ভিডিভিকে সদস্য, জনজাতীয় শিল্পী আৰু প্ৰতিষ্ঠানিক অংশীদাৰে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানে এই অঞ্চলত জ্ঞান আদান-প্ৰদান, সক্ষমতা বৃদ্ধি আৰু জনজাতীয় জীৱিকা তথা উদ্যোগশীলতাৰ পৰিৱেশতন্ত্ৰক সুদৃঢ় কৰাৰ বাবে  এখন উপযোগী মঞ্চ হিচাপে ভূমিকা পালন কৰিছে।

 

 

………………………………………………….

PG/ SM/MM


(ৰিলিজ আই ডি : 2332729) অতিথি কক্ষ : 39
ত এই ৰিলিজটো পঢ়ক: English