গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
পোষ্ট কৰা হৈছে:
04 NOV 2026 3:29PM by PIB Guwahati
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন (পিআৰডি) বিভাগৰ কাৰ্যবাহী অভিযন্তাসকলৰ বাবে আয়োজিত বিআইএছ সজাগতা বিষয়ক দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীখন ২০২৬ চনৰ ৩ নৱেম্বৰত গুৱাহাটীৰ কাঁহিকুছিস্থিত গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অব্ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টত (জিবিএছআইপিআৰডি) সামৰণি পৰে। ভাৰতীয় মানক ব্যুৰোৰ (বিআইএছ) গুৱাহাটী শাখা কাৰ্যালয়ে অসম চৰকাৰৰ জিবিএছআইপিআৰডিৰ সহযোগত ২০২৬ চনৰ ২ আৰু ৩ নৱেম্বৰত এই কাৰ্যসূচীৰ আয়োজন কৰিছিল।
অসমৰ বিভিন্ন জিলাৰ মুঠ ৩৫ গৰাকী কাৰ্যবাহী অভিযন্তাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণৰ উদ্দেশ্য আছিল ভাৰতীয় মানক, নিৰ্মাণ সামগ্ৰীৰ গুণগত মানৰ প্ৰয়োজনীয়তা, মানক নিৰ্মাণ পদ্ধতি আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নত বিআইএছ-প্ৰমাণিত সামগ্ৰীৰ গুৰুত্ব সম্পৰ্কে তেওঁলোকৰ সজাগতা আৰু বুজাবুজি বৃদ্ধি কৰা। দুদিনীয়াকৈ অনুষ্ঠিত এই কাৰ্যসূচীত আঠটা কাৰিকৰী অধিবেশন অনুষ্ঠিত হয়, য’ত গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ (এইচি) বিশেষজ্ঞসকলে মূল বক্তব্য আগবঢ়ায়।
কাৰিকৰী অধিবেশনসমূহত নিৰ্মাণ কাৰ্যত গুণগত মান নিশ্চিতকৰণৰ বিভিন্ন দিশ, আধুনিক নিৰ্মাণ কৌশলৰ জৰিয়তে দুৰ্যোগ-প্ৰতিৰোধী নিৰ্মাণ, বিআইএছ-প্ৰমাণিত সামগ্ৰী ক্ৰয় কৰা আৰু নিৰ্মাণ তথা আন্তঃগাঁথনি উন্নয়নত মান আৰু সামগ্ৰীৰ শক্তিৰ সঠিক সংমিশ্ৰণত গুৰুত্ব আৰোপ কৰা হয়। এই অধিবেশনসমূহ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক ড০ ৰাজদীপ পাল আৰু শ্ৰীমতী অংকিতা ৰয় কৰ্মকাৰে পৰিচালনা কৰে। বক্তাসকলে নিৰ্মাণ কাৰ্যত ভাৰতীয় মানক প্ৰয়োগ কৰাৰ সন্দৰ্ভত নিজৰ কাৰিকৰী দক্ষতা আৰু ব্যৱহাৰিক অভিজ্ঞতা ব্যক্ত কৰে।
সামৰণী অধিবেশনত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত সচিব তথা জিবিএছআইপিআৰডিৰ সঞ্চালক শ্ৰী অনন্ত কুমাৰ গগৈ, এচিএছ উপস্থিত থাকে। প্ৰতিষ্ঠানটোৰ হৈ এই প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল পৰিচালনা তথা সমন্বয়ৰ দায়িত্বত পাঠ্যক্ৰম সমন্বয়ক হিচাপে থাকে অসমৰ জিবিএছআইপিআৰডিৰ যুটীয়া সঞ্চালক শ্ৰী অনুপম দত্ত।
নিৰ্মাণ কাৰ্যৰ নিৰাপত্তা, স্থায়িত্ব, বিশ্বাসযোগ্যতা আৰু সামগ্ৰিক গুণগত মান নিশ্চিত কৰিবলৈ চৰকাৰী আন্তঃগাঁথনি প্ৰকল্পসমূহত—বিশেষকৈ গ্ৰামোন্নয়ন খণ্ডত—ভাৰতীয় মানক আৰু গুণগত মান নিশ্চিতকৰণ ব্যৱস্থাৰ সঠিক সংমিশ্ৰণৰ গুৰুত্বক এই কাৰ্যসূচীয়ে দাঙি ধৰিছে।


***
PG/SS/MM