যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

অসমৰ বিভিন্ন জিলাত ‘ভোটক জানক’ শীৰ্ষক বিষয়বস্তুৰে ‘বিকশিত ভাৰত যুৱ সংবাদ’ৰ আয়োজন মাই ভাৰত অসমৰ

যুৱ প্ৰজন্মৰ মাজত নিৰ্বাচনী সজাগতা, সচেতন ভোটদান আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াত দায়িত্বশীল অংশগ্ৰহণৰ প্ৰসাৰৰ লক্ষ্য

পোষ্ট কৰা হৈছে: 04 NOV 2026 3:26PM by PIB Guwahati

ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ মাই ভাৰত অসমে অসমৰ বিভিন্ন শিক্ষানুষ্ঠানত ‘ভোটক জানক’ শীৰ্ষক বিষয়বস্তুৰে ‘বিকশিত ভাৰত যুৱ সংবাদ’ৰ আয়োজন কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে ভোটদানৰ গুৰুত্ব, নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ আৰু ভাৰতৰ সজীৱ গণতন্ত্ৰক শক্তিশালী কৰাৰ লগতে বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত যুৱপ্ৰজন্মৰ ভূমিকাৰ বিষয়ে তেওঁলোকক সজাগ কৰি তোলা।

এই কাৰ্যসূচীৰ অন্যতম মুখ্য আকৰ্ষণ হৈছে ‘ভোটক জানক’ বিষয়বস্তুৰ সন্দৰ্ভত এগৰাকী যুৱ আইকনৰ দ্বাৰা উপস্থাপন কৰা এটা বিশেষ বক্তৃতা, য’ত সচেতনভাৱে ভোটদান, নিৰ্বাচনী সজাগতা আৰু গণতান্ত্ৰিক সমাজত সক্ৰিয় অংশগ্ৰহণৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰা হ’ব। উপস্থাপনত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী (Special Intensive Revision–SIR) প্ৰক্ৰিয়াৰ বিষয়েও গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ জৰিয়তে সঠিক আৰু শেহতীয়া ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়াৰ প্ৰাসংগিকতা ব্যাখ্যা কৰাৰ লগতে যুৱ নাগৰিকসকলক নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে পৰিচিত কৰোৱা হৈছে।

এই কাৰ্যসূচীত এগৰাকী জনপ্ৰতিনিধিৰ সৈতে মত বিনিময় আৰু মুকলি আলোচনাৰ ব্যৱস্থাও ৰখা হৈছে। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে ভোটদান, নিৰ্বাচনী প্ৰক্ৰিয়া আৰু গণতান্ত্ৰিক অংশগ্ৰহণৰ বিভিন্ন দিশ সম্পৰ্কে প্ৰশ্ন উত্থাপন, নিজৰ উদ্বেগ প্ৰকাশ আৰু বিষয়সমূহৰ স্পষ্টীকৰণ বিচৰাৰ সুযোগ লাভ কৰিছে। এই মত বিনিময়ে যুৱপ্ৰজন্মক জনপ্ৰতিনিধিসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰাৰ লগতে গণতান্ত্ৰিক দায়িত্ব আৰু শাসন ব্যৱস্থাৰ বিষয়ে অধিক ভালদৰে বুজি পোৱাৰ  গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিছে।

অসমৰ বাক্সা, বৰপেটা, বঙাইগাঁও, কাছাৰ, চিৰাং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, পূব কাৰ্বি আংলং (ডিফু), গোৱালপাৰা, গোলাঘাট, কামৰূপ, কামৰূপ মহানগৰ, কৰিমগঞ্জ, কোকৰাঝাৰ, নগাঁও, উত্তৰ কাছাৰ পাৰ্বত্য জিলা (হাফলং), উত্তৰ লখিমপুৰ, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া আৰু ওদালগুৰিত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে।

 

পটভূমি:

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ মেৰা যুৱ ভাৰত (MY ভাৰত)-এ ৩ নৱেম্বৰ ২০২৬ পৰ্যন্ত দেশৰ ৩০খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত মুঠ ৩১১টা যুৱ সংবাদৰ আয়োজন কৰিছে। এই কাৰ্যসূচীত ৫৯,৪০৮গৰাকী যুৱক-যুৱতী আৰু ৩১০গৰাকী যুৱ আইকনে অংশগ্ৰহণ কৰিছে।

দেশজোৰা এই অভিযান ২৬ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ ৫০০খন বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানত অনুষ্ঠিত কৰা হৈছে। এই পদক্ষেপে শিক্ষাৰ্থীসকলক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বিষয়ে বুজি পোৱা, নিৰ্বাচিত প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰা আৰু নাগৰিক হিচাপে নিজৰ অধিকাৰ আৰু দায়িত্ব সম্পৰ্কে অধিক ভালদৰে জ্ঞান আহৰণ কৰাৰ সুযোগ প্ৰদান কৰিছে।

এই কাৰ্যসূচীৰ অধীনত উত্তৰ ভাৰতৰ জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, দিল্লী, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ; দক্ষিণ ভাৰতৰ তামিলনাডু, কেৰালা, কৰ্ণাটক আৰু পুডুচেৰী; উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, অসম, মিজোৰাম, ছিকিম আৰু ত্ৰিপুৰা; পূব ভাৰতৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু পশ্চিমবংগ; মধ্য ভাৰতৰ ছত্তীশগড় আৰু মধ্যপ্ৰদেশ তথা পশ্চিম ভাৰতৰ গুজৰাট, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানত এই অনুষ্ঠানসমূহ অনুষ্ঠিত হৈছে।

 

*****

PG/SS/PB


(ৰিলিজ আই ডি : 2332634) অতিথি কক্ষ : 14
ত এই ৰিলিজটো পঢ়ক: English