পোষ্ট কৰা হৈছে:
03 NOV 2026 6:05PM by PIB Guwahati
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মাণ্ডৱিয়াই মঙলবাৰে, ৩ নৱেম্বৰ ২০২৬ তাৰিখে নতুন দিল্লীত অনুষ্ঠিত দশম ৱৰ্ল্ড এছ’চিয়েচন অব্ এন্টি-ড’পিং ছায়েন্টিষ্টছ ৱাডছ কোৱালিটি এছিউৰেন্স মেনেজাৰ্ছ মিটিং ২০২৬-ত নেচনেল ড’প টেষ্টিং লেবৰেটৰী এনডিটিএলৰ এক্সট্ৰামেৰেল ৰিছাৰ্চ গ্ৰাণ্ট পলিচী শুভাৰম্ভ কৰে।
২ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই দুদিনীয়া বৈঠকখন এনডিটিএলৰ দ্বাৰা আয়োজিত কৰা হৈছিল আৰু ইয়াত ক্ৰীড়া তথা বৈজ্ঞানিক সমাজৰ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকল একত্ৰিত হৈছিল। মুখ্য অতিথি হিচাপে উপস্থিত থাকি ড° মাণ্ডৱিয়াই উক্ত বৈঠকত এনডিটিএল নিউজলেটাৰৰ উন্মোচনী কাৰ্যসূচীও পৰ্যবেক্ষণ কৰে।
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে ড’পিং প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰতৰ শূন্য সহনশীল নীতিৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ কয়, “বন্ধুসকল, ড’পিঙৰ বিৰুদ্ধে ভাৰতৰ স্থিতি শূন্য সহনশীল। প্ৰতিটো বিজয় যাতে প্ৰতিভা, অনুশাসন আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে অৰ্জন কৰা হয়, সেয়া নিশ্চিত কৰাটো আমাৰ দায়িত্ব।”
“বিগত দুবছৰত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ক্ৰীড়াক ৰাষ্ট্ৰ নিৰ্মাণৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে স্বীকৃতি দিয়া হৈছে,” ড° মাণ্ডৱিয়াই এইদৰে কয়।
এন্টি-ড’পিং গৱেষণা আৰু শিক্ষাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “আজি আমি গুৰুত্বপূৰ্ণ এক্সট্ৰামেৰেল ৰিচাৰ্চ গ্ৰাণ্ট পলিচি শুভাৰম্ভ কৰিছোঁ, যাৰ লক্ষ্য হৈছে উন্নত চিনাক্তকৰণ আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত গৱেষণা তথা বিকাশ সাধন কৰা। এই পদক্ষেপে আমাৰ ড’প বিৰোধী প্ৰচেষ্টাৰ বৈজ্ঞানিক ভিত্তিটোক অধিক শক্তিশালী কৰিব।”
ভাৰতে ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজন কৰিবলৈ সাজু হোৱাৰ লগতে ২০৩৬ চনৰ অলিম্পিক আয়োজনৰো আশা পুহি ৰখাৰ সময়ত ড’পিং প্ৰতিৰোধৰ ক্ষেত্ৰত শিক্ষা আৰু সজাগতাই অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
ড° মাণ্ডৱিয়াই কয়, “আমাৰ দৃষ্টিভংগীয়ে অধিক শক্তিশালী পৰীক্ষণ আন্তঃগাঁথনিৰ সৈতে শিক্ষা, সজাগতা আৰু প্ৰতিৰোধক একত্ৰিত কৰে। ভাৰতে ২০৩০ চনত কমনৱেলথ গেমছ আয়োজনৰ বাবে প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ সপোন বুকুত বান্ধি লোৱাৰ পৰিপ্ৰেক্ষিতত ড’প বিৰোধী পৰীক্ষণ, এথলীটসকলৰ শিক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আমাৰ বাবে অগ্ৰাধিকাৰৰ বিষয় হৈ পৰিছে।
“নিষিদ্ধ পদাৰ্থসমূহৰ প্ৰভাৱ, চাপ্লিমেণ্টৰ সৈতে জড়িত বিপদাশংকা আৰু ড’প বিৰোধী নিয়মৰ অধীনত থকা নিজৰ দায়িত্বসমূহ খেলুৱৈ, প্ৰশিক্ষক আৰু চিকিৎসা পেছাদাৰীসকলে সঠিকভাৱে বুজি পোৱাটো অতি প্ৰয়োজনীয়,” ড° মাণ্ডৱিয়াই কয়।
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ক্ৰীড়াপ্ৰধান ৰাষ্ট্ৰ হিচাপে গঢ় লৈ উঠাৰ দিশত ভাৰতে ইতিমধ্যে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে আৰু ২০২৬ চনৰ এছিয়ান গেমছত আমাৰ এথলীটসকলৰ শেহতীয়া প্ৰদৰ্শনেই ইয়াৰ প্ৰমাণ দাঙি ধৰে।
“খেলো ইণ্ডিয়া অৰ্থাৎ প্লে’ ইণ্ডিয়া, ফিট ইণ্ডিয়া আৰু টাৰ্গেট অলিম্পিক পডিয়াম আঁচনিৰ দৰে পদক্ষেপসমূহৰ জৰিয়তে আমি ক্ৰীড়া পৰিৱেশতন্ত্ৰক অধিক শক্তিশালী কৰি তুলিছোঁ আৰু আমাৰ যুৱ প্ৰজন্মৰ বাবে পাৰদৰ্শিতা দেখুওৱাৰ অধিক সুযোগ সৃষ্টি কৰিছোঁ,” ড° মাণ্ডৱিয়াই কয়।
তেওঁ লগতে কয়, “শেহতীয়াকৈ সমাপ্ত হোৱা এছিয়ান গেমছ ২০২৬-ত আমাৰ এথলীটসকলে নিজৰ অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই চূড়ান্ত পদক তালিকাত চতুৰ্থ স্থান দখল কৰে। আমাৰ পেৰা-এথলীটসকলেও এছিয়ান পেৰা গেমছ ২০২৬-ত অভিলেখসংখ্যক ১১৪টা পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে, যিটো এই প্ৰতিযোগিতাত এতিয়ালৈকে আমাৰ সৰ্বাধিক পদক লাভৰ অভিলেখ হিচাপে বিবেচিত হৈছে।”
এই দুদিনীয়া বৈঠকত সচিব (ক্ৰীড়া) শ্ৰী হৰি ৰঞ্জন ৰাওৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি ৱাডাৰ জ্যেষ্ঠ সহযোগী সঞ্চালক (পৰীক্ষাগাৰ বিজ্ঞান আৰু চিকিৎসা) ডাঃ অস্কেল বাৰ’ছ’, ৱাডছৰ সভানেত্ৰী ডাঃ ড’ৰ’টা ক্ৱিয়াটকোভস্কা, এনডিটিএলৰ সঞ্চালক অধ্যাপক (ডাঃ) পি এল সাহু আৰু অন্যান্য বিশিষ্ট বিজ্ঞানীসকল উপস্থিত থাকে।

*****
Ayushman Kumar/MM