পোষ্ট কৰা হৈছে:
03 NOV 2026 4:11PM by PIB Guwahati
লেহত অৱস্থিত ৰাষ্ট্ৰীয় সোৱা-ৰিগপা প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ পদ্ম গুৰমেতক পৰম্পৰাগত চিকিৎসা আৰু সামগ্ৰিক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ স্বীকৃতিস্বৰূপে উত্তৰ প্ৰদেশৰ কানপুৰৰ ছত্ৰপতি শ্বাহু জী মহাৰাজ বিশ্ববিদ্যালয়ে সামগ্ৰিক আৰোগ্যৰ বাবে সন্মানীয় 'ৱেলনেছ ভিজনেৰী বঁটা' প্ৰদান কৰিছে। ২০২৬ চনৰ ৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ বিশ্ববিদ্যালয়খনত অনুষ্ঠিত তৃতীয় আন্তঃৰাষ্ট্ৰীয় ৱেলনেছ সন্মিলনত তেওঁক এই বঁটা প্ৰদান কৰা হয়।
উত্তৰ প্ৰদেশ বিধান সভাৰ অধ্যক্ষ শ্ৰীসতীশ মহানাই কেইবাগৰাকীও বিশিষ্ট স্বাস্থ্য বিশেষজ্ঞ, শিক্ষাবিদ আৰু স্বাস্থ্যসেৱা খণ্ডৰ অগ্ৰণী ব্যক্তিসকলৰ উপস্থিতিত তিনিদিনীয়া এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ শুভ উদ্বোধন কৰে। নিজ নিজ ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ মুঠ ৪২ গৰাকী বিশিষ্ট স্বাস্থ্যসেৱা পেছাদাৰীক এই সন্মিলনত সন্মানিত কৰা হয়।
এই উপলক্ষে এগৰাকী বিশিষ্ট বক্তা হিচাপে ডাঃ পদ্ম গুৰমেতে 'হিমালয় অঞ্চলৰ স্বাস্থ্য আৰু সুস্থতা সাধনত সোৱা-ৰিগপাৰ গুৰুত্ব' শীৰ্ষক বিষয়ত কাৰিকৰী বক্তৃতা প্ৰদান কৰে। তেওঁৰ উপস্থাপনত বিশেষকৈ হিমালয় অঞ্চলত সামগ্ৰিক স্বাস্থ্য আৰু সুস্থতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত সোৱা-ৰিগপাৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ প্ৰাসংগিকতাৰ ওপৰত আলোকপাত কৰা হয়।
এই সন্মিলনে সোৱা-ৰিগপা চিকিৎসা পদ্ধতি আৰু ইয়াৰ সমৃদ্ধ পৰম্পৰাগত জ্ঞান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ এখন গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে। অংশগ্ৰহণকাৰীসকলে সোৱা-ৰিগপাৰ মৌলিক নীতি, তত্ত্ব আৰু ব্যৱহাৰিক প্ৰয়োগসমূহ বুজিবলৈ গভীৰ আগ্ৰহ প্ৰকাশ কৰে, যি পৰম্পৰাগত চিকিৎসা পদ্ধতি আৰু সামগ্ৰিক স্বাস্থ্যসেৱাত ইয়াৰ অৱদানৰ প্ৰতি ক্ৰমবৰ্ধমান আগ্ৰহৰে প্ৰতিফলন ।
ডাঃ পদ্ম গুৰমেতক প্ৰদান কৰা এই সন্মানে সোৱা-ৰিগপা চিকিৎসা পদ্ধতিৰ প্ৰসাৰ আৰু ইয়াৰ ব্যাপক পৰিচিতি লাভৰ দিশত তেওঁ আগবঢ়োৱা নিৰৱচ্ছিন্ন অৱদানক বিশেষ স্বীকৃতি প্ৰদান কৰিছে।



SR/SV/SG/KrDD