মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

বিদ্যালয় শিক্ষাৰ বাবে ‘বিদ্যাঞ্জলি’ৰ জৰিয়তে ৰাষ্ট্ৰীয় কৰ্প’ৰেট সামাজিক দায়বদ্ধতা (চি এছ আৰ) সন্মিলন

সন্মিলনত বিদ্যালয়ৰ সা-সুবিধা তথা সম্পদৰ উন্নয়নৰ ক্ষেত্ৰত কৰ্প’ৰেট প্ৰতিষ্ঠানসমূহৰ অংশগ্ৰহণৰ ভূমিকা সন্দৰ্ভত আলোকপাত

পোষ্ট কৰা হৈছে: 31 OCT 2026 7:37PM by PIB Guwahati

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে আজি হাৰিয়ানাৰ গুৰুগ্ৰামত এখন বিদ্যালয়ত আগবঢ়োৱা স্বেচ্ছামূলক কাৰ্যসূচী --’বিদ্যাঞ্জলি’ৰ জৰিয়তে বিদ্যালয় শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় কৰ্প’ৰেট সামাজিক দায়বদ্ধতা (চি এছ আৰ) সন্মিলনৰ আয়োজন কৰে। এই সন্মিলনৰ উদ্দেশ্য আছিল চৰকাৰ, কৰ্পৰেট প্ৰতিষ্ঠান, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰূপায়ণকাৰী সংস্থাসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰা, যাতে স্কুলীয়া শিক্ষাৰ ৰূপান্তৰৰ বাবে কৰ্প'ৰেট সামাজিক দায়বদ্ধতা (চি এছ আৰ)-ক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পৰা যায়।

 

সন্মিলনৰ এটা গুৰুত্বপূৰ্ণ অংশ আছিল চি এছ আৰৰ সৈতে সংশ্লিষ্ট ৰাজ্যসমূহৰ পাৰস্পৰিক আলোচনা। এই আলোচনাত কৰ্প'ৰেট প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধি, ৰাজ্যিক ন’ডেল বিষয়া, বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ, কাৰ্যসূচী ব্যৱস্থাপনা গোট (পি এম ইউ) আৰু ৰাষ্ট্ৰীয় তথ্যবিজ্ঞান কেন্দ্ৰ (এন আই চি)ৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। এই আলোচনাই সহযোগিতাৰ নতুন সম্ভাৱনা অন্বেষণ, চি এছ আৰ সংস্থা আৰু ৰাজ্যসমূহৰ মাজত নেটৱৰ্ক গঢ়ি তোলা আৰু বিদ্যালয়সমূহে চিনাক্ত কৰা প্ৰয়োজনীয়তাৰ ভিত্তিত সম্ভাব্য প্ৰকল্পসমূহৰ বিষয়ে আলোচনা কৰাৰ সুযোগ প্ৰদান কৰে।

 

বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিসকলে ‘বিদ্যাঞ্জলি’ আঁচনিৰ অধীনত তেওঁলোকৰ অভিজ্ঞতা আৰু তেওঁলোকে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে তথ্য দাঙি ধৰে। অন্ধ্ৰ প্ৰদেশে ‘বিদ্যাঞ্জলি’ৰ ৰূপায়ণ, কৰ্ণাটকে বিদ্যালয়সমূহ তুলি লোৱা কাৰ্যসূচী, মিজোৰামে সমাজৰ অংশগ্ৰহণৰ ভূমিকা আৰু দিল্লীয়ে এই কাৰ্যসূচীৰ অধীনত গ্ৰহণ কৰা উদ্ভাৱনীমূলক পদক্ষেপ তথা সংশ্লিষ্ট কাৰ্যকলাপৰ বিষয়সমূহ উপস্থাপন কৰে।

 

একেদৰে ‘চাইল্ডফাণ্ড ইণ্ডিয়া’, ‘ছাৰ্ড ইণ্ডিয়া’, ‘ইনস্পায়াৰিং ছিনিয়ৰ্ছ ফাউণ্ডেচন’ আৰু ‘ইটিআই ফাউণ্ডেচন’কে ধৰি ৰূপায়ণকাৰী সংস্থাসমূহেও ‘বিদ্যাঞ্জলি’ আঁচনিৰ জৰিয়তে চি এছ আৰৰ অংশগ্ৰহণ সুনিশ্চিত কৰা আৰু বিদ্যালয়ৰ উন্নয়নত সহায় কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অভিজ্ঞতা আৰু দৃষ্টিভংগী দাঙি ধৰে।

 

কাৰিকৰী অধিৱেশনসমূহত ভাৰতীয় ষ্টেট বেংক আৰু ভাৰতী এয়াৰটেলকে ধৰি আগশাৰীৰ কৰ্প'ৰেট প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলে বিদ্যালয় শিক্ষাৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ লগতে তেওঁলোকে লাভ কৰা অভিজ্ঞতাসমূহৰ বিষয়েও অৱগত কৰে। তেওঁলোকৰ উপস্থাপনত বিদ্যালয়ৰ সম্পদ আৰু সা-সুবিধা শক্তিশালী কৰাৰ লগতে উন্নত শিক্ষণ পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত কৰ্প'ৰেট প্ৰতিষ্ঠানসমূহৰ অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়।

 

এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ অতিৰিক্ত সচিব শ্ৰীমতী অৰ্চনা শৰ্মা অৱস্থি, বিভাগটোৰ অৰ্থনৈতিক উপদেষ্টা শ্ৰীমতী এ শ্ৰীজা আৰু মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

 

উল্লেখযোগ্য যে ‘বিদ্যাঞ্জলি’ হৈছে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ এটা পদক্ষেপ, যাৰ লক্ষ্য হৈছে সমাজ আৰু ব্যক্তিগত খণ্ডৰ সু-সংগঠিত অংশগ্ৰহণৰ জৰিয়তে চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহক শক্তিশালী কৰা। ইয়াৰ অধীনত বিদ্যালয়সমূহক স্বেচ্ছাসেৱক, বিভিন্ন সংগঠন আৰু চি এছ আৰৰ অংশীদাৰসকলৰ সৈতে সংযোগ স্থাপনৰ বাবে এখন ডিজিটেল মঞ্চ প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে সেৱা, বিভিন্ন কাৰ্যকলাপ আৰু সম্পদৰ ৰূপত অৱদান আগবঢ়োৱাৰ সুবিধা সৃষ্টি কৰা হৈছে। এই কাৰ্যসূচীৰ চি এছ আৰৰ গাঁথনিত চি এছ আৰৰ নিৰ্দিষ্ট আৰ্হি আৰু 'এডপ্ট-এ-স্কুল' (বিদ্যালয় এখন তুলি লোৱা)থ আৰ্হি অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ জৰিয়তে বিভিন্ন সংস্থাই বিদ্যালয়সমূহৰ প্ৰয়োজনীয়তা পূৰণত সহায় কৰাৰ লগতে বিদ্যালয়ৰ সামগ্ৰিক উন্নয়নত অৰিহণা যোগাব পাৰে।

 

***

RRTN/UD


(ৰিলিজ আই ডি : 2331045) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी