পৰ্যটন মন্ত্ৰালয়
azadi ka amrit mahotsav

আঞ্চলিক পৰ্যটন মন্ত্ৰীসকলৰ বৈঠকৰ সৈতে চতুৰ্দশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ আনুষ্ঠানিক অধিবেশনৰ সামৰণি

পৰ্যটন উন্নয়ন, ডিজিটেল পদক্ষেপ, লাইভ ইভেণ্ট অৰ্থনীতি আৰু উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটকৰ সুবিধাৰ বিষয়ে আঞ্চলিক পৰ্যটন মন্ত্ৰীসকলৰ আলোচনা

২২ খন দেশৰ ৪৩ গৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা, ৪২ গৰাকী ঘৰুৱা ক্ৰেতা আৰু ৮১ গৰাকী বিক্ৰেতাৰ অংশগ্ৰহণ

পোষ্ট কৰা হৈছে: 30 OCT 2026 8:02PM by PIB Guwahati

ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে অৰুণাচল প্ৰদেশ চৰকাৰ আৰু অন্যান্য উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সহযোগত আয়োজন কৰা ১৪ সংখ্যক আন্তৰ্জাতিক পৰ্যটন মাৰ্ট (আই টি এম)-ৰ মূল অধিৱেশনসমূহ আজি অৰুণাচল প্ৰদেশৰ টাৱাঙত সফলতাৰে সমাপ্ত হয়। এই মাৰ্টখন ২০২৬ চনৰ ২৯ ৰ পৰা ৩১ অক্টোবৰলৈকে অনুষ্ঠিত হয়। ইয়াত দেশী আৰু বিদেশী পৰ্যটন অংশীদাৰসকল একত্ৰিত হৈছে। ইয়াৰ উদ্দেশ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন সম্ভাৱনাক প্ৰদৰ্শন কৰা, ব্যৱসায়িক অংশীদাৰিত্ব শক্তিশালী কৰা আৰু বহনক্ষম আৰু অভিজ্ঞতা ভিত্তিক পৰ্যটনক প্ৰসাৰ কৰা।

এই মাৰ্টত ২২ খন দেশৰ ৪৩ গৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাই অংশগ্ৰহণ কৰিছে। লগতে ১৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪২ গৰাকী ঘৰুৱা ক্ৰেতা আৰু ৮১ গৰাকী বিক্ৰেতাই অংশগ্ৰহণ কৰিছে।ইয়াৰ উপৰি সংবাদ মাধ্যমৰ প্ৰতিনিধি, ইনফ্লুৱেন্সাৰ আৰু পৰ্যটন অংশীদাৰসকলেও অংশ লৈছে। অষ্ট্ৰেলিয়া, বেলাৰুছ, ভূটান, ইজিপ্ত, ফ্ৰান্স, জাৰ্মানী, ইণ্ডোনেছিয়া, ইটালী, জাপান, কেনিয়া, মালয়েছিয়া, ফিলিপাইনছ, পোলেণ্ড, ৰাছিয়া, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, স্পেইন, শ্ৰীলংকা, থাইলেণ্ড, সংযুক্ত আৰৱ আমিৰাত, যুক্তৰাজ্য আৰু আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি কেইবাখনো দেশে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। 

27cf657c-802a-42d2-ba84-63e3b0d17ffb.jpeg

মাৰ্টৰ আলোচনা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰ্যটন মন্ত্ৰীসকলৰ আঞ্চলিক বৈঠকেৰে সামৰণি পৰে। এই বৈঠকখন ২০২৬ চনৰ ৩০ অক্টোবৰত অনুষ্ঠিত হয়। কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে বৈঠকত অধ্যক্ষতা কৰে।বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰ্যটন মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকল একত্ৰিত হয়। তেওঁলোকে পৰ্যটন উন্নয়নৰ অগ্ৰাধিকাৰ, আঞ্চলিক সহযোগিতা, নতুন পৰ্যটনৰ সুযোগ আৰু সমগ্ৰ অঞ্চলটোত পৰ্যটকৰ সুবিধা উন্নত কৰাৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে।

7b66ad6f-79fd-4719-ac71-38e2c2e511ad.jpeg

বৈঠকত দেখো আপনা দেশ ২.০ আৰু ৰাষ্ট্ৰীয় ডিজিটেল পৰ্যটন ষ্টেক (এনডিটিএছ)কে ধৰি পৰ্যটন মন্ত্ৰীসকলক কেইবাটাও বিষয় সন্দৰ্ভত উপস্থাপন দিয়া হয়। দেখো আপনা দেশ ২.০ ৰ উপস্থাপনাত পৰ্যটনৰ চাহিদা পুনৰ বিতৰণ আৰু কম পৰিচিত গন্তব্যস্থানৰ প্ৰচাৰৰ মিছনৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াৰ লক্ষ্য হৈছে জনপ্ৰিয় পৰ্যটন কেন্দ্ৰৰ বিকল্প হিচাপে পৰ্যটনৰ বাবে সাজু গন্তব্যস্থানসমূহৰ প্ৰচাৰ কৰা। এন ডি টি এছ-ৰ উপস্থাপনাত এক উমৈহতীয়া ডিজিটেল পৰ্যটন ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত আলোকপাত কৰা হয়। ইয়াৰ দ্বাৰা পৰ্যটন অভিজ্ঞতাৰ সন্ধান সহজ হ'ব।অনলাইন বুকিং সূচল হোৱাৰ লগতে গাইড, হোমষ্টে আৰু পৰ্যটন উদ্যোগীকে ধৰি স্থানীয় পৰ্যটন সেৱা প্ৰদানকাৰীসকলৰ বজাৰৰ সুবিধা বৃদ্ধি পাব।

লাইভ কনচাৰ্ট অৰ্থনীতি আৰু উত্তৰ-পূৰ্বাঞ্চলত নিষিদ্ধ এলেকা অনুমতি (আৰ এ পি) / সংৰক্ষিত এলেকা অনুমতি (পি এ পি)ৰ প্ৰয়োজনীয়তাৰ ওপৰতো উপস্থাপন আগবঢ়োৱা হয়। লাইভ ইভেণ্ট অৰ্থনীতিৰ আলোচনাত সংগীতানুষ্ঠান, সাংস্কৃতিক উৎসৱ আৰু অন্যান্য অনুষ্ঠানে পৰ্যটকক কেনেদৰে আকৰ্ষণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াৰ দ্বাৰা দীঘলীয়া সময়ৰ বাবে পৰ্যটকসকলৰ থকাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ লগতে স্থানীয় ব্যৱসায়ৰ বাবে সুযোগ সৃষ্টি হ'ব। আৰ এ পি/পি এ পি-ৰ উপস্থাপনাত পৰ্যটকৰ সুবিধা উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া সৰল কৰা, অনুমতিৰ প্ৰয়োজনীয়তাৰ বিষয়ে অধিক স্পষ্টতা আৰু সময়মতে প্ৰক্ৰিয়াকৰণৰ ওপৰত গুৰুত্ব দিয়া হয়। লগতে সুৰক্ষাৰ দিশটোও বিবেচনা কৰা হয়।আঠখন উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ পৰ্যটন মন্ত্ৰীসকলেও পৰ্যটন উন্নয়নৰ অগ্ৰাধিকাৰ আৰু আঞ্চলিক সহযোগিতাৰ বিষয়ে তেওঁলোকৰ মতামত তথা পৰামৰ্শ আগবঢ়ায়।

ced80e8d-37ba-4ceb-b142-0bd0d0ae2355.jpeg

আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ এটা প্ৰধান অংশ আছিল গাঁথনিগত ব্যৱসায়ৰ পৰা ব্যৱসায়লৈ (বি২বি) বৈঠক। ই ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা তথা পৰ্যটন বিক্ৰেতাসকলৰ মাজত প্ৰত্যক্ষ যোগাযোগৰ বাবে এক মঞ্চ প্ৰদান কৰে। মুঠ ১৫৮০ খন বি২বি বৈঠক অনুষ্ঠিত হয়। ইয়াৰ দ্বাৰা নতুন পৰ্যটন ভ্ৰমণসূচী বিকশিত কৰা, বাণিজ্যিক অংশীদাৰিত্ব স্থাপন কৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত পৰ্যটন সামগ্ৰী তথা অভিজ্ঞতাৰ প্ৰচাৰৰ সুযোগ সৃষ্টি হয়।

ইয়াৰ পূৰ্বে, কাৰিকৰী অধিবেশনৰ সময়ত পৰ্যটন মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব আৰু সঞ্চালক প্ৰধান শ্ৰী সুমন বিল্লাই মূল ভাষণ প্ৰদান কৰে। তেওঁ ভাৰতৰ ঘৰুৱা পৰ্যটনৰ উল্লেখযোগ্য বৃদ্ধিৰ ওপৰত আলোকপাত কৰে।তেওঁ জনায় যে ঘৰুৱা পৰ্যটকৰ ভ্ৰমণ ২০১৪ চনত ১.৩২ বিলিয়নৰ পৰা ২০২৫ চনত ৪.৩৪ বিলিয়নলৈ বৃদ্ধি হৈছে। ইয়াৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ প্ৰায় ১১ শতাংশ। তেওঁ উল্লেখ কৰে যে পৰ্যটন খণ্ডই ৮৯ নিযুত নিয়োগৰ সুবিধা সৃষ্টি কৰাৰ লগতে ৰাষ্ট্ৰীয় জিডিপিত ৫.২২ শতাংশ অৰিহণা যোগায়। সংযোগৰ উন্নতিৰ বিষয়ে আলোকপাত কৰি তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলত বিমানবন্দৰৰ সংখ্যা ২০১৪ চনত ৯ টাৰ পৰা বৰ্তমান ১৭ টালৈ বৃদ্ধি হৈছে। আনহাতে ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্ক ১০,৯০৫ কিলোমিটাৰৰ পৰা ১৬,২০৭ কিলোমিটাৰলৈ বৃদ্ধি হৈছে। তেওঁ বিশেষকৈ হোমষ্টে, দুঃসাহসিক, পৰিৱেশ, সুস্বাস্থ্য আৰু অভিজ্ঞতাভিত্তিক পৰ্যটনৰ জৰিয়তে এই অঞ্চলৰ বিনিয়োগৰ সম্ভাৱনা আৰু সম্প্ৰদায়ভিত্তিক পৰ্যটন বৃদ্ধিৰ সুযোগৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ।

5cabf370-d318-43c1-ac53-7f9709bfb53e.jpeg

কাৰিকৰী অধিবেশনত আঠখন উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য - অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিক্কিম আৰু ত্ৰিপুৰাইও নিজ নিজ ৰাজ্যৰ পৰ্যটন আকৰ্ষণ, নতুন গন্তব্যস্থান আৰু পৰ্যটন পথ প্ৰদৰ্শন কৰে।

bd038f9e-806b-4055-9d52-cae0b5c3a04f.jpeg

২০২৬ চনৰ ২৯ অক্টোবৰত এই মাৰ্টখন উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, কেন্দ্ৰীয় পৰ্যটন আৰু পেট্ৰলিয়াম তথা প্ৰাকৃতিক গেছ ৰাজ্য মন্ত্ৰী শ্ৰী সুৰেশ গোপী, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু, ছিক্কিমৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং তামাং আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উদ্বোধনী অধিবেশনত ভাষণ দি শ্ৰী শ্বেখাৱটে এই অঞ্চলৰ পৰ্যটন সম্ভাৱনাক বহনক্ষম ব্যৱসায়িক সুযোগ আৰু স্থানীয় সম্প্ৰদায়ৰ বাবে জীৱিকাৰ উৎসত পৰিণত কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।

 

এই মাৰ্টত উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যও প্ৰদৰ্শন কৰাৰ  উদ্দেশ্যে ‘উত্তৰ-পূব’ বজাৰ কাৰ্য্যসূচীৰ আয়োজন কৰা হয়। ইয়াত পৰম্পৰাগত হস্তশিল্প, হস্ততাঁত, বস্ত্ৰ আৰু আঞ্চলিক সামগ্ৰী প্ৰদৰ্শন কৰা হয়। লগতে এই অঞ্চলৰ পৰম্পৰা প্ৰদৰ্শন কৰা সাংস্কৃতিক অনুষ্ঠানো আয়োজিত হয়। প্ৰতিনিধি আৰু সংবাদ মাধ্যমৰ লোকৰ বাবে আয়োজিত বিশেষ ভ্ৰমণত টাৱাং মঠ, টাৱাং যুদ্ধ স্মাৰক আৰু উৰ্গেলিং গোম্পা  সামৰি লোৱা হয়।

২০২৬ চনৰ ৩১ অক্টোবৰৰ অন্তিম দিনটোৰ বাবে বুদ্ধ পাৰ্ক, পি টি এছ অ' হ্ৰদ আৰু শ্বেৰনুপ গাঁৱলৈ কাৰিকৰী ভ্ৰমণৰ কাৰ্যসূচী হাতত লোৱা হৈছে।আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকলৰ বাবে  মাৰ্টৰ পিছৰ পৰিচিতি (এফ এ এম) ভ্ৰমণ কাৰ্য্যসূচী ১ নৱেম্বৰ ২০২৬ ৰ পৰা গুৱাহাটীত  আৰম্ভ হ'ব। ইয়াৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন গন্তব্যস্থান আৰু সামগ্ৰীৰ অভিজ্ঞতা লাভৰ সুযোগ মুকলি হ’ব।

এই কাৰ্য্যসূচীৰ চতুৰ্দশ সংস্কৰণে ১৩ বছৰৰ পাছত টাৱাঙলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ প্ৰত্যাৱৰ্তন প্ৰতিফলিত কৰে। ইয়াৰ পূৰ্বে দ্বিতীয় সংস্কৰণটো ২০১৩ চনত ইয়াত অনুষ্ঠিত হৈছিল। এই মাৰ্টখনে পৰ্যটন অংশীদাৰিত্ব শক্তিশালী কৰা, কম পৰিচিত গন্তব্যস্থানৰ প্ৰচাৰ কৰা আৰু উত্তৰ-পূৰ্বাঞ্চলক বহনক্ষম  তথা অভিজ্ঞতাভিত্তিক পৰ্যটনৰ বাবে এক আগশাৰীৰ গন্তব্যস্থান হিচাপে স্থান দিয়াৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।

 

***

RK/DD


(ৰিলিজ আই ডি : 2330732) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , हिन्दी , Urdu