সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

অসমত কল্যাণমূলক আঁচনিসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা কেন্দ্ৰীয় সচিব শ্ৰী সুধাংশ পণ্টৰ

মন্ত্ৰালয়ৰ কল্যাণমূলক পদক্ষেপবোৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ তথা অসম চৰকাৰৰ যুটীয়া প্ৰচেষ্টাক প্ৰশংসা শ্ৰী পণ্টৰ

যোগ্য হিতাধিকাৰীসকলক সমাজ কল্যাণ আঁচনিবোৰ কাৰ্যকৰী ভাৱে প্ৰদান কৰা আৰু ৰূপায়ণৰ বাধাবোৰ সময়মতে সমাধান কৰাৰ বাবে দীৰ্ঘম্যাদী আন্তঃবিভাগীয় সমন্বয়, প্ৰসাৰ আৰু সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ

পোষ্ট কৰা হৈছে: 28 OCT 2026 8:16PM by PIB Guwahati

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ সচিব শ্ৰী সুধাংশ পণ্টে আজি অসমত মন্ত্ৰালয়ৰ বিভিন্ন কল্যাণমুখী আঁচনিৰ ৰূপায়ণ পৰ্যালোচনা কৰে, যাৰ ভিতৰত ড্ৰাগছৰ চাহিদা হ্ৰাস, অনুসূচিত জাতিৰ উন্নয়ন, জ্যেষ্ঠ নাগৰিকৰ কল্যাণ, অনাময় কৰ্মীৰ সুৰক্ষা আৰু দুৰ্বল শ্ৰেণীৰ পুনৰ্সংস্থাপন অন্তৰ্ভুক্ত আছিল।

ৰাজ্যৰ ৰাজধানী গুৱাহাটীত আয়োজিত পৰ্যালোচনা সভাত মুখ্য পদক্ষেপবোৰৰ প্ৰগতিৰ মূল্যাঙ্কন কৰা হয় আৰু কল্যাণমূলক পদক্ষেপবোৰ যোগ্য হিতাধিকাৰীসকলৰ বাবে বাস্তৱ লাভালাভ প্ৰদান কৰা নিশ্চিত কৰাৰ বাবে সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হ’য়।

বৈঠকত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী অজয় তিৱাৰীৰ লগতে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সচিব শ্ৰী পল্লৱ গোপাল ঝা আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

পৰ্যালোচনাৰ সময়ত, শ্ৰী পণ্টে সামাজিক কল্যাণৰ কাৰ্যসূচীসমূহৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে এক সমন্বিত, সামগ্ৰিক-চৰকাৰী দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগে সংশ্লিষ্ট বিভাগ তথা ৰূপায়ণকাৰী সংস্থাসমূহক একত্ৰিত কৰাত এক কাৰ্যকৰী নোডেল ভূমিকা পালন কৰিব লাগে।

শ্ৰী পণ্টে নিচামুক্ত ভাৰত অভিযান (এনএমবিএ), প্ৰধান মন্ত্ৰী অনুসুচিত জাতি অভ্যুদয় যোজনা (পিএম-এজেএৱাই) আৰু যান্ত্ৰিক অনাময় পৰিৱেশতন্ত্ৰৰ বাবে ৰাষ্ট্ৰীয় কাৰ্য (নমস্তে)ৰ অধীনত সমন্বয়ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ অসমৰ অগ্ৰগতিৰ প্ৰশংসা কৰে আৰু ৰূপায়ণৰ ব্যৱধান দূৰ কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ড্ৰাগছৰ চাহিদা হ্ৰাস আৰু পুনৰ্বাসন শক্তিশালী কৰা

সচিবক অৱগত কৰা হয় যে নিচা মুক্ত ভাৰত অভিযানৰ অধীনত অসমৰ সকলো জিলা সামৰি লোৱা হৈছে আৰু ১০,৬১৪ খন শিক্ষানুষ্ঠানত ৬,৫৭৫ টা কাৰ্যসূচীৰ জৰিয়তে ২৭.৭১ লাখ লোকক সামৰি লোৱা হৈছে। ৰাজ্যখনে ১৩,৭১২ গৰাকী নিচামুক্তি মিত্ৰ স্বেচ্ছাসেৱকক পঞ্জীয়ন কৰিছে আৰু ২,২৪,৭৮৩ টা ই-প্ৰতিশ্ৰুতি নথিভুক্ত কৰিছে, যি নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ প্ৰতিৰোধৰ প্ৰচেষ্টাত শিক্ষানুষ্ঠান, স্বেচ্ছাসেৱক আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণক প্ৰতিফলিত কৰে।

ৰাজ্যখনৰ বিষয়াসকলে সভাত অৱগত কৰে যে অসমত নিচাসক্তসকলৰ বাবে ১৬ টা সংহত পুনৰ্বাসন কেন্দ্ৰ আৰু ছটা ৰাজ্য চৰকাৰৰ পুঁজিৰ দ্বাৰা নিচামুক্তি আৰু পুনৰ্সংস্থাপন কেন্দ্ৰ আছে। এই সুবিধাবোৰে নিচাযুক্ত দ্ৰব্য সেৱনৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ সজাগতা, চিকিৎসা, পুনৰ্সংস্থাপন আৰু সামাজিক পুনৰ্সংস্থাপনৰ বাবে ব্যাপক প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।

সংহত বিকাশ আৰু জীৱিকাৰ সুবিধা প্ৰসাৰণ

বিষয়াসকলে লগতে জনায় যে পিএম-এজেএৱাইৰ অধীনত, ৭২১ খন অনুসূচীত জাতিৰ গাওঁ সংহত বিকাশৰ বাবে গ্ৰহণ কৰা হৈছে। জীৱিকা উপাদানে ৫,২৬৯ জন হিতাধিকাৰীক অনুমোদন জনাইছে, যাৰ ভিতৰত আছে স্ব-সহায়ক গোট (এছএইচজি) আৰু ব্যক্তিগত অনুসূচীত জাতিৰ মহিলা, যাৰ সামগ্ৰিক বিত্তীয় অংশগ্ৰহণৰ সৈতে ২৬.৩৪ কোটি টকা সংযুক্ত আছে। এই আঁচনিয়ে অনুসূচিত জাতি-প্ৰধান এলেকাসমূহত ২৮ টা মিনি ষ্টেডিয়াম নিৰ্মাণৰো পৰিকল্পনা কৰিছে, যাৰ ফলত সামূহিক আন্তঃগাঁথনি তথা ক্ৰীড়া আৰু শাৰীৰিক কাৰ্যকলাপৰ সুযোগ লাভত সহায় হ’ব।

পৰ্যালোচনাত উন্নয়নমূলক হস্তক্ষেপে দীৰ্ঘম্যাদী জীৱিকাৰ সুযোগ সৃষ্টি কৰা আৰু অনুসূচীত জাতিৰ বাবে অত্যাৱশ্যকীয় সুবিধাৰ উপলব্ধতা উন্নত কৰাটো নিশ্চিত কৰাৰ বাবে কাৰ্যকৰী ৰূপায়ণ তথা সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

অনাময় কৰ্মীসকলৰ সুৰক্ষা আৰু মৰ্য্যদা উন্নত কৰা

পৰ্যালোচনাত উন্নত বৃত্তিগত অনুশীলন আৰু যান্ত্ৰিকীকৰণৰ জৰিয়তে অনাময় কৰ্মীসকলৰ সুৰক্ষা, মৰ্যাদা আৰু কল্যাণ বৃদ্ধি কৰাৰ উদ্দেশ্যে নমস্তেৰ ৰূপায়ণৰ বিষয়েও পৰ্যালোচনা কৰা হয়। অসমত, ৯৬ টা নগৰ স্থানীয় নিকায়ত ৪৮৩ জন নৰ্দমা আৰু চেপ্টিক টেংক কৰ্মী তথা ৬,৩৬৫ জন আৱৰ্জনা সংগ্ৰহকাৰীক আছে।

এই কাৰ্যসূচীয়ে বৃত্তিগত সুৰক্ষা, ব্যক্তিগত সুৰক্ষা সঁজুলি, স্বাস্থ্য আৱৰণ আৰু যান্ত্ৰিক অনাময় অনুশীলনৰ ওপৰত গুৰুত্ব দিয়ে। এই হস্তক্ষেপবোৰৰ লক্ষ্য হৈছে কৰ্ম পৰিস্থিতি উন্নত কৰা, বৃত্তিগত বিপদাশংকা হ্ৰাস কৰা আৰু সুৰক্ষিত অনাময় অনুশীলন গ্ৰহণ শক্তিশালী কৰা।

জেষ্ঠ নাগৰিকৰ কল্যাণ শক্তিশালীকৰণ আৰু স্পৰ্শকাতৰ গোটসমূহৰ পুনৰ্সংস্থাপন

সভাখনত অটল বয়ো অভ্যুদয় যোজনা (এভিৱাইএৱাই)ৰ অধীনত জ্যেষ্ঠ নাগৰিক কল্যাণ, অনুসূচীত জাতি তথা অনুসূচীত জনজাতিৰ সুৰক্ষাৰ বাবে ব্যৱস্থা আৰু স্মাইল আঁচনিৰ অধীনত ভিক্ষাবৃত্তিত নিয়োজিত লোকসকলৰ পুনৰ্সংস্থাপনৰ বিষয়ে পৰ্যালোচনা কৰা হয়।

ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনাৰ অধীনত বিত্তীয় বৰ্ষ ২০২৬-২৭ বৰ্ষত ২৭ অক্টোবৰ ২০২৬ লৈকে অসমৰ ১০,৭১৫ জন জ্যেষ্ঠ নাগৰিকক ৪৮,৭৫৬ সহায়ক সঁজুলি বিতৰণ কৰা হৈছে। এই পদক্ষেপে বয়স সম্পৰ্কীয় বিকলাঙ্গতা আৰু গতিশীলতাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সহায়ক সঁজুলিৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰে, যাৰ ফলত তেওঁলোকৰ স্বাধীনতা আৰু জীৱনৰ মান সমৰ্থন কৰা হয়।

আন্তঃবিভাগীয় সমন্বয় শক্তিশালীকৰণ আৰু কাৰ্যকৰী ৰূপায়ণ

শ্ৰী পণ্টে মন্ত্ৰালয়ৰ কল্যাণমূলক পদক্ষেপবোৰ ৰূপায়ণ কৰাত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ তথা ৰাজ্য চৰকাৰৰ যুটীয়া প্ৰচেষ্টাক প্ৰশংসা কৰে। তেওঁ নিৰন্তৰ আন্তঃবিভাগীয় সমন্বয়, যোগ্য হিতাধিকাৰীসকলৰ ওচৰলৈ কাৰ্যকৰী প্ৰচাৰ আৰু ৰূপায়ণৰ বাধাবোৰ সময়মতে সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে

সচিবগৰাকীয়ে কল্যাণমূলক আঁচনিসমূহৰ প্ৰভাৱ প্ৰদৰ্শন কৰিবলৈ আৰু যোগ্য হিতাধিকাৰীসকলৰ মাজত অধিক সজাগতা সৃষ্টি কৰাৰ অৰ্থে প্ৰণালীবদ্ধভাৱে সফলতাৰ কাহিনী নথিভুক্ত তথা প্ৰচাৰ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। পৰ্যালোচনাত ৰূপায়ণ প্ৰণালী শক্তিশালী কৰিবলৈ আৰু সমাজ কল্যাণমূলক কাৰ্যসূচীৰ আকাংক্ষিত লাভালাভ সমগ্ৰ অসমৰ জনসাধাৰণৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰসমূহৰ মাজত নিৰন্তৰ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

এই সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে, মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰে অনুসূচিত জাতি, জ্যেষ্ঠ নাগৰিক, অনাময় কৰ্মী আৰু সমাজৰ অন্যান্য অসুৰক্ষিত শ্ৰেণীৰ লোকসকলৰ বাবে সামাজিক ন্যায়, অন্তৰ্ভুক্তিকৰণ আৰু উন্নত মানদণ্ডৰ জীৱন প্ৰসাৰৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দৃঢ় কৰে।

 

 

*****

PR-200-TAR/KV/GA/RK/MK


(ৰিলিজ আই ডি : 2329850) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu