প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

শ্ৰীলংকাৰ কলম্বোত উপস্থিত ভাৰতীয় নৌসেনাৰ প্ৰথম প্ৰশিক্ষণ স্কোৱাড্ৰন

পোষ্ট কৰা হৈছে: 27 OCT 2026 4:52PM by PIB Guwahati

ভাৰতীয় নৌসেনাৰ প্ৰথম প্ৰশিক্ষণ স্কোৱাড্ৰন (১ টি এছ) — আই এন এছ টিৰ, আই এন এছ সুজাতা আৰু ভাৰতীয় উপকূলৰক্ষী জাহাজ (আই চি জি এছ) সাৰথি — ২০২৬ চনৰ ২৬ অক্টোবৰত শ্ৰীলংকাৰ কলম্বোত উপস্থিত হয়। এই ভ্ৰমণে দুয়োটা নৌসেনাবাহিনীৰ মাজত পেছাদাৰী পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰু প্ৰথম প্ৰশিক্ষণ স্কোৱাড্ৰনৰ সৈতে প্ৰশিক্ষণ গ্ৰহণ কৰা সাগৰীয় প্ৰশিক্ষাৰ্থীৰ সৈতে যোগাযোগৰ সুযোগ মুকলি কৰিছে।

 

নৌসেনাৰ প্ৰশিক্ষণৰ সঞ্চালকপ্ৰধান আৰু শ্ৰীলংকাৰ নৌসেনাৰ পূব নৌসেনা এলেকাৰ কমাণ্ডাৰে জাহাজসমূহত থকা সাগৰীয় প্ৰশিক্ষাৰ্থীসকল উপস্থিত হোৱাৰ লগে লগে তেওঁলোকৰ সৈতে মত বিনিময় কৰে। এই মত বিনিময় কাৰ্যসূচীৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলৰ সৈতে আলোচনাৰ লগতে  পেছাদাৰী নৌসেনাৰ প্ৰশিক্ষণ  সন্দৰ্ভত দৃষ্টিভংগী বিনিময় সম্ভৱ হয়।

 

এই  দুয়োটা নৌসেনাৰ কৰ্মীয়ে প্ৰশিক্ষণ সম্পৰ্কীয় ভ্ৰমণ আৰু যুটীয়া অনুশীলনকে ধৰি একাধিক পেছাদাৰী আৰু প্ৰশিক্ষণৰ সৈতে জড়িত কাৰ্যসূচীত অংশ ল’ব। এই কাৰ্যকলাপসমূহে কৰ্মীসকলক পেছাদাৰী জ্ঞানৰ বিনিময় আৰু ইজনে সিজনৰ পদ্ধতিৰ সৈতে পৰিচিত হোৱাৰ সুযোগ প্ৰদান কৰাৰ সমান্তৰালকৈ দুয়োটা নৌসেনাৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু সমন্বয় শক্তিশালী কৰিব।

 

এই সময়ছোৱাত জনসম্পৰ্কৰক্ষী কাৰ্যকলাপ আৰু জনসাধাৰণৰ বাবে জাহাজ ভ্ৰমণৰো ব্যৱস্থা কৰা হ’ব। এই কাৰ্যসূচীসমূহে স্থানীয় সম্প্ৰদায়ৰ সৈতে মত বিনিময় আৰু ভাৰতীয় নৌসেনাৰ জাহাজ তথা প্ৰশিক্ষণ কাৰ্য্যকলাপৰ সৈতে পৰিচিতিৰ সুযোগ প্ৰদান কৰিব।

 

এই পদক্ষেপে ভাৰত আৰু শ্ৰীলংকাৰ মাজত স্থায়ী সামুদ্ৰিক অংশীদাৰিত্ব আৰু পেছাদাৰী সংযোগ তথা সহযোগিতাৰ প্ৰতি দুয়োটা নৌসেনাৰ অবিৰত দায়বদ্ধতাক প্ৰতিফলিত কৰে। ভাৰতৰ  মহাসাগৰ (আঞ্চলিক পৰিধি নেওচি উমৈহতীয়া সৰ্বাত্মক প্ৰগতি আৰু নিৰাপত্তা)ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই ভ্ৰমণৰ ব্যৱস্থা কৰা হৈছে।  তদুপৰি ইয়াৰ জৰিয়তে সামুদ্ৰিক সুৰক্ষা আৰু আঞ্চলিক সমৃদ্ধিৰ দিশত পাৰস্পৰিক সহযোগিতা আৰু সহযোগিতামূলক প্ৰচেষ্টাত গুৰুত্ব দিয়া হৈছে  ।

VM/AS/DD


(ৰিলিজ আই ডি : 2329271) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: Urdu , English , हिन्दी , Tamil