প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিকশিত ভাৰতৰ ভেটি গঢ়ি উঠিব শক্তিশালী বৈজ্ঞানিক গৱেষণা, আৱিষ্কাৰ আৰু উদ্ভাৱনৰ মনোভাৱৰ ওপৰতঃ প্ৰধানমন্ত্ৰী

ভৱিষ্যতৰ প্ৰযুক্তিৰ বিকাশত ভাৰতে উদ্ভাৱনেৰে বিশ্বক নেতৃত্ব দিব লাগিবঃ প্ৰধানমন্ত্ৰী

গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন আৰু নিজৰ সামৰ্থ্য শক্তিশালী কৰাই ভাৰতৰ লক্ষ্যঃ প্ৰধানমন্ত্ৰী

কৃত্ৰিম বুদ্ধিমত্তাই দ্ৰুতগতিত উত্তৰ দিব পাৰে, কিন্তু সেই উত্তৰৰ সত্যতা পৰীক্ষা কৰাটো অত্যাৱশ্যকীয়ঃ প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 27 OCT 2026 7:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন ২০২৬ৰ শুভাৰম্ভ কৰে ।সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে নৱীন উদ্যোগৰ প্ৰতিষ্ঠাপকসকলৰ সৈতে হোৱা সজীৱ মত বিনিময়ৰ অভিজ্ঞতাৰে নিজৰ উৎসাহ প্ৰকাশ কৰে।তেওঁ দেশৰ যুৱপ্ৰজন্মৰ বিস্তৃত দৃষ্টিভংগী আৰু সাহসী সংকল্পৰ প্ৰশংসা কৰে।

শ্ৰী মোদীয়ে কয়, “ভাৰতৰ যুৱপ্ৰজন্মই যি  পৰিসৰত চিন্তা কৰিছে আৰু যি আত্মবিশ্বাসেৰে আগবাঢ়িছে, সেয়া উৎসাহজনক।”

সন্মিলনৰ পূৰ্বৰ সংস্কৰণত অংশগ্ৰহণ কৰাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে অতীতৰ কেইটামান দশকৰ সৈতে বৰ্তমানৰ পৰিৱৰ্তনৰ তুলনা কৰে।

তেওঁ কয় যে পূৰ্বতে ভাৰতে বিদেশত উদ্ভাৱন হোৱা প্ৰযুক্তি বহু বছৰৰ পিছত গ্ৰহণ বা সংশোধন কৰি ব্যৱহাৰ কৰাৰ মাজতে সীমাবদ্ধ আছিল।

ইয়াৰ বিপৰীতে একবিংশ শতিকাৰ ভাৰতৰ নতুন মানসিকতাই নিজাকৈ মৌলিক প্ৰযুক্তি উদ্ভাৱন কৰা, বিশ্বৰ বাবে নতুন দিশ নিৰ্ধাৰণ কৰা আৰু বিশ্বজুৰি দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ সমাধান উলিওৱাৰ লক্ষ্য লৈছে।

দেশৰ জনসাধাৰণক প্ৰতিষেধক প্ৰদান কৰাৰ লগতে আন দেশলৈও যোগান ধৰিবলৈ ভাৰতে নিজাকৈ ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ উদাহৰণ দাঙি ধৰি তেওঁ ভাৰতৰ প্ৰযুক্তিগত অগ্ৰগতিৰ কথা উল্লেখ কৰে।

ইয়াৰ লগতে তেওঁ প্ৰথমটো প্ৰচেষ্টাতে মংগল গ্ৰহত উপনীত হোৱা আৰু আগতে অন্বেষণ নকৰা চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অৱতৰণ কৰাৰ সাফল্যৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে দেশৰ বাবে সাহসী প্ৰযুক্তিগত দৃষ্টিভংগী দাঙি ধৰি কয়, “ভাৰতে ভৱিষ্যতৰ প্ৰযুক্তিসমূহ গ্ৰহণ কৰিব লাগিব, সাহসেৰে উদ্ভাৱন কৰিব লাগিব আৰু সেইসমূহৰ সৃষ্টিৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিব লাগিব।”

শূন্য আৰু সংখ্যা পদ্ধতিৰ আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি জ্যোতিৰ্বিজ্ঞানলৈকে ভাৰতৰ চহকী আৱিষ্কাৰৰ ঐতিহ্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে আধুনিক প্ৰযুক্তি আৰু নতুন আত্মবিশ্বাসৰ জৰিয়তে এই বৈজ্ঞানিক ঐতিহ্যক আগুৱাই নিছে।

তেওঁ বিগত এবছৰত লাভ কৰা কেইবাটাও উল্লেখযোগ্য সাফল্যৰ কথাও উল্লেখ কৰে।

৩০ অক্টোবৰত ড° হোমি জাহাংগীৰ ভাভাৰ জন্মবাৰ্ষিকী উদযাপন কৰিবলৈ লোৱাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ শেহতীয়া সাফল্যসমূহৰ পৰ্যালোচনা পাৰমাণৱিক শক্তি খণ্ডৰ পৰা আৰম্ভ কৰে।

শ্ৰী মোদীয়ে কয়, “সেয়েহে আহক, আমি পাৰমাণৱিক শক্তিৰে আৰম্ভ কৰোঁ।”

বিকশিত ভাৰত গঢ়িবলৈ বৃহৎ পৰিসৰৰ পাৰমাণৱিক শক্তি উৎপাদন ক্ষমতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমদানিকৃত পাৰমাণৱিক ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতাই দেশৰ শক্তি-নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰে।

তেওঁ উল্লেখ কৰে যে ভাৰতে দ্ৰুতগতিত নিজাকৈ দ্ৰুত বৰ্ধনকাৰী পাৰমাণৱিক চুল্লি প্ৰযুক্তিৰ বিকাশ সাধন কৰি আছে।

তেওঁ কয় যে মাত্ৰ কেইমাহমান পূৰ্বে দেশত নিৰ্মিত ৫০০ মেগাৱাট ক্ষমতাসম্পন্ন প্ৰ’ট’টাইপ দ্ৰুত বৰ্ধনকাৰী পাৰমাণৱিক চুল্লিটোৱে সফলতাৰে প্ৰথমবাৰৰ বাবে পাৰমাণৱিক বিক্ৰিয়া আৰম্ভ কৰাৰ পৰ্যায় লাভ কৰিছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত আমাৰ দীৰ্ঘম্যাদী সামৰ্থ্য শক্তিশালী কৰাৰ দিশত এয়া  এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।”

দেশৰ উচ্চাকাংক্ষা কেৱল ঘৰুৱা শক্তি-নিৰাপত্তা আৰু প্ৰযুক্তিগত আত্মনিৰ্ভৰশীলতাৰ মাজতে সীমাবদ্ধ নহয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ক্ষেত্ৰতো নিজৰ উপস্থিতি সম্প্ৰসাৰিত কৰিবলৈ আগবাঢ়িছে ।

তেওঁ এই বছৰত মহাকাশ খণ্ডত লাভ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সাফল্যৰ কথা উল্লেখ কৰে ।

ইয়াৰ ভিতৰত ভাৰতৰ এটা মহাকাশ-নৱীন উদ্যোগে সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মিত ৰকেট ব্যৱহাৰ কৰি প্ৰথমটো প্ৰচেষ্টাতে এটা উপগ্ৰহ কক্ষপথত স্থাপন কৰা আৰু উপগ্ৰহ সংযোগৰ প্ৰযুক্তিগত সক্ষমতা অৰ্জন কৰাটো অন্যতম।

তেওঁ কয় যে দেশৰ বহু নৱীন উদ্যোগে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত নতুন সমাধান আগবঢ়াইছে।

ইয়াৰ লগতে যুৱ বিজ্ঞানী আৰু উদ্যোগীসকলৰ অংশগ্ৰহণো ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।

শ্ৰী মোদীয়ে কয়, “গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ক্ষেত্ৰত আমাৰ সামৰ্থ্য সম্প্ৰসাৰিত কৰাটোও আমাৰ লক্ষ্য।”

বিভিন্ন খণ্ডত ভাৰতে লাভ কৰা সাফল্যৰ ব্যাপকতাক অভূতপূৰ্ব বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই বছৰ দেশখনে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় সন্মিলন অনুষ্ঠিত কৰিছে, নিজাকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ আৰ্হি প্ৰস্তুত কৰিছে আৰু ভাৰতত নিৰ্মিত অৰ্ধপৰিবাহী চিপ বিশ্বলৈ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে।

তেওঁ লগতে উল্লেখ কৰে যে দেশত সুলভ কেঁচামালৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰি বেটাৰী শক্তি সঞ্চয়ৰ ক্ষমতা গঢ়ি তোলাৰ কামো চলি আছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভাৰতৰ বিভিন্ন খণ্ডত লাভ কৰা সাফল্যৰ বৈচিত্ৰ্য অভূতপূৰ্ব।”

পাৰমাণৱিক শক্তি, মহাকাশ, কৃত্ৰিম বুদ্ধিমত্তা আৰু অৰ্ধপৰিবাহী প্ৰযুক্তিৰ দৰে খণ্ডসমূহৰ প্ৰয়োজনীয়তা পৃথক পৃথক হ’লেও এই সকলোবোৰে উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান শক্তি আৰু আত্মবিশ্বাসৰ প্ৰতিফলন ঘটায় বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

তেওঁ দেশৰ এটা বিশেষ সামৰ্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাক তেওঁ ‘বৃহৎ পৰিসৰত সমাধান আগবঢ়োৱা’ বুলি অভিহিত কৰে।

তেওঁ কয় যে ভাৰতত উদ্ভাৱন হোৱা প্ৰযুক্তিয়ে দেশৰ ভিতৰৰ সমস্যা সমাধান কৰাৰ লগতে বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈও সক্ষম হ’ব লাগিব।

ডিজিটেল ব্যৱস্থা আৰু দেশত বিকশিত পঞ্চম প্ৰজন্মৰ দূৰসংযোগ প্ৰযুক্তিৰ সফলতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বৃহৎ জনসংখ্যাৰ বাবে সুৰক্ষিত মঞ্চ গঢ়ি তোলাৰ চলি থকা প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰে।

শ্ৰী মোদীয়ে কয়, “ভাৰতে এনে সুৰক্ষিত সমাধান বিকাশৰ দিশত আগবাঢ়িছে, যিবোৰ বৃহৎ পৰিসৰত জনসাধাৰণৰ ওচৰলৈ লৈ যাব পৰা যায়।”

বিজ্ঞান আৰু প্ৰযুক্তিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ ঐতিহাসিক প্ৰৱণতাৰ বিপৰীতে ভাৰতে ইয়াক মানৱতাৰ সেৱাত ব্যৱহাৰ কৰাৰ দৰ্শন গ্ৰহণ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

তেওঁ কয় যে বৈজ্ঞানিক সফলতাৰ প্ৰকৃত অৰ্থ হ’ল গৱেষণাগাৰৰ সীমা অতিক্ৰম কৰি সাধাৰণ মানুহৰ জীৱন উন্নত কৰা, বৃহৎ সমস্যাসমূহৰ সমাধান উলিওৱা আৰু স্বাস্থ্যসেৱা, কৃষি, শিক্ষা, নিয়োগ তথা দুৰ্যোগৰ মোকাবিলা কৰাৰ সামৰ্থ্য শক্তিশালী কৰা। ভাৰতীয় নৱীন উদ্যোগসমূহে এই ক্ষেত্ৰসমূহক অগ্ৰাধিকাৰ দিয়াত তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।

তেওঁ মগজুৰ কাৰ্যকলাপ বুজিবলৈ ব্যৱহাৰ কৰা  মগজু-বিদ্যুৎ সংকেত পৰিমাপক প্ৰযুক্তি, দেশীয় বেতাঁৰ আৰু উপগ্ৰহ যোগাযোগ ব্যৱস্থা,নতুন অৰ্ধপৰিবাহী প্ৰযুক্তি আৰু তীখা উদ্যোগৰ অৱশিষ্ট পদাৰ্থৰ দৰে ঔদ্যোগিক আৱৰ্জনা ব্যৱহাৰৰ সমাধান বিকশিত কৰি থকা নৱীন উদ্যোগ আৰু দেশীয় প্ৰতিষ্ঠানসমূহৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “বিজ্ঞানৰ প্ৰকৃত সফলতা তেতিয়াহে আহে, যেতিয়া ই গৱেষণাগাৰৰ পৰা ওলাই আহি সাধাৰণ নাগৰিকৰ জীৱন উন্নত কৰে।”

চেন্নাইৰ আইআইটি মাদ্ৰাজত শেহতীয়াকৈ লাভ কৰা অভিজ্ঞতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ তাত এটা আধুনিক মগজু গৱেষণা কেন্দ্ৰ উদ্বোধন কৰিছিল।

এই কেন্দ্ৰটোৱে মানৱ মগজুৰ উচ্চ-সংহতিসম্পন্ন ত্ৰিমাত্ৰিক ডিজিটেল ছবি প্ৰস্তুত কৰি জটিল স্নায়ৱিক ৰোগসমূহৰ ৰহস্য উন্মোচনৰ বাবে বিশ্বমানৰ মগজু-চিত্ৰায়ন প্ৰযুক্তিৰ মঞ্চ সৃষ্টি কৰিছে।

তেওঁ ঘোষণা কৰে যে বৈজ্ঞানিক অগ্ৰগতিৰ চূড়ান্ত মাপকাঠী হ’ব লাগিব ‘সমাজৰ বাবে বিজ্ঞান’ আৰু ‘পৰিৱৰ্তনৰ বাবে প্ৰযুক্তি’।

শ্ৰী মোদীয়ে কয়, “ভাৰতেও এই একেটা মাপকাঠীৰে নিজৰ সামৰ্থ্য পৰীক্ষা কৰি আগবাঢ়িছে।”

এখন দেশৰ প্ৰযুক্তি সৃষ্টি কৰাৰ ক্ষমতা আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা শক্তিশালী গৱেষণাৰ ওপৰত নিৰ্ভৰ কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ‘জয় বিজ্ঞান, জয় অনুসন্ধান’ শ্লোগানৰ অন্তৰ্নিহিত ভাবধাৰাৰ কথাও উল্লেখ  ধৰে। তেওঁ অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ন্যাসৰ দ্ৰুত অগ্ৰগতিৰ কথা উল্লেখ কৰে।

ইয়াৰ লগতে তেওঁ যোৱা বছৰ এই একেখন মঞ্চতে গৱেষণা, বিকাশ আৰু উদ্ভাৱনৰ বাবে এক লাখ কোটি টকা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ কথাও স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীয়ে জনায় যে বিগত এবছৰত গৱেষণাগাৰত বিকশিত প্ৰযুক্তিক বজাৰত ব্যৱহাৰোপযোগী কৰি তুলিবলৈ চৰকাৰে প্ৰতিশ্ৰুতিবদ্ধ কৰা ১২,০০০ কোটি টকাৰ সম পৰিমাণৰ ধন ব্যক্তিগত বিনিয়োগকাৰীসকলেও আগবঢ়াইছে।অৰ্থাৎ, চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ অৱদান মিলাই মাত্ৰ এবছৰতে গৱেষণা আৰু বিকাশৰ বাবে নতুনকৈ মুঠ ২৪,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “অৰ্থাৎ, মাত্ৰ এবছৰতে গৱেষণা আৰু বিকাশৰ বাবে নতুনকৈ মুঠ ২৪ হাজাৰ কোটি টকাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।”

দেশৰ ভিতৰুৱা গৱেষণা ব্যৱস্থাৰ ক্ৰমবৰ্ধমান সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা এটা দশকত বৌদ্ধিক সম্পত্তি সৃষ্টিৰ ক্ষেত্ৰত উল্লেখযোগ্য বৃদ্ধি দেখা গৈছে। তেওঁ কয়  যে দহ বছৰ পূৰ্বে বছৰি পেটেণ্টৰ আবেদনৰ সংখ্যা ৫০,০০০তকৈও কম আছিল।

কিন্তু যোৱা বছৰ এই সংখ্যা প্ৰায় ১.৫ লাখলৈ বৃদ্ধি পাইছে।

তেওঁৰ মতে, এই পৰিৱৰ্তন কেৱল সংখ্যাগত বৃদ্ধি নহয়; ই দেশৰ গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত হোৱা গভীৰ গাঁথনিগত পৰিৱৰ্তনৰ প্ৰতিফলন। শ্ৰী মোদীয়ে কয়, “এই সংখ্যাবোৰে এনে পৰিৱৰ্তনৰ ইংগিত দিয়ে, য’ত গৱেষণা আৰু উদ্ভাৱন ভাৰতৰ এটা শক্তিশালী সংস্কৃতিত পৰিণত হৈছে।”

একবিংশ শতিকাৰ দ্বিতীয় চতুৰ্থাংশত কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত বৈজ্ঞানিক বিচাৰ-বিবেচনাৰ বিকাশ কেনেদৰে হ’ব, সেই সম্পৰ্কে  গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আগশাৰীৰ গৱেষণাগাৰৰ বিজ্ঞানী আৰু মঞ্চত উপস্থিত নোবেল বঁটাপ্ৰাপকসকলে বছৰ বছৰ ধৰি সৰু সৰু সমস্যা সমাধান কৰা, পৰীক্ষা-নিৰীক্ষা কৰা, বিফলতাৰ পৰা শিকা, প্ৰতিষ্ঠিত ধাৰণাক প্ৰশ্ন কৰা আৰু আনৰ চকুত নপৰা সূক্ষ্ম দিশসমূহ চিনাক্ত কৰাৰ জৰিয়তে নিজৰ বৈজ্ঞানিক বিচাৰ-বুদ্ধি গঢ়ি তুলিছে।

তেওঁ সতৰ্ক কৰি দিয়ে যে কৃত্ৰিম বুদ্ধিমত্তাই নিয়মীয়া কামসমূহ দ্ৰুতগতিত সম্পন্ন কৰি উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰে যদিও ই মানুহৰ স্বতন্ত্ৰ চিন্তাশক্তি সীমিত কৰাৰ পৰিৱৰ্তে সমৃদ্ধ কৰিব লাগিব।

ইয়াৰ জৰিয়তে ৰাহি হোৱা সময় গৱেষকসকলে অধিক কঠিন সমস্যাৰ সমাধান, নতুন পৰীক্ষা-নিৰীক্ষা আৰু ধাৰণাৰ সত্যতা পৰীক্ষা কৰাত ব্যৱহাৰ কৰিব পাৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “কৃত্ৰিম বুদ্ধিমত্তাই আমাক দ্ৰুতগতিত উত্তৰ দিব পাৰে, কিন্তু সেই উত্তৰৰ সত্যতা পৰীক্ষা কৰাৰ দায়িত্ব কেৱল বিজ্ঞানীৰ ওপৰতেই থাকিব লাগিব।”

ভৱিষ্যত নিৰ্ধাৰণ কৰিব পৰা ক্ষেত্ৰসমূহৰ বাবে বিজ্ঞানী আৰু প্ৰতিষ্ঠানসমূহক নিৰন্তৰ প্ৰস্তুত হৈ থাকিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ৰাষ্ট্ৰীয় অভিযানৰ জৰিয়তে এই ক্ষেত্ৰসমূহত মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে।

এই অভিযানসমূহৰ ভিতৰত অৰ্ধপৰিবাহী প্ৰযুক্তি, কোৱাণ্টাম প্ৰযুক্তি, জৈৱপ্ৰযুক্তি, উন্নত সামগ্ৰী, ৰবটিক প্ৰযুক্তি, মহাকাশ, পৰিষ্কাৰ শক্তি আৰু পৰৱৰ্তী প্ৰজন্মৰ যোগাযোগ ব্যৱস্থা অন্তৰ্ভুক্ত।

তেওঁ কয় যে এই প্ৰচেষ্টাসমূহৰ জৰিয়তে নতুন নতুন বৈজ্ঞানিক সাফল্য ভাৰতৰ পৰাই উদ্ভৱ হ’ব লাগিব।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে কৃত্ৰিম বুদ্ধিমত্তা, কৃত্ৰিম জীৱবিজ্ঞান আৰু স্বয়ংচালিত ব্যৱস্থাৰ ক্ষেত্ৰত সুৰক্ষা আৰু নিৰাপত্তাক সৰ্বাধিক অগ্ৰাধিকাৰ দিব লাগিব।

কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত বিত্তীয় নেটৱৰ্ক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সন্মুখত দেখা দিব পৰা নতুন চাইবাৰ সুৰক্ষাজনিত ভাবুকিৰ বিষয়ে সতৰ্ক কৰি দি তেওঁ ৰাষ্ট্ৰীয় ব্যৱস্থাসমূহ সুৰক্ষিত কৰা আৰু মানৱতাৰ সেৱাত ব্যৱহাৰ কৰিব পৰা কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক তথা কোৱাণ্টাম প্ৰযুক্তিভিত্তিক সুৰক্ষা সমাধান বিকশিত কৰিবলৈ আহ্বান জনায়।

শ্ৰী মোদীয়ে কয়, “আমাৰ লক্ষ্য হৈছে এনে প্ৰযুক্তি বিকশিত কৰা, যিয়ে ভাৰতক শক্তিশালী কৰাৰ লগতে মানৱৰ  সৈতে জড়িত সমস্যাসমূহ সমাধানতো অৰিহণা যোগাব।”

সন্মিলনত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী গৱেষক, উদ্যোগৰ নেতা, নৱীন উদ্যোগৰ প্ৰতিষ্ঠাপক আৰু শিক্ষাৰ্থীক আগন্তুক তিনি বছৰৰ বাবে এটা নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰিবলৈও   প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়।

তেওঁ তেওঁলোকক কোনটো প্ৰযুক্তি, আৰ্হি, পৰীক্ষামূলক প্ৰকল্প বা সামগ্ৰী বিকাশত তেওঁলোকে সহায় কৰিব, সেয়া স্পষ্টভাৱে নিৰ্ধাৰণ কৰিবলৈ কয়।

বিকশিত ভাৰত গঢ়ি তোলা আৰু ভাৰতক বিশ্বৰ বাবে সমাধানৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে উদ্ভাৱনক আগুৱাই নিয়াৰ বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে।

তেওঁ কয় যে এই সমাৱেশ কেৱল আলোচনা-বিলোচনাতে সীমাবদ্ধ হৈ থাকিব নালাগে; ইয়াৰ পৰা বাস্তৱিক আৰু পৰিমাপযোগ্য ফলাফল লাভ কৰিব লাগিব।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “এই সন্মিলন কেৱল ধাৰণাৰ আদান-প্ৰদানতে সীমাবদ্ধ থাকিব নালাগে; ই পৰিমাপযোগ্য ফলাফল লাভৰ মঞ্চত পৰিণত হওক।”

বিশ্বৰ আটাইতকৈ কম বয়সীয়া জনসংখ্যাৰ দেশ হিচাপে ভাৰতৰ প্ৰতিভা আৰু দৃঢ় সংকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাষণৰ সামৰণি মাৰে।

তেওঁ কয় যে উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত কেৱল অংশগ্ৰহণ কৰাতে সীমাবদ্ধ নাথাকি নেতৃত্ব দিব পৰা এটা প্ৰজন্ম গঢ়ি তোলাটো অত্যন্ত প্ৰয়োজনীয়।

‘আমি কৰিমেই’—এই সামূহিক মনোভাৱ আৰু দৃঢ় বিশ্বাসৰ কথা উল্লেখ কৰি তেওঁ সন্মিলনৰ সফলতা কামনা কৰে।

শ্ৰী মোদীয়ে কয়, “আমি এনে এটা প্ৰজন্ম গঢ়ি তুলিব লাগিব, যি কেৱল উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত অংশগ্ৰহণ নকৰে, বৰঞ্চ ইয়াক নেতৃত্বও দিয়ে।”

 

****

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2329266) অতিথি কক্ষ : 4