প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

পৰৱৰ্তী প্ৰজন্মৰ উপকূলীয় টহলদাৰী জাহাজ (য়াৰ্ড ১২৮৩, সৃষ্টি) মুকলি

পোষ্ট কৰা হৈছে: 27 OCT 2026 7:05PM by PIB Guwahati

সামৰিক বিত্ত বিভাগৰ সচিব শ্ৰী বিশ্বজিৎ সহায়ৰ উপস্থিতিত ২০২৬ চনৰ ২৭ অক্টোবৰত গোৱাৰ গোৱা শ্বিপয়াৰ্ড লিমিটেড (জি এছ এল)ত  শ্ৰীমতী সন্দীপা সহায়ে  পৰৱৰ্তী প্ৰজন্মৰ উপকূলীয় টহলদাৰী জাহাজ (এন জি অ’ পি ভি) য়াৰ্ড ১২৮৩ (সৃষ্টি) মুকলি কৰে। এই অনুষ্ঠানত ভাৰতীয় নৌসেনাৰ সমৃদ্ধ পৰম্পৰা আৰু নীতি-নিয়ম প্ৰতিফলিত হয়। ভাৰতীয় নৌসেনা, প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু জি এছ এলৰ জ্যেষ্ঠ বিশিষ্ট ব্যক্তিসকলে অনুষ্ঠানত  অংশগ্ৰহণ কৰে।

 

এই থলুৱাভাৱে শৈলী প্ৰস্তুত কৰা তথা থলুৱাভাৱে নিৰ্মিত জাহাজসমূহে সামুদ্ৰিক চোৱা-চিতা, অনুসন্ধান আৰু উদ্ধাৰ, উপকূলীয় সম্পত্তিৰ সুৰক্ষা, মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য (এইচএডিআৰ) তথা জলদস্যু বিৰোধী অভিযানকে ধৰি  বহু দিশৰ কাৰ্যকলাপৰ বাবে বৰ্তমানৰ অ’পিভি/এনঅ’পিভিসমূহ বৃদ্ধি কৰিব । একেলগে দুটা জাহাজ নিৰ্মাণ কাৰখানাত (গোৱাৰ জি এছএল তথা কলকাতাৰ জি আৰ এছই) এন জি অ’ পি ভি নিৰ্মাণৰ কাম হাতত লোৱা হৈছে।

 

ভাৰতৰ সমৃদ্ধ ঐতিহ্যৰ আধাৰত এই জাহাজসমূহৰ নামকৰণ কৰা হৈছে।  এই জাহাজখনৰ নাম ‘সৃষ্টি’, যাৰ অৰ্থ সংস্কৃতত ‘সৃষ্টি’ বা ‘সৃষ্টি কৰা কাৰ্য’।

 

এই পদক্ষেপ ভাৰতীয় নৌসেনাৰ থলুৱা জাহাজ নিৰ্মাণৰ দিশত আন এটা উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত  হোৱাৰ লগতে ভাৰত চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰত আৰু মেক ইন ইণ্ডিয়াৰ পদক্ষেপৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই দিশত কাম -কাজ ত্বৰান্বিত হৈছে।

****

VM/SPS/DD


(ৰিলিজ আই ডি : 2329261) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English