পোষ্ট কৰা হৈছে:
27 OCT 2026 8:01PM by PIB Guwahati
গুৱাহাটীৰ খানাপাৰাৰ ফাৰ্ম গেটত চলি থকা শিল্প সমাজ মেলা ২০২৬ত ভাৰতৰ পৰম্পৰাগত হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰীৰ চহকী তথা বৈচিত্ৰময় ঐতিহ্য প্ৰদৰ্শন কৰাৰ জৰিয়তে শিপিনীসকলক তেওঁলোকৰ সামগ্ৰীৰ বজাৰ আৰু প্ৰসাৰ সম্প্ৰসাৰণৰ এক মঞ্চ প্ৰদান কৰা হৈছে। ২০২৬ চনৰ ২১ অক্টোবৰৰ পৰা আৰম্ভ হোৱা আঠ দিনীয়া মেলাৰ কাইলৈ সামৰণি পৰিব।
৩১ গৰাকী মহিলা শিপিনীকে ধৰি মুঠ ৭৫ গৰাকী হস্তশিল্পীয়ে অংশগ্ৰহণ কৰা এই মেলাত প্ৰায় ৪০ বিধ হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে। এই প্ৰদৰ্শনীসমূহৰ জৰিয়তে উত্তৰ-পূব ৰাজ্য আৰু দেশৰ অন্যান্য প্ৰান্তৰ শিপিনীসকলৰ উপৰি ভাৰতৰ বৈচিত্ৰময় কলাত্মক পৰম্পৰা, থলুৱা কাৰুকাৰ্য্য আৰু আঞ্চলিক ঐতিহ্য প্ৰতিফলিত হৈছে ।
ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ সচিব শ্ৰী সুধাংশ পন্ত আজি মেলাত উপস্থিত হৈ কয় যে এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে অনুসূচিত জাতি তথা অন্যান্য পিছপৰা শ্ৰেণীৰ শিপিনীসকলক এক মঞ্চ প্ৰদান কৰা। এই পদক্ষেপৰ জৰিয়তে তেওঁলোকে নিজৰ সামগ্ৰী বিক্ৰী কৰি আয় বৃদ্ধি কৰিবলৈ সক্ষম হোৱা বুলিও তেওঁ উল্লেখ কৰে।
সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ কল্যাণ, আৰ্থিক সাহায্য আৰু উন্নয়ন আঁচনিৰ বিষয়ে তথ্য প্ৰচাৰৰ বাবে মেলাত এটা বিশেষ মন্ত্ৰালয় বীথিকা স্থাপন কৰা হৈছে। মন্ত্ৰালয়ৰ তিনিটা ৰাষ্ট্ৰীয় নিগমে ৰূপায়ণ কৰা আঁচনি আৰু কাৰ্যসূচীও এই বীথিকাত প্ৰদৰ্শন কৰা হয়। এই পদক্ষেপসমূহৰ বিষয়ে তথ্য পৰীক্ষা কৰাৰ লগতে সামাজিক আৰু অৰ্থনৈতিক সবলীকৰণৰ প্ৰসাৰৰ লক্ষ্যৰে চৰকাৰী কাৰ্যসূচীসমূহৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে এল ই ডি ডিছপ্লে স্থাপন কৰা হৈছে।
বাস্তৱৰ বিপণী আৰু ই- বাণিজ্য মঞ্চৰ জৰিয়তে লক্ষ্য কৰি লোৱা বিশেষ গোটৰ অন্তৰ্গত হস্তশিল্পীসকলে নিৰ্মাণ কৰা সামগ্ৰীৰ বিপণন সুচল কৰি তোলাৰ লক্ষ্যৰে ব্যৱস্থা কৰা ভাৰত-টিউলিপ (পৰম্পৰাগত শিল্পীৰ জীৱিকা ত্বৰান্বিত কাৰ্যসূচী)ৰ প্ৰচাৰৰ ক্ষেত্ৰত এই মেলাত বিশেষ গুৰুত্ব দিয়া হৈছে। ব্যাপক পৰিসৰৰ বজাৰ আৰু ডিজিটেল বিক্ৰী দিশৰ সুবিধা অধিক উন্নত কৰি এই পদক্ষেপে বজাৰৰ সংযোগ শক্তিশালী কৰাৰ লগতে গ্ৰাহকৰ প্ৰসাৰ সম্প্ৰসাৰণ কৰাৰ উপৰি শিল্পীসকলৰ বাবে তেওঁলোকৰ উপাৰ্জন বৃদ্ধিৰ অতিৰিক্ত সুযোগ সৃষ্টি কৰাৰ প্ৰয়াস কৰে।
উত্তৰ-পূব ৰাজ্যৰ কলা-কুশলীকে ধৰি স্থানীয় আৰু অন্যান্য শিল্পীৰ সংগীত তথা নৃত্য প্ৰদৰ্শনেৰে সমৃদ্ধ দৈনিক সাংস্কৃতিক অনুষ্ঠানে মেলাৰ আবেদন আৰু অধিক বৃদ্ধি কৰিছে।
ৰাষ্ট্ৰীয় অনুসূচিত জাতি বিত্ত আৰু উন্নয়ন নিগম (এন এছ এফ ডি চি), ৰাষ্ট্ৰীয় ছাফাই কৰ্মচাৰীৰ বিত্ত আৰু উন্নয়ন নিগম (এন এছ কে এফ ডি চি) আৰু ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণীৰ বিত্ত আৰু উন্নয়ন নিগম (এন বি চি এফ ডি চি) কে ধৰি মন্ত্ৰালয়ৰ তিনিটা ৰাষ্ট্ৰীয় নিগমৰ সৈতে জড়িত শিল্পী তথা হিতাধিকাৰীক বিপণনৰ ক্ষেত্ৰৰ সহায় আৰু ব্যাপক পৰিসৰৰ বজাৰৰ সুবিধা প্ৰদানৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে এই শিল্প সমাগম মেলা আয়োজন কৰা হৈছে।
এই পদক্ষেপৰ জৰিয়তে পৰম্পৰাগত দক্ষতাক ত্বৰান্বিত কৰা, উদ্যোগীকৰণক উৎসাহিত কৰা আৰু শিল্পী তথা হিতাধিকাৰীসকলৰ অৰ্থনৈতিক সবলীকৰণত সহায় কৰাৰ উপৰি তেওঁলোকৰ সামগ্ৰীসমূহ ব্যাপক পৰিসৰৰ দৰ্শকৰ আগত প্ৰদৰ্শন তথা বজাৰৰ বৃদ্ধিৰ সুযোগ সৃষ্টি কৰাই হৈছে মন্ত্ৰালয়ৰ লক্ষ্য ।



***
PG/SS/RR/DD