গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতে নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় বৈধ মাপবিজ্ঞান সমিতিৰ ৬১সংখ্যক বৈঠকৰ আয়োজন কৰে

গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব শ্ৰীমতী নিধি খাৰেই ভাৰতৰ বৈধ মাপবিজ্ঞান সংস্কাৰ, ডিজিটেল ৰূপান্তৰ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাত আলোকপাত কৰে

ই-মাপ, চৰকাৰী অনুমোদিত পৰীক্ষণ কেন্দ্ৰ আৰু ‘এক ৰাষ্ট্ৰ, এক সময়’ৰ দৰে পদক্ষেপে ভাৰতৰ বৈধ মাপবিজ্ঞান পৰিৱেশ তন্ত্ৰক অধিক শক্তিশালী কৰি তুলিছে

পোষ্ট কৰা হৈছে: 26 OCT 2026 7:12PM by PIB Guwahati

ভাৰতে ২৬ ৰ পৰা ২৮ অক্টোবৰ ২০২৬ লৈ নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় বৈধ মাপবিজ্ঞান সমিতি চমুকৈ চিআইএমএলৰ ৬১সংখ্যক বৈঠকৰ আয়োজন কৰিছে। মাপ-জোখৰ মান, গ্ৰাহক সুৰক্ষা আৰু ন্যায্য বাণিজ্যৰ ক্ষেত্ৰত সহযোগিতাক আগুৱাই নিয়াৰ উদ্দেশ্যে সমগ্ৰ বিশ্বৰ প্ৰতিনিধি, জ্যেষ্ঠ বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞসকলক একত্ৰিত কৰি ভাৰতে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় বৈধ মাপবিজ্ঞান সংস্থা চমুকৈ অ’আইএমএলৰ এই সন্মানীয় আন্তঃৰাষ্ট্ৰীয় বৈঠকৰ আয়োজন কৰিছে।

আজি এই কাৰ্যসূচী “বৈধ মাপবিজ্ঞানৰ ক্ৰমবিকাশ” শীৰ্ষক  আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰৰে আৰম্ভ হয় আৰু তাৰ পিছতেই ৬১সংখ্যক চিআইএমএল বৈঠকৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হয়।

চিআইএমএলৰ সভাপতি ডাঃ বব যোচেফ মেথিউৱে আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকলক আদৰণি জনায় আৰু ন্যায্য বাণিজ্য নিশ্চিত কৰা, গ্ৰাহকক সুৰক্ষা দিয়া তথা আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত বৈধ মাপবিজ্ঞানৰ কৌশলগত গুৰুত্বৰ কথা উল্লেখ কৰে।

আলোচনাচক্ৰখনৰ সভাপতিত্ব কৰি ছুইডেনৰ চিআইএমএলৰ প্ৰথম উপ-সভানেত্ৰী শ্ৰীমতী ৰেনী হানচনে ডিজিটেলাইজেচন, উদীয়মান প্ৰযুক্তি আৰু সলনি হৈ থকা বজাৰৰ প্ৰয়োজনীয়তাসমূহ সমাধানৰ ক্ষেত্ৰত বৈধ মাপবিজ্ঞানৰ ক্ৰমবিকাশশীল ভূমিকাত  আলোকপাত কৰে। তেওঁ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সুসংহত জোখ-মাখৰ মান আৰু ঘনিষ্ঠ সহযোগিতাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

আন্তঃৰাষ্ট্ৰীয় বৈধ মাপবিজ্ঞান ব্যুৰো চমুকৈ বিআইএমএলৰ সঞ্চালক শ্ৰী এন্থনী ডনেলাইনে আন্তঃৰাষ্ট্ৰীয়ভাৱে সুসংহত কাৰিকৰী পৰামৰ্শসমূহ প্ৰস্তুত কৰা, অ’আইএমএল প্ৰমাণীকৰণ ব্যৱস্থা চমুকৈ অ’আইএমএলচিএছৰ জৰিয়তে পৰীক্ষণৰ ফলাফলসমূহৰ পাৰস্পৰিক স্বীকৃতি সহজ কৰা আৰু সক্ষমতা বৃদ্ধি শক্তিশালী কৰাৰ ক্ষেত্ৰত অ’আইএমএলৰ প্ৰচেষ্টাসমূহৰ কথা উল্লেখ কৰে। তেওঁ যন্ত্ৰই পঢ়িব পৰা মান, কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল ৰূপান্তৰ সম্পৰ্কীয় নতুন পদক্ষেপসমূহৰ বিষয়েও আলোকপাত কৰে।

ভাৰতৰ বৈধ মাপবিজ্ঞান সংস্কাৰ

সমবেত লোকসকলক সম্বোধন কৰি ভাৰত চৰকাৰৰ গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব শ্ৰীমতী নিধি খাৰেই আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকলক আদৰণি জনায় আৰু ভাৰতে প্ৰথমবাৰৰ বাবে চিআইএমএল বৈঠকৰ আয়োজন কৰাত গৌৰৱ প্ৰকাশ কৰে। তেওঁ কয় যে সঠিক আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে সুসংহত জোখ-মাখ ন্যায্য বাণিজ্য, গ্ৰাহকৰ আস্থা, ঔদ্যোগিক উদ্ভাৱন তথা অৰ্থনৈতিক বিকাশৰ মূল আধাৰ।

ব্যৱসায়ৰ সুচলতাৰ সমান্তৰালকৈ গ্ৰাহক সুৰক্ষাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰি সচিবগৰাকীয়ে ২০২৩ আৰু ২০২৬ চনৰ জন বিশ্বাস সংস্কাৰসমূহৰ কথা উল্লেখ কৰে। এই সংস্কাৰসমূহে নিৰ্দিষ্ট অপৰাধসমূহক অপৰাধমুক্ত কৰা, সংশোধন জাননী আৰু ক্ৰমানুসাৰে জৰিমনা বিহাৰ দৰে ব্যৱস্থাসমূহ প্ৰৱৰ্তন কৰিছে, যিয়ে প্ৰয়োজনীয় গ্ৰাহক সুৰক্ষা বাহাল ৰাখি অধিক আনুপাতিক আৰু ব্যৱসায়-অনুকূল নিয়ন্ত্ৰণমূলক গাঁথনিক প্ৰসাৰিত কৰে।

তেওঁ সত্যাপন সক্ষমতা বৃদ্ধিৰ বাবে চৰকাৰী অনুমোদিত পৰীক্ষণ কেন্দ্ৰ চমুকৈ জিএটিচিৰ সম্প্ৰসাৰণ আৰু বৈধ মাপবিজ্ঞানত একত্ৰিত ডিজিটেল সেৱা প্ৰদানৰ অৰ্থে ই-মাপ ৰাষ্ট্ৰীয় পৰ্টেলৰ বিকাশৰ বিষয়ে উল্লেখ কৰে। তেওঁ ভাৰতে অআইএমএলচিএছ জাৰিকাৰী কৰ্তৃপক্ষ হিচাপে স্বীকৃতি পোৱাৰ কথাও কয়, যিটো পৰীক্ষণ ফলাফলসমূহৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সহজ কৰি তোলা আৰু ভাৰতীয় নিৰ্মাতাসকলক বিশ্বৰ বজাৰত প্ৰৱেশ কৰাত সহায় কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

সচিবে “এক ৰাষ্ট্ৰ, এক সময়” শীৰ্ষক ৰাষ্ট্ৰীয় সময় প্ৰচাৰ প্ৰকল্পৰ ওপৰতো আলোকপাত কৰে, যাৰ লক্ষ্য হৈছে সমগ্ৰ দেশতে সঠিক, বিশ্বাসযোগ্য আৰু নিৰ্ধাৰণযোগ্য ভাৰতীয় মান সময় প্ৰদান কৰা। এই পদক্ষেপে বেংকিং, দূৰসংযোগ, ৫জি নেটৱৰ্ক, নেভিগেচন, ডিজিটেল আন্তঃগাঁথনি আৰু বিদ্যুৎ ব্যৱস্থাকে ধৰি গুৰুত্বপূৰ্ণ খণ্ডসমূহত সময়ৰ সমন্বয় অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰি শ্ৰীমতী খাৰেই উদীয়মান প্ৰযুক্তিসমূহ গ্ৰহণ কৰা আৰু এক স্বচ্ছ, দক্ষ তথা ভৱিষ্যতৰ বাবে উপযোগী বৈধ মাপবিজ্ঞান পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।

আলোচনাচক্ৰত সংস্কাৰ আৰু উদীয়মান প্ৰযুক্তিত  আলোকপাত

আলোচনাচক্ৰৰ সময়ত গ্ৰাহক পৰিক্ৰমা বিভাগৰ সঞ্চালক (বৈধ মাপবিজ্ঞান) শ্ৰী আশুতোষ আগৰৱালে “ভাৰতত বৈধ মাপবিজ্ঞানৰ ক্ৰমবিকাশ আৰু সংস্কাৰসমূহ” শীৰ্ষক  উপস্থাপন দাঙি ধৰে। তেওঁ প্ৰাচীন সভ্যতাৰ পৰা আৰম্ভ কৰি আধুনিক বৈধ মাপবিজ্ঞানৰ গাঁথনিলৈকে ভাৰতত প্ৰামাণিক ওজন আৰু জোখ-মাখৰ ক্ৰমবিকাশৰ ঐতিহাসিক ধাৰাটো তুলি ধৰে।

এই উপস্থাপনত নিয়ম পালন প্ৰক্ৰিয়া সৰল কৰা, সত্যাপন আন্তঃগাঁথনি শক্তিশালী কৰা আৰু নিয়ন্ত্ৰণমূলক সেৱাসমূহ আধুনিকীকৰণ কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা প্ৰধান পদক্ষেপসমূহৰত আলোকপাত কৰা হয়; যাৰ ভিতৰত আছে জিএটিচি, ই-মাপ পৰ্টেল, পেকেটজাত সামগ্ৰীৰ নিয়ন্ত্ৰণ, ৰাষ্ট্ৰীয় সময় প্ৰচাৰ প্ৰকল্প, আঞ্চলিক প্ৰসংগ মান গৱেষণাগাৰ আৰু ৰাঁচীৰ ভাৰতীয় বৈধ মাপবিজ্ঞান প্ৰতিষ্ঠান।

এই আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰত বিভিন্ন দেশৰ বিশেষজ্ঞসকলে বৈধ মাপবিজ্ঞানৰ ক্ৰমবৰ্ধমান প্ৰত্যাহ্বান আৰু সুযোগসমূহৰ বিষয়ে উপস্থাপন আগবঢ়ায়। ইয়াত বৈদ্যুতিক বাহন চাৰ্জিং সঁজুলিৰ মাপবিজ্ঞান সম্পৰ্কীয় প্ৰয়োজনীয়তা, অনুকূলতা মূল্যায়নৰ পাৰস্পৰিক স্বীকৃতি, ডিজিটেল ৰূপান্তৰ, অংশীদাৰসকলৰ সজাগতা আৰু সক্ষমতা বৃদ্ধিৰ দৰে বিষয়সমূহে স্থান পায়।

বিশেষজ্ঞসকলে অ’আইএমএলৰ স্মাৰ্ট পৰামৰ্শ পদক্ষেপৰ বিষয়েও আলোচনা কৰে, যাৰ লক্ষ্য হৈছে যন্ত্ৰই পঢ়িব পৰা কাৰিকৰী মান বিকশিত কৰা; লগতে মাপ-জোখ আৰু সত্যাপন ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তা তথা ডিজিটেল প্ৰযুক্তিৰ সম্ভাৱ্য প্ৰয়োগসমূহ অন্বেষণ কৰে। এই আলোচনাসমূহে বাণিজ্যৰ কাৰিকৰী হ্ৰাস কৰা আৰু গ্ৰাহকৰ আস্থা সুদৃঢ় কৰাৰ ক্ষেত্ৰত সুসংহত মানৰ গুৰুত্বৰ কথা পুনৰ দৃঢ় কৰে।

আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সম্পৰ্কে অধিক আলোচনা

২৭ অক্টোবৰ ২০২৬ তাৰিখে অ’আইএমএল কৌশলগত কৰ্মশালা অনুষ্ঠিত হ’ব আৰু তাৰ পিছতেই চিআইএমএল বৈঠকৰ দ্বিতীয়খন অধিৱেশন অনুষ্ঠিত হ’ব। সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা আৰু আন্তঃৰাষ্ট্ৰীয় বৈধ মাপবিজ্ঞানৰ অগ্ৰাধিকাৰসমূহৰ বিষয়ে অধিক আলোচনাৰে এই বৈঠক ২৮ অক্টোবৰ ২০২৬ তাৰিখলৈকে চলিব।

৬১ সংখ্যক চিআইএমএল বৈঠকৰ আয়োজনে আন্তঃৰাষ্ট্ৰীয় বৈধ মাপবিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত ভূমিকা তথা সঠিক জোখ-মাপ, গ্ৰাহক সুৰক্ষা, ন্যায্য বাণিজ্য আৰু বিশ্বব্যাপী সুসংহত মানৰ প্ৰতি দেশখনৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে।

তিনিদিনীয়া এই কাৰ্যসূচীত নিয়ন্ত্ৰণমূলক সেৱাৰ ডিজিটেলাইজেচন, সঁজুলিসমূহৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আৰু ই-লাৰ্নিং বিষয়সমূহ সামৰি “বৈধ মাপবিজ্ঞানৰ ক্ৰমবিকাশ” শীৰ্ষক এক আলোচনাচক্ৰ অন্তৰ্ভুক্ত কৰা হৈছে। ২৭ অক্টোবৰত এক অআইএমএল কৌশলগত কৰ্মশালা নিৰ্ধাৰণ কৰা হৈছে আৰু তাৰ পিছত ২৮ অক্টোবৰত চিএছআইআৰ–নেচনেল ফিজিকেল লেবৰেটৰী পৰিদৰ্শন কৰা হ’ব। এই ভ্ৰমণে প্ৰতিনিধিসকলক ভাৰতৰ ৰাষ্ট্ৰীয় জোখ-মাখৰ মান বজাই ৰখাৰ ক্ষেত্ৰত উক্ত প্ৰতিষ্ঠানটোৰ ভূমিকা সম্পৰ্কে জনাৰ  সুযোগ প্ৰদান কৰিব।

এই আলোচনাসমূহে সঠিক জোখ-মাপ, স্বচ্ছ নিয়ন্ত্ৰণ, গ্ৰাহকৰ আস্থা আৰু অধিক মসৃণ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰতি ভাৰত তথা আন্তঃৰাষ্ট্ৰীয় বৈধ মাপবিজ্ঞান সমাজৰ যৌথ প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰে। ধাৰাবাহিক সহযোগিতা আৰু ভৱিষ্যতৰ বাবে উপযোগী ব্যৱস্থাসমূহ গ্ৰহণৰ জৰিয়তে এই বৈঠকে বৈধ মাপবিজ্ঞানক উদ্ভাৱন, অৰ্থনৈতিক বিকাশ আৰু বিকশিত ভাৰত ২০৪৭-ৰ দৃষ্টিভংগীৰ  গুৰুত্বপূৰ্ণ সহায়ক হিচাপে শক্তিশালী কৰিবলৈ প্ৰয়াস চলাইছে।

 

*****

RT/SB/ARC/MM


(ৰিলিজ আই ডি : 2328797) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Kannada