মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে স্বচ্ছতা আৰু অভিযোগ নিষ্পত্তিৰ বিশেষ অভিযান ৬-ৰ অগ্ৰগতি পৰ্যালোচনা কৰে

উচ্চ পৰ্যায়ৰ পৰ্যালোচনাত ১০৯ গৰাকী ৰাজ্যিক আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিষয়াই অংশগ্ৰহণ কৰে; দৈনিক প্ৰতিবেদন দাখিল, পৰ্টেল সংযোগ আৰু ৩০ অক্টোবৰৰ ভিতৰত বাকী থকা বিষয়সমূহৰ নিষ্পত্তিত বিশেষ গুৰুত্ব

৩০ অক্টোবৰত সক্ৰিয় সমাজ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলৰ অংশগ্ৰহণেৰে সমৰ্পিত এদিনীয়া বিশেষ অনুষ্ঠানৰ পৰিকল্পনা

পোষ্ট কৰা হৈছে: 26 OCT 2026 7:29PM by PIB Guwahati

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ইয়াৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা সকলো স্বায়ত্তশাসিত আৰু বিধিবদ্ধ সংস্থাসহ ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰ ২০২৬ লৈকে স্বচ্ছতা বৃদ্ধি আৰু বাকী থকা বিষয়সমূহ নিষ্পত্তিৰ বাবে বিশেষ অভিযান ৬ ৰূপায়ণৰ প্ৰচেষ্টা আৰম্ভ কৰিছে তথা কাৰ্যপৰিকল্পনা আৰু লক্ষ্য চূড়ান্ত কৰিছে।

বিশেষ অভিযান ৬-ৰ ৰূপায়ণ পৰ্যায়ৰ অংশ হিচাপে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক দৈনিক ভিত্তিত নিম্নলিখিত কাম-কাজসমূহ হাতত ল’বলৈ অনুৰোধ জনাইছে:

  • ক্ষেত্ৰ পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহত স্বচ্ছতা অভিযান
  • ফলপ্ৰসূ ৰাজহুৱা অভিযোগ নিষ্পত্তি আৰু অভিযোগ নিষ্পত্তি চৌপাল বা ই-চৌপালৰ আয়োজন
  • মন্ত্ৰালয়ৰ বিভিন্ন মিছন পৰ্টেলসমূহত এই কাৰ্যসূচীসমূহৰ তথ্য নথিভুক্ত আৰু আপলোড কৰা

তদুপৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক ৩০ অক্টোবৰ ২০২৬ তাৰিখে ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মী আৰু সমাজৰ সক্ৰিয় অংশগ্ৰহণৰে বৃহৎ পৰিসৰত উক্ত কাম-কাজসমূহ সম্পন্ন কৰি  সমৰ্পিত বিশেষ এদিনীয়া অনুষ্ঠান আয়োজন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

এই সন্দৰ্ভত অভিযানৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে হাতত লোৱা কাৰ্যসূচীসমূহ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে ডব্লিউচিডিৰ সচিবৰ সভাপতিত্বত ২৬.১০.২০২৬ তাৰিখে বিয়লি ০৫:০০ বজাত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে  ভিডিঅ’ কনফাৰেঞ্চ বৈঠক অনুষ্ঠিত হয়। মন্ত্ৰালয়ৰ আঁচনিসমূহ পৰিচালনা কৰা সকলো অতিৰিক্ত সচিব বা যুটীয়া সচিব আৰু সঞ্চালক বা উপ-সচিবৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ১০৯ গৰাকী বিষয়াই এই ভিডিঅ’ কনফাৰেঞ্চত অংশগ্ৰহণ কৰে।

ডব্লিউচিডিৰ সচিবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সকলো ক্ষেত্ৰ পৰ্যায়ৰ প্ৰতিষ্ঠানতে উক্ত কাম-কাজসমূহ হাতত লোৱাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা জাৰি কৰিবলৈ আৰু সংশ্লিষ্ট মিছন পৰ্টেলসমূহত সবিশেষ তথ্য আপলোড কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ ৰাজ্য চৰকাৰৰ সামাজিক মাধ্যমৰ হেণ্ডেলসমূহৰ জৰিয়তে হাতত লোৱা কাম-কাজসমূহ তুলি ধৰি আৰু মন্ত্ৰালয়ৰ প্ৰাসংগিক চৰকাৰী সামাজিক মাধ্যম হেণ্ডেলসমূহক টেগ কৰি দৈনিক ভিত্তিত ইনফোগ্ৰাফিক্স আৰু টুইটসমূহ প্ৰকাশ তথা ভাগ-বতৰা কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক পৰামৰ্শ দিয়ে। ইয়াৰ উপৰি তেওঁ অভিযোগ নিষ্পত্তি চৌপাল বা ই-চৌপালৰ আয়োজন কৰি পোষণ ট্ৰেকাৰ আৰু পিএমএমভিৱাই তথা চিপিজিআৰএএমএছ পৰ্টেলত থকা সকলো নিষ্পত্তিহীন অভিযোগ ৩০.১০.২০২৬ তাৰিখৰ ভিতৰত যুদ্ধকালীন তৎপৰতাৰে সমাধান কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়।

 

 

***

RC/PC/MM


(ৰিলিজ আই ডি : 2328794) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati