প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কৃষিক্ষেত্ৰত হোৱা পৰিৱৰ্তন আৰু কৃষকৰ জীৱন-জীৱিকাৰ উন্নয়নত প্ৰযুক্তি তথা গৱেষণাৰ ভূমিকা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে লিখা প্ৰবন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
21 OCT 2026 12:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।প্ৰবন্ধটোত শ্ৰী শিৱৰাজ সিং চৌহানে উল্লেখ কৰিছে যে ভাৰতীয় কৃষিৰ পৰিৱৰ্তন সাধন আৰু কৃষকসকলৰ জীৱন-জীৱিকাৰ উন্নতিৰ ক্ষেত্ৰত প্ৰযুক্তি আৰু গৱেষণাই কেন্দ্ৰীয় ভূমিকা পালন কৰে। ইয়াত পুষ্টি সুৰক্ষাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰাৰ লগতে অধিক মূল্যসম্পন্ন শস্যৰ খেতি, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সহ্য কৰিব পৰা কৃষি ব্যৱস্থা, সম্পদৰ দক্ষ ব্যৱহাৰ আৰু কৃষকসকলৰ বাবে উন্নত বজাৰ সুবিধা নিশ্চিত কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম ‘এক্স’ত এইদৰে পোষ্ট কৰিছে—
“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে লিখিছে যে ভাৰতীয় কৃষিৰ পৰিৱৰ্তন সাধন আৰু কৃষকসকলৰ জীৱন-জীৱিকাৰ উন্নতিৰ ক্ষেত্ৰত প্ৰযুক্তি আৰু গৱেষণাই কেন্দ্ৰীয় ভূমিকা পালন কৰে। তেওঁ পুষ্টি সুৰক্ষাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰিছে। ইয়াৰ লগতে অধিক মূল্যসম্পন্ন শস্যৰ খেতি, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সহ্য কৰিব পৰা কৃষি ব্যৱস্থা, সম্পদৰ দক্ষ ব্যৱহাৰ আৰু কৃষকসকলৰ বাবে উন্নত বজাৰ সুবিধাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে।
প্ৰবন্ধটো অৱশ্যেই পঢ়িব।”
https://www.hindustantimes.com/opinion/technology-is-central-to-the-agri-transformation-vision-101792523800011.html
MJPS/SS/PRK/DM
(ৰিলিজ আই ডি : 2325845)
অতিথি কক্ষ : 6