স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

১৩৭ বিধ কেন্সাৰ প্ৰতিৰোধী ঔষধৰ মূল্য হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত সুলভ চিকিৎসাৰ প্ৰতিশ্ৰুতি এইমছ গুৱাহাটীৰ

৭০ শতাংশ পৰ্যন্ত মূল্য হ্ৰাসৰ এই সিদ্ধান্ত ২০২৬ চনৰ ৯ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব

পোষ্ট কৰা হৈছে: 18 OCT 2026 4:30PM by PIB Guwahati

ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে কৰ্কট ৰোগৰ চিকিৎসা সহজলভ্য কৰি তোলাৰ উদ্দেশ্যে বাণিজ্যিক লাভৰ পৰিমাণ যুক্তিসংগতকৰণ (টিএমআৰ) জৰিয়তে চিনাক্ত কৰা ১৩৭ বিধ নন-শ্বেডিউল্ড কেঞ্চাৰৰ ঔষধৰ মূল্য হ্ৰাস কৰিবলৈ ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক এইমছ গুৱাহাটীয়ে আদৰণি জনাইছে।

ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ ঔষধ বিভাগৰ অধীনস্থ ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ প্ৰাধিকাৰী (এনপিপিএ)য়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৬ চনৰ ৯ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই চিনাক্ত কৰা ঔষধসমূহৰ সৰ্বোচ্চ খুচুৰা মূল্য (এমআৰপি) ৭০ শতাংশলৈকে হ্ৰাস পাব।

এই পদক্ষেপৰ লক্ষ্য হৈছে নিৰ্বাচিত কৰ্কট ৰোগৰ ঔষধসমূহৰ বাণিজ্যিক লাভৰ সীমা (ট্ৰেড মাৰ্জিন) যুক্তিসংগত কৰি কৰ্কট চিকিৎসাৰ সৈতে জড়িত আৰ্থিক বোজা হ্ৰাস কৰা।

এই পদক্ষেপৰ আওতাত অন্তৰ্ভুক্ত ঔষধসমূহৰ ভিতৰত আছে কৰ্কট ৰোগৰ ইমিউন’থেৰাপীত ব্যৱহৃত পেম্ব্ৰ’লিজুমাব (pembrolizumab) আৰু ডুৰভালুমাব (durvalumab); হাওঁফাঁওৰ কৰ্কট ৰোগৰ কিছুমান বিশেষ চিকিৎসাত ব্যৱহৃত অচিমাৰ্টিনিব (osimertinib); বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগত ব্যৱহৃত বেভাচিজুমাব (bevacizumab); স্তন আৰু প্ৰষ্টেট কৰ্কট ৰোগৰ নিৰ্দিষ্ট ক্ষেত্ৰত ব্যৱহৃত ডেন’চুমাব (denosumab); আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ সময়ত শ্বেত ৰক্তকণিকাৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত সৃষ্টি হোৱা সংক্ৰমণৰ আশংকা হ্ৰাস কৰাত সহায় কৰা পেগফিলগ্ৰাষ্টিম (pegfilgrastim)।

এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক প্ৰফেচৰ (ড°) অশোক পুৰাণিকে কয় যে কৰ্কট ৰোগৰ ঔষধৰ মূল্য হ্ৰাস পোৱাৰ ফলত এই ঔষধসমূহৰ প্ৰয়োজন হোৱা ৰোগীসকলৰ আৰ্থিক বোজা লাঘৱ হ’ব। যোগ্য ৰোগীসকলে যাতে এই পদক্ষেপৰ দ্বাৰা লাভান্বিত হ’ব পাৰে, তাৰ বাবে সংশোধিত মূল্যৰ সন্দৰ্ভত সজাগতাৰ গুৰুত্বৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে ।

ৰোগী আৰু শুশ্ৰূষাকাৰীসকলে চিকিৎসালয়ৰ ফাৰ্মাচী, এনপিপিএ ৱেবছাইট আৰু 'ফাৰ্মা সহী দাম' এপ্লিকেচনৰ জৰিয়তে এই সংশোধিত মূল্য পৰীক্ষা কৰিব পাৰিব। ৰোগীসকলক তেওঁলোকৰ বাবে নিৰ্ধাৰিত দৰব বা চিকিৎসাৰ কোনো ধৰণৰ সালসলনি কৰাৰ আগতে চিকিৎসা কৰি থকা কৰ্কট ৰোগ বিশেষজ্ঞ (Oncologist)-ৰ সৈতে পৰামৰ্শ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

 

…………….

PG/ SM/MM


(ৰিলিজ আই ডি : 2324913) অতিথি কক্ষ : 64
ত এই ৰিলিজটো পঢ়ক: English