শক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

এনটিপিচি বঙাইগাঁৱৰ উদ্যোগত বিদ্যালয়, গাঁও আৰু কৰ্মচাৰীসকলৰ মাজত সতৰ্কতা সজাগতা অভিযান

পোষ্ট কৰা হৈছে: 17 OCT 2026 5:10PM by PIB Guwahati

"সমৃদ্ধিৰ বাবে সততা" বিষয়বস্তুক  মুখ্য কৰি ছাত্ৰ-ছাত্ৰী, গ্ৰাম্য সমাজ আৰু প্ৰকল্প কৰ্মীসকলৰ মাজলৈ যোৱাৰ উদ্দেশ্যে, এনটিপিচি বঙাইগাঁৱে তিনিমহীয়া সতৰ্কতা সজাগতা অভিযান ২০২৬-ৰ অধীনত এলানি জনসংযোগ কাৰ্যসূচীৰ আয়োজন কৰে। সততা, নিষ্ঠা, স্বচ্ছতা আৰু নৈতিক আচৰণক প্ৰসাৰিত কৰা এই পদক্ষেপসমূহৰ বিভিন্ন কাৰ্যসূচীত ৪২০ জনতকৈও অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰা বুলি নথিবদ্ধ কৰা হৈছে।

এই অভিযানৰ অংশ হিচাপে বড়োলেণ্ড একাডেমী হাইস্কুল, ওচৰ-পাজৰৰ গাঁও আৰু প্ৰকল্পস্থলীত কেইবাটাও সজাগতামূলক কাৰ্যসূচী আয়োজন কৰা হৈছিল। বড়োলেণ্ড একাডেমী হাইস্কুলত ছাত্ৰ-ছাত্ৰীসকলক নিষ্ঠা আৰু দুৰ্নীতিমুক্ত পদ্ধতি সম্পৰ্কে নিজৰ মতামত বুজিবলৈ আৰু প্ৰকাশ কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে বড়ো ভাষাত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

ওচৰ-পাজৰৰ গাঁওসমূহলৈ অভিযান সম্প্ৰসাৰণ কৰি ক্ৰমে ১৪ আৰু ১৫ অক্টোবৰত জলপাইগুৰি আৰু নাদাংগুৰিত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জলপাইগুৰিত ভিএডব্লিউ স্বেচ্ছাসেৱক শ্ৰী খৌনাস্বৰ নাৰ্জাৰীয়ে ১৮ গৰাকী গাঁওবাসীক সততাৰ শপত বাক্য পাঠ কৰোৱায়, আনহাতে নাদাংগুৰিত শ্ৰী অমৃত বসুমতাৰীয়ে অনুৰূপ এক কাৰ্যসূচী পৰিচালনা কৰি গাঁওবাসীসকলক নৈতিক মূল্যবোধ বজাই ৰাখিবলৈ আৰু এখন দুৰ্নীতিমুক্ত সমাজ গঢ়াত অৰিহণা যোগাবলৈ উৎসাহিত কৰে।

ইয়াৰ পাছত অভিযানটো ওচৰৰ গাঁওসমূহলৈও সম্প্ৰসাৰিত কৰা হয়। ১৪ অক্টোবৰত জলপাইগুৰিত আৰু ১৫ অক্টোবৰত নাদাংগুৰিত সজাগতামূলক কাৰ্যসূচী হাতত লোৱা হয়। জলপাইগুৰিত সতৰ্কতা সজাগতা স্বেচ্ছাসেৱক খৌনাস্বৰ নাৰ্জাৰীয়ে গাঁওবাসীসকলক সততাৰ শপত বাক্য পাঠ কৰোৱায়। নাদাংগুৰিতো অনুৰূপ এক কাৰ্যসূচী গ্ৰহণ কৰি গাঁওবাসীসকলক নৈতিক মূল্যবোধ ৰক্ষা কৰিবলৈ আৰু দুৰ্নীতিমুক্ত সমাজ গঠনত বৰঙণি আগবঢ়াবলৈ আহ্বান জনোৱা হয়।

এনটিপিচি বঙাইগাঁৱে ১৫ অক্টোবৰ ২০২৬ তাৰিখে অনুষ্ঠিত এক সজাগতা সত্ৰৰ জৰিয়তে নিজৰ প্ৰকল্প শ্ৰমিকসকলৰ মাজতো এই অভিযানৰ প্ৰচাৰ কৰে। এই সত্ৰখনত কৰ্মক্ষেত্ৰৰ নৈতিক পদ্ধতি, স্বচ্ছতা আৰু দুৰ্নীতি প্ৰতিৰোধৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ডিজিএম (প্ৰজেক্টছ)-ৰ উপস্থিতিত ১২৮ গৰাকী শ্ৰমিকক সততাৰ শপত বাক্য পাঠ কৰোৱা হয় ৷ ইয়াৰ জৰিয়তে দৈনন্দিন কাম-কাজত সততাৰ গুৰুত্বক পুনৰ সুদৃঢ় কৰা হয়।

 

***

PG/SS/MM


(ৰিলিজ আই ডি : 2324719) অতিথি কক্ষ : 17
ত এই ৰিলিজটো পঢ়ক: English