গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
স্বচ্ছ আৰু সুলভ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিআইএছ গুৱাহাটীৰ বিশ্ব মানক দিৱস ২০২৬ পালন
মানক প্ৰক্ৰিয়া আৰু গুণগত শিক্ষাৰ সংবৰ্ধনৰ হকে তিনিখন প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ
পোষ্ট কৰা হৈছে:
15 OCT 2026 7:19PM by PIB Guwahati
ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বিআইএছ)ৰ গুৱাহাটী শাখা কাৰ্যালয়ৰ উদ্যোগত ১৪ অক্টোবৰত গুৱাহাটীত বিশ্ব মানক দিৱস ২০২৬ পালন কৰা হয়। এই অনুষ্ঠানত চৰকাৰী উচ্চপদস্থ বিষয়া, গুৱাহাটী আৰক্ষীৰ প্ৰতিনিধি, শৈক্ষিক প্ৰতিষ্ঠান আৰু উদ্যোগ খণ্ডৰ প্ৰতিনিধিয়ে একত্ৰিত হৈ সুৰক্ষা, গুণগত মান আৰু বহনক্ষম উন্নয়ন সুনিশ্চিত কৰাৰ ক্ষেত্ৰত মানৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। এই বছৰৰ বিষয়বস্তু আছিল ‘উন্নত বিশ্বৰ বাবে উমৈহতীয়া দৃষ্টিভংগী:এছডিজি ৭ – সুলভ আৰু স্বচ্ছ শক্তিৰ ওপৰত আলোকপাত’ ৷
বি আই এছৰ গুৱাহাটী শাখা কাৰ্যালয়ৰ জ্যেষ্ঠ বিজ্ঞানী (Scientist-E) তথা সঞ্চালক আৰু মুৰব্বী শ্ৰী শৌভিক চন্দাই অংশগ্ৰহণকাৰীসকলক আদৰণি জনাই সুলভ আৰু স্বচ্ছ শক্তি লাভৰ ক্ষেত্ৰত মানৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে। তেওঁ গ্ৰাহক আৰু নিৰ্মাতাসকলৰ মাজত মান নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে বিআইএছৰ প্ৰতিশ্ৰুতি দোহাৰে।
অসম চৰকাৰৰ বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ উদ্যোগ সচিব ড° মনীষা চেলেং, এ চি এছ আৰু অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা বিভাগৰ খাদ্য সচিব শ্ৰীমতী অনসুয়া দত্ত বৰুৱাই অনুষ্ঠানত বিশেষ ভাষণ দিয়ে । তেওঁলোকে সামগ্ৰী ক্ৰয় কৰাৰ সময়ত গ্ৰাহকৰ অধিক সজাগতাৰ লগতে গুণগত পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু বিআইএছৰ মাজত ঘনিষ্ঠ সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। গুৱাহাটী আৰক্ষী জিলাৰ আৰক্ষী আয়ুক্ত আই পি এছ ড° পাৰ্থ সাৰথি মহন্তই সন্মানীয় অতিথি হিচাপে অনুষ্ঠানত অংশগ্ৰহণ কৰে।
অসম চৰকাৰৰ বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ উদ্যোগ সচিব শ্ৰীমতী ইন্দিৰা কলিতা আই এ এছ- এ বিভিন্ন খণ্ডত সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতা নিশ্চিত কৰাৰ ক্ষেত্ৰত মানৰ গুৰুত্বৰ বিষয়ে বক্তব্য আগবঢ়ায়। তেওঁ পণ্যৰ মান আৰু মানৰ প্ৰতি গ্ৰাহকৰ সজাগতাৰ লগতে গ্ৰাহকৰ অধিকাৰ সুৰক্ষিত তথা ঔদ্যোগিক বৃদ্ধিৰ বাবে আন্তঃবিভাগীয় সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
মণিপুৰৰ নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি (এন আই টি)ৰ সঞ্চালক অধ্যাপক ডি ভি এল এন সোময়াজুলু আৰু এন আই টি অৰুণাচল প্ৰদেশৰ সঞ্চালক অধ্যাপক মোহন ভি. আৱাৰে ভাৰতীয় মান গ্ৰহণৰ জৰিয়তে বহনক্ষম উন্নয়ন, প্ৰতিষ্ঠানিক বৃদ্ধি আৰু গৱেষণাক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত মানক, গুণগত নিশ্চয়তা আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
বিআইএছ আৰু তিনিখন প্ৰতিষ্ঠান ক্ৰমে এনআইটি মণিপুৰ, এনআইটি মেঘালয় আৰু অসম বস্ত্ৰ প্ৰতিষ্ঠানৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাটো অনুষ্ঠানটোৰ এটা মূখ্য কাৰ্য্যসূচী আছিল । এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে অভিযান্ত্ৰিক, প্ৰযুক্তি আৰু বস্ত্ৰ শিক্ষাৰ সৈতে প্ৰামাণিককৰণ আৰু গুণগত মান অনুসৰণক একত্ৰিত কৰা, শিক্ষা আৰু উদ্যোগৰ মাজত সহযোগিতা শক্তিশালী কৰা, যৌথ গৱেষণা আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ প্ৰসাৰ কৰা, আৰু ছাত্ৰ-ছাত্ৰীসকলক গুণগত মান আৰু কাঠামোৰ জ্ঞানেৰে সজ্জিত কৰা।
কাৰিকৰী অধিবেশনত আই আই টি গুৱাহাটীৰ স্কুল অব্ এনাৰ্জী ছায়েঞ্চ এণ্ড ইঞ্জিনিয়াৰিনঙৰ অধ্যাপক পংকজ কলিতাই প্ৰতিষ্ঠানটোৰ বহনক্ষমতা আৰু শক্তিৰ পদক্ষেপৰ ওপৰত উপস্থাপন আগবঢ়ায়। এপিডিচিএলৰ নতুন আৰু নবীকৰণযোগ্য শক্তিৰ উপ-পৰিচালক শ্ৰী ভাস্কৰজ্যোতি দাসে অসমত সেউজ শক্তি গ্ৰহণৰ প্ৰসাৰৰ বাবে চৰকাৰী পদক্ষেপৰ ওপৰত আলোকপাত কৰে। আই অ’ চি এলৰ গুণগত নিয়ন্ত্ৰণৰ মুৰব্বী ড° অতুল আগৰৱালে পেট্ৰলিয়াম খণ্ডত গুণগত মান আৰু সুৰক্ষাৰ মানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। অধিবেশনসমূহত প্ৰযুক্তিগত উন্নতি, বহনক্ষম উন্নয়ন আৰু গ্ৰাহক কল্যাণৰ ক্ষেত্ৰত মান নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ ভূমিকাৰ ওপৰত আলোকপাত কৰা হয়।
এই অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গীত আৰু নাট বিভাগৰ কৰ্মচাৰী শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।


***
PG/BM/DD
(ৰিলিজ আই ডি : 2324105)
অতিথি কক্ষ : 11