গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

১৪ অক্টোবৰত বিশ্ব মানক দিৱস উদযাপন কৰিব বিআইএছ গুৱাহাটীয়ে

পোষ্ট কৰা হৈছে: 13 OCT 2026 5:27PM by PIB Guwahati

ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বিআইএছ)-ৰ গুৱাহাটী শাখা কাৰ্যালয়ে কাইলৈ, ১৪ অক্টোবৰত গুৱাহাটীৰ আনিয়া এডিশ্যনত বিশ্ব মানক দিৱস ২০২৬ উদযাপন কৰিব, য'ত এছডিজি ৭: পৰিষ্কাৰ আৰু সুলভ শক্তিৰ ওপৰত গুৰুত্ব দিয়া হ'ব। বিআইএছ গুৱাহাটী শাখা কাৰ্যালয়ৰ সঞ্চালক তথা মুৰব্বী শ্ৰী শৌভিক চন্দাই আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে।

অনুষ্ঠানটোৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শ্ৰী চন্দাই সামগ্ৰীৰ মান, গ্ৰাহক সুৰক্ষা আৰু বহনক্ষম বিকাশ নিশ্চিত কৰাত মানকীকৰণৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ জনায় যে কাইলৈৰ অনুষ্ঠানত এছডিজি ৭ বিষয়ত এখন কাৰিকৰী অধিৱেশন অনুষ্ঠিত কৰা হ'ব। ইয়াত নেচনেল ইনষ্টিটিউট অৱ টেকন'লজী, অৰুণাচল প্ৰদেশ; স্কুল অৱ এনাৰ্জী ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, আইআইটি গুৱাহাটী; এপিডিচিএল; আৰু ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড, গুৱাহাটী শোধনাগাৰ;মণিপুৰৰ নেচনেল ইনষ্টিটিউট অৱ টেকন'লজীকে ধৰি শৈক্ষিক আৰু উদ্যোগ প্ৰতিষ্ঠানৰ বিশেষজ্ঞসকল একত্ৰিত হ'ব। লগতে আইএছআই চিহ্ন থকা সামগ্ৰী প্ৰদৰ্শন কৰা এখন বিশেষ প্ৰদৰ্শনী বিপণীত গুণগত মানৰ নিশ্চয়তা আৰু ভাৰতীয় মানৰ সৈতে সামঞ্জস্যৰ গুৰুত্ব প্ৰদৰ্শন কৰা হ'ব।

এই অনুষ্ঠানত চৰকাৰী বিভাগ, উদ্যোগ সংস্থা, শৈক্ষিক আৰু কাৰিকৰী প্ৰতিষ্ঠান, নিৰ্মাতা আৰু উপভোক্তা সংগঠনৰ প্ৰতিনিধিসকলে ভাৰতীয় মানৰ বিষয়ে সজাগতা বৃদ্ধি কৰিব বুলি শ্ৰী চন্দাই প্ৰকাশ কৰে।

সংবাদমেলত বিআইএছৰ বিষয়াসকলে বিভিন্ন বিআইএছ পদক্ষেপৰ ওপৰতো আলোকপাত কৰে, যাৰ ভিতৰত আছে বিআইএছ কেয়াৰ এপ, যি গ্ৰাহকসকলক আইএছআই-চিহ্নিত আৰু হলমাৰ্ক কৰা সামগ্ৰীবোৰৰ সত্যতা পৰীক্ষা কৰিবলৈ, অনুজ্ঞাপত্ৰৰ বিৱৰণ পৰীক্ষা কৰিবলৈ আৰু অভিযোগ দাখিল কৰিবলৈ সক্ষম কৰি তোলে। তেওঁলোকে গুণগত মান শক্তিশালী কৰিবলৈ আৰু গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ৰূপায়ণ কৰা বিভিন্ন গুণগত মানক নিয়ন্ত্ৰণ আদেশৰ (QCOs) ৰূপৰেখাও প্ৰদান কৰে।

***

 

PG/BM/MK


(ৰিলিজ আই ডি : 2322958) অতিথি কক্ষ : 48
ত এই ৰিলিজটো পঢ়ক: English