উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

মিজোৰামত ৩৩১ কোটি টকাৰ এলানি উন্নয়ন প্ৰকল্পৰ উদ্বোধন তথা একাংশৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ১০২ কোটি টকাৰ পাঁচটা প্ৰকল্প উচৰ্গা কৰি সংযোগ, শক্তি, পানী যোগান, স্বাস্থ্যসেৱা, শিক্ষা, ক্ৰীড়া আৰু সংস্কৃতিকখণ্ডক শক্তিশালী কৰা ২২৮.৫৪ কোটি টকাৰ পাঁচটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে

বিকাশৰ ইঞ্জিন হিচাপে উত্তৰ-পূব ভাৰতৰ উত্থান ঘটিছে; উন্নয়নে মিজোৰামৰ অনন্য পৰিচয় আৰু প্ৰাকৃতিক ঐতিহ্য সংৰক্ষিত কৰিব লাগিব

২০২৬ চনৰ প্ৰথমাৰ্ধত মিজোৰামলৈ ৫ লাখৰো অধিক পৰ্যটকৰ ভ্ৰমণৰ অভিলেখ: সিন্ধিয়া

২০২৬–২৭ বিত্তীয় বৰ্ষত উত্তৰ-পূবৰ বাবে ড’নাৰ মন্ত্ৰালয়ৰ ৬,৮১২.৩০ কোটি টকা বিনিয়োগৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াৰ

পোষ্ট কৰা হৈছে: 12 OCT 2026 8:30PM by PIB Guwahati

কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন (DoNER)  দপ্তৰৰ মন্ত্ৰী জ্যোতিরাদিত্য এম সিন্ধিয়াই আজি মিজোৰামত ৩৩১ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে কেবাটাও নতুন পদক্ষেপৰ আধাৰশিলা স্থাপন কৰে। সম্প্ৰতি মিজোৰামলৈ দুদিনীয়া ভ্ৰমণসূচীলৈ আহিছে শ্ৰী সিন্ধিয়া।

আইজলত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তুইভামিতলৈ গৈ ১০২ কোটি টকাৰ পাঁচটা প্ৰকল্প উদ্বোধন কৰে। লগতে তেওঁ ২২৮.৫৪ কোটি টকাৰ পাঁচটা প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। এই প্ৰকল্পসমূহে যোগাযোগ ব্যৱস্থা, বিদ্যুৎ সঞ্চাৰ, পানী যোগান, স্বাস্থ্যসেৱা, শিক্ষা, ক্ৰীড়া আৰু সাংস্কৃতিক বুনিয়াদ আদি গুৰুত্বপূৰ্ণ খণ্ডসমূহক সামৰি লৈছে।

মিজোৰামৰ মুখ্যমন্ত্ৰী পু লালডুহোমা আৰু অন্যান্য গণ্য্যমান্য ব্যক্তিসকলৰ উপস্থিতিত এক জনসভাত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াই কয় যে এই উন্নয়নমূলক পদক্ষেপসমূহে মিজোৰামজুৰি যোগাযোগ ব্যৱস্থাক অর্থনৈতিক সুযোগলৈ ৰূপান্তৰিত কৰাৰ লগতে জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিছে।

মিজোৰামক মহিমামণ্ডিত পাহাৰ আৰু মহান আকাংক্ষাৰ ভূমি হিচাপে বৰ্ণনা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "ভূগোলে হয়তো প্ৰাকৃতিক পৰিৱেশ গঢ় দিব পাৰে, কিন্তু ই কেতিয়াও মানুহৰ সীমা নিৰ্ধাৰণ কৰিব নোৱাৰে।"

তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই অনুষ্ঠানটো কেৱল আন্তঃগাঁথনিৰ উদ্বোধন বা আধাৰশিলা স্থাপন কৰাৰ বাবেই নহয়, বৰং সমগ্ৰ ৰাজ্যখনৰ কৃষক, উদ্যোগী, যুৱক-যুৱতী আৰু সম্প্ৰদায়সমূহৰ বাবে সুযোগ সৃষ্টি কৰাৰো এক প্ৰয়াস।

WhatsApp Image 2026-10-12 at 3.18.53 AM.jpeg

ভাৰতৰ বিকাশৰ ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিছে উত্তৰ-পূৰ্বাঞ্চলে

উত্তৰ-পূব অঞ্চলৰ ক্ৰমবৰ্ধমান অর্থনৈতিক গুৰুত্বৰ কথা উল্লেখ কৰি জ্যোতিরাদিত্য এম সিন্ধিয়াই কয় যে যি মুহূৰ্তত ভাৰতে প্ৰায় ৭-৭.৫% হাৰত অর্থনৈতিক বিকাশ লাভ কৰিছে, সেই মুহূৰ্তত উত্তৰ-পূৰ্বাঞ্চল দেশৰ বিকাশৰ ধাৰাত এক প্ৰধান অৱদানকাৰী হিচাপে ক্ৰমাগতভাৱে উজলি উঠিছে।

তেওঁ লক্ষ্য কৰে যে সাম্প্ৰতিক প্ৰেক্ষাপটত উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ বিকাশৰ গতি সচল কৰি ৰখা এক ইঞ্জিন বুলি অভিহিত কৰাতো অতিৰঞ্জিত কথা নহ’ব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে উত্তৰ-পূৰ্বাঞ্চললৈ এয়া তেওঁৰ ৩৫ সংখ্যক ভ্ৰমণ আছিল আৰু তেওঁ কয় যে প্ৰতিটো ভ্ৰমণেই আঠখন ‘অষ্টলক্ষ্মী’ ৰাজ্যৰ উন্নয়নৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি আৰু অধিক দৃঢ় কৰি তুলিছে।

মুখ্যমন্ত্ৰী পু লালডুহোমাৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা উল্লেখ কৰি শ্ৰী সিন্ধিয়াই মুখ্যমন্ত্ৰীগৰাকী আৰু তেওঁৰ প্ৰয়াত পিতৃৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ কথা উচ্চাসেৰে সোঁৱৰে। ধেমেলীয়া সুৰত তেওঁ কয় যে তেওঁ সেই সম্পৰ্কটোৰ দ্বিতীয় প্ৰজন্মক প্ৰতিনিধিত্ব কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ যুৱসুলভ শক্তি আৰু উৎসাহক শ্ৰদ্ধাৰে প্ৰশংসা কৰে।

শ্ৰী সিন্ধিয়াই এই অঞ্চলটোৰ অসাধাৰণ প্ৰাকৃতিক সৌন্দৰ্য আৰু পৰিৱেশগত সম্পদৰ কথাতো আলোকপাত কৰি কয় যে পৰিৱেশ সংৰক্ষণৰ লগতে উন্নয়নৰ কামো আগুৱাই নিব লাগিব।

WhatsApp Image 2026-10-12 at 3.18.55 AM.jpeg

যোগাযোগ ব্যৱস্থাই মিজোৰামৰ উন্নয়নৰ দিশ সলনি কৰিছে

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পথ, ৰে’ল আৰু বিমান পৰিবহণৰ জৰিয়তে মিজোৰামৰ যোগাযোগ ব্যৱস্থাত হোৱা গুৰুত্বপূৰ্ণ উন্নতিৰ কথা উল্লেখ কৰি কয় যে কেৱল বুনিয়াদৰ জৰিয়তেই নহয়, মানুহৰ মাজৰ শক্তিশালী বান্ধোনেৰেও ৰাজ্যখন ক্ৰমান্বয়ে সংযুক্ত হৈ পৰিছে।

তেওঁ ৫৩.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈৰাৱী–চাইৰাং ৰে’ল পথটোক এক ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰে, যিয়ে মিজোৰামক ভাৰতৰ ৰে’ল মানচিত্ৰত স্থান দিছে আৰু প্ৰধান অর্থনৈতিক কেন্দ্ৰসমূহৰ সৈতে যোগাযোগ সহজ কৰি তুলিছে।

ৰে’ল যোগাযোগৰ জৰিয়তে ১,১০০ খনতকৈয়ো অধিক ৰে’ল যাত্ৰাৰ মাধ্যমেৰে ১৫ লাখতকৈয়ো অধিক যাত্ৰীৰ যাতায়াত সুচল হৈ উঠিছে, যাৰ জৰিয়তে আইজলক গুৱাহাটী, কলকাতা আৰু দিল্লীৰ সৈতে সংযুক্ত কৰা হৈছে। চাইৰাং-শিলচৰ সেৱাৰ প্ৰৱৰ্তনে বৰাক উপত্যকাৰ সৈতে যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিছে।

প্ৰসংগক্ৰমে, আৰু এটা ঐতিহাসিক সাফল্যৰ কথা উল্লেখ কৰি শ্ৰী সিন্ধিয়াই ২০২৬ চনৰ মাৰ্চ মাহত চাইৰঙত ভাৰতীয় খাদ্য নিগম (FCI)-ৰ  খাদ্যদ্ৰব্য কঢ়িয়াই অনা প্ৰথমখন ৰেকৰ আগমনৰ কথা কয়, য'ত ৪২টা ৱাগনত পাঞ্জাৱৰ পৰা প্ৰায় ২৬,০০০ কুইণ্টল চাউল কঢ়িয়াই অনা হৈছিল।

তেওঁ কয় যে ৰে’লেৰে পাঞ্জাৱৰ পৰা মিজোৰামলৈ খাদ্যশস্যৰ প্ৰত্যক্ষ পৰিবহণ দহবছৰ আগতে কল্পনাই কৰিব নোৱাৰা কথা আছিল আৰু ইয়ে প্ৰমাণ কৰে যে উন্নত যোগাযোগ ব্যৱস্থাই দেশৰ দূৰ-দূৰণিৰ অঞ্চলসমূহক কেনেদৰে কাষ চপাই আনিছে।

পৰ্যটন সন্দৰ্ভত শ্ৰী সিন্ধিয়াই উল্লেখ কৰে যে ২০২৬ চনৰ প্ৰথম ছটা মাহত মিজোৰামত ৪,৯৪,৩৬২ গৰাকী ঘৰুৱা পৰ্যটক আৰু ৭,৩৮৯ গৰাকী বৈদেশিক পৰ্যটকৰ আগমন ঘটিছে, যিয়ে পৰ্যটনস্থলী হিচাপে ৰাজ্যখনৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাকে প্ৰতিফলিত কৰে।

 

WhatsApp Image 2026-10-12 at 3.19.01 AM.jpeg

কৃষকৰ জীৱিকা সৱলীকৰণৰ বাবে মিজোৰাম আদা মিছন

ৰাজ্যখনৰ কৃষিৰ সম্ভাৱনা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি শ্ৰী সিন্ধিয়াই মিজো আদাক মিজোৰামৰ এক অনন্য শক্তি আৰু অর্থনৈতিক পৰিচয় হিচাপে বৰ্ণনা কৰে।

তেওঁ কয় যে ১৮৯.৭৯ কোটি টকাৰ মিজোৰাম আদা মিছন-য়ে প্ৰায় ২০,০০০ কৃষি পৰিয়ালক খেতি, সংসাধন, ব্ৰেণ্ডিং, যোগাযোগ আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সুবিধা অন্তৰ্ভুক্ত কৰি এক সংহত মূল্য শৃংখলৰ (value chain) আওতালৈ আনিব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জোৰ দি কয় যে কেৱল আদাৰ উৎপাদন বৃদ্ধি কৰাই নহয়, বৰং কৃষক আৰু স্থানীয় সম্প্ৰদায়সমূহে সৃষ্টি হোৱা অর্থনৈতিক মূল্যৰ উচিত অংশ লাভ কৰাটো নিশ্চিত কৰাটোও হৈছে ইয়াৰ উদ্দেশ্য।

বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত ৩৩১ কোটি টকাৰ উন্নয়নমূলক অনুদান

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে DoNER মন্ত্ৰালয়ে চলিত বিত্তীয় বৰ্ষত ৬,৮১২.৩০ কোটি টকা আণ্টোৱান কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সভাত অৱগত কৰে।

তেওঁ কয় যে মিজোৰামত ৪,৬১৭.৭০ কোটি টকাৰ ৩৭৫টা প্ৰকল্প হাতত লোৱা হৈছে, ইয়াৰ ভিতৰত ২,৬৯২.৩১ কোটি টকা বিনিয়োগেৰে ২৯৫টা প্ৰকল্প ইতিমধ্যে সম্পূৰ্ণ হৈছে।

উন্নয়নমূলক প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত মিজোৰাম চৰকাৰৰ সহযোগিতা আৰু প্ৰচেষ্টাৰ বাবে অভিনন্দন জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতি পাঁচটা প্ৰকল্পৰ ভিতৰত প্ৰায় চাৰিটা প্ৰকল্প সম্পূৰ্ণ হোৱাটোৱে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে লাভ কৰা অগ্ৰগতিকে প্ৰদৰ্শন কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰায় ১০টা উন্নয়নমূলক প্ৰকল্পৰ কথা উল্লেখ কৰে, যাৰ মূল্য হৈছে প্ৰায় ৩৩১ কোটি টকা। ইয়াৰ ভিতৰত জনসাধাৰণৰ সেৱাত উচৰ্গিত প্ৰায় ১০২ কোটি টকাৰ পাঁচটা প্ৰকল্প আৰু আধাৰশিলা স্থাপন কৰা ২২৮.৫৪ কোটি টকাৰ পাঁচটা প্ৰকল্প অন্তৰ্ভুক্ত আছে।

তেওঁ এই পদক্ষেপসমূহক "ৰুটছ এণ্ড ৰুটছ" (Routes and Roots)—অৰ্থাৎ পথ (Routes) যিয়ে মানুহ আৰু বজাৰক সংযুক্ত কৰে আৰু মূল বা শিপা (Roots) যিয়ে স্বাস্থ্য, শিক্ষা, সংস্কৃতি আৰু প্ৰতিভাক পৰিপুষ্ট কৰা প্ৰতিষ্ঠানসমূহক বুজায়। সেই হিচাপেই এই বিনিয়োগ বুলি অভিহিত কৰে।

"পথসমূহে মিজোৰামক বিশ্বলৈ লৈ গৈছে। শিপাই মিজোৰামক মিজোসকলৰ কৰি ৰাখিছে।"তেওঁ মন্তব্য কৰে।

জনসাধাৰণৰ সেৱাত উচৰ্গিত ১০২ কোটি টকাৰ ৫ টা উন্নয়নমূলক প্ৰকল্প

উদ্বোধন কৰা আৰু জনসাধাৰণলৈ উচৰ্গা কৰা প্ৰকল্পসমূহ হ'ল:

১. দাইডো-ভাংকাউত পথ, চামফাই (১৭.২৪ কোটি টকা): মিজো আদা পাইলট প্ৰকল্প অঞ্চলত যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ আৰু বজাৰলৈ কৃষি সামগ্ৰীৰ পৰিবহণ সহজ কৰিবলৈ NESIDS-Roads ৰ অধীনত নিৰ্মিত ৩.৩৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ।

২. মামিটৰ মাজেৰে যোৱা ১৩২ কেভি বৈৰাৱী–ৱেষ্ট ফেইলং ট্ৰেন্সমিছন লাইন (৫৪.৯৫ কোটি টকা): ৰাজ্যখনৰ বিদ্যুৎ সঞ্চাৰ নেটৱৰ্ক শক্তিশালী কৰিবলৈ আৰু বিদ্যুৎ বুনিয়াদ উন্নত কৰাৰ বাবে ৭৪ চাৰ্কিট-কিলোমিটাৰৰ বিদ্যুৎ সঞ্চাৰ লাইন।

৩. নৰ্থ ভনলাইপাই পানী যোগান আঁচনিৰ সম্প্ৰসাৰণ (২০.৫০ কোটি টকা): পানী যোগানৰ সুবিধা উন্নত কৰিবলৈ আৰু জনসাধাৰণৰ অত্যাৱশ্যকীয় আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ ৰূপায়ন কৰা প্ৰকল্প।

৪. AYUSH বিকাশ কেন্দ্ৰ (২.৬৪ কোটি টকা): আয়ুষ খণ্ডত প্ৰতিষ্ঠানিক সামৰ্থ্য আৰু স্বাস্থ্যসেৱা বুনিয়াদ শক্তিশালী কৰাৰ এক পদক্ষেপ।

৫. উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আইজল কলা আৰু সংগীত প্ৰতিষ্ঠান, তুইভামিত ত্লাং (৬.৯০ কোটি টকা): উত্তৰ-পূব পৰিষদ-ৰ আঁচনিৰ অধীনত নিৰ্মিত এই প্ৰতিষ্ঠানখনে কলাত্মক প্ৰতিভা বিকাশ, সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু সংগীত তথা কলাৰ ক্ষেত্ৰত পেছাদাৰী সুযোগ সৃষ্টি কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে।

আইজল ইনষ্টিটিউট অব আৰ্টছ এণ্ড মিউজিক সন্দৰ্ভত ভাষণ দি শ্ৰী সিন্ধিয়াই মিজোৰামৰ ব্যতিক্ৰমী সংগীত প্ৰতিভাক প্ৰশংসা কৰি কাৰ্যক্ৰমত অনুষ্ঠান পৰিৱেশন কৰা সংগীতজ্ঞসকলক প্ৰশংসা কৰে।

তেওঁ পৰিৱেশকসকলে বিশেষকৈ ঢোলবাদকসকলে প্ৰদৰ্শন কৰা শক্তি, উৎসাহ আৰু দক্ষতাৰ শলাগ লৈ কয় যে তেওঁলোকৰ অভিনয়ত মিজোৰামৰ কলাত্মক উৎকৰ্ষতা আৰু সজীৱ সাংস্কৃতিক মনোভাৱ প্ৰতিফলিত হৈছে।

২২৮.৫৪ কোটি টকাৰ ৫ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত যোগাযোগ ব্যৱস্থা সম্প্ৰসাৰণ আৰু সামাজিক বুনিয়াদ শক্তিশালী কৰাৰ লক্ষ্যৰে পাঁচটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। সেইসমূহ হ’ল:

১. পুকজিং–ছিলছুৰি পথ, মামিট (১০০.২৪ কোটি টকা): সৰ্বত্ৰে সকলো ঋতুতে যোগাযোগ ব্যৱস্থা সুচল কৰাৰ বাবে NESIDS-Roads ৰ অধীনত ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ প্ৰকল্প।

২. তুৱালপুই–চামফাই পথ (৫৭.০১ কোটি টকা): আঞ্চলিক যোগাযোগ শক্তিশালী কৰা আৰু বজাৰ তথা অত্যাৱশ্যকীয় সেৱাসমূহৰ সুবিধা উন্নত কৰাৰ বাবে ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ প্ৰকল্প।

৩. অইল পাম লিংক ৰোড (২৬.৪৯ কোটি টকা): কোলাচিব, মামিট, লুংলেই আৰু লাংটলাই জুৰি থকা অঞ্চলসমূহ সংযোগ কৰা ৩২.৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ প্ৰকল্প।

৪. এ.এন.এম. স্কুলৰ বাবে ৪০ খন বিছনাযুক্ত শিক্ষাৰ্থী নিবাস, জেমাবাক, আইজল (১০ কোটি টকা): নাৰ্ছিং শিক্ষা শক্তিশালী কৰাৰ আৰু স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ প্ৰশিক্ষণক সমর্থন জনোৱাৰ বাবে NESIDS-OTRI ৰ অধীনৰ প্ৰকল্প।

৫. মিজোৰামত ক্ৰীড়া বুনিয়াদৰ উন্নয়ন (৩৪.৮০ কোটি টকা): ৪) মিজোৰামত ক্ৰীড়া আন্তঃগাঁথনি উন্নয়ন তথা মিজোৰামৰ শক্তিশালী ক্ৰীড়া সংস্কৃতি আৰু ভাৰতীয় ফুটবল আৰু অন্যান্য শাখাত অৱদানৰ ভিত্তিত যুৱ খেলুৱৈসকলৰ বাবে উন্নত ক্ৰীড়াৰ সুবিধা আৰু সুযোগ সৃষ্টিৰ এক পদক্ষেপ।

উন্নয়নে ‘হ্নাটলাং’ (Hnatlang) ৰ স্পন্দনক প্ৰতিফলিত কৰিব লাগিব

ভাষণৰ সামৰণি মাৰিবলৈ গৈ শ্ৰী সিন্ধিয়াই মিজোৰামৰ পৰম্পৰাগত সামাজিক প্ৰথা ‘হ্নাটলাং’ৰ কথা উল্লেখ কৰে, য'ত মানুহে নিজৰ গাঁও আৰু প্ৰতিবেশীসকলৰ কল্যাণৰ বাবে স্বেচ্ছাই সন্মিলিত হৈ যৌথভাৱে কাম কৰে।

তেওঁ এই উন্নয়নমূলক পদক্ষেপসমূহক কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু জনসাধাৰণক এক যৌথ অগ্ৰগতিৰ মিছনত একত্ৰিত কৰা এক বৃহৎ পৰিসৰৰ ‘হ্নাটলাং’ৰ প্ৰকাশ বুলি অভিহিত কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মিজোৰামৰ সৰ্বাংগীণ আৰু সুস্থিৰ উন্নয়নৰ প্ৰতি ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ ব্যক্ত কৰি কয় যে ইয়াৰ মূল উদ্দেশ্য হৈছে ৰাজ্যখনৰ অনন্য সাংস্কৃতিক পৰিচয় আৰু প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণ কৰি নতুন অর্থনৈতিক সুযোগ সৃষ্টি কৰা।

১২–১৩ অক্টোবৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দুদিনীয়া মিজোৰাম ভ্ৰমণৰ সময়ত বেংকিং খণ্ডৰ ছাত্ৰ-ছাত্ৰী, নাগৰিক সমাজৰ প্ৰতিনিধি আৰু অংশীদাৰসকলৰ সৈতেও মিলিত হব, যিয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন, যুৱ সৱলীকৰণ আৰু অৰ্থনৈতিক অন্তৰ্ভুক্তিৰ প্ৰসংগত ড’নাৰ মন্ত্ৰালয়ৰ অবিৰত মনোনিৱেশক প্ৰতিফলিত কৰে।

 

****

PS/KB


(ৰিলিজ আই ডি : 2322653) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , हिन्दी