শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
আই অ’ চি এল-বঙাইগাঁও শোধনাগাৰৰ পৰিচালনা কৰ্তৃপক্ষ আৰু ঠিকাদাৰসকলৰ সৈতে মত-বিনিময়ত ই পি এফ অ’ৰ সামাজিক সুৰক্ষাৰ মূল পদক্ষেপসমূহৰ ওপৰত আলোকপাত
পোষ্ট কৰা হৈছে:
10 OCT 2026 2:31PM by PIB Guwahati
কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা (ই পি এফ অ’)-ই ৯ অক্টোবৰত বঙাইগাঁৱৰ আই অ’ চি এল-বঙাইগাঁও শোধনাগাৰ (আই অ’ চি এল-বি জি আৰ)ত ইয়াৰ গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু আঁচনিসমূহৰ বিষয়ে মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰে। উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত কেন্দ্ৰীয় ভৱিষ্যনিধি আয়ুক্ত শ্ৰী শশীৰ কান্ত ঝাই এই অনুষ্ঠানত সভাপতিত্ব কৰে।
এই অনুষ্ঠানত পাঁচটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়। সেইকেইটা হৈছে— ই পি এফৰ মজুৰিৰ সীমা প্ৰতি মাহে ১৫,০০০ টকাৰ পৰা ২৫,০০০ টকালৈ বৃদ্ধি, প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা (পি এম-ভি বি আৰ ৱাই), কৰ্মচাৰী নামভৰ্তি অভিযান (ই ই চি) ২০২৬, ‘বিশ্বাস’ আঁচনি আৰু মুখ্য নিয়োগকৰ্তা পৰ্টেল।
আই অ’ চি এল-বি জি আৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰৰ মুৰব্বী শ্ৰী নয়ন কুমাৰ বৰুৱাই এই অনুষ্ঠান উদ্বোধন কৰে। বঙাইগাঁও জিলা কাৰ্যালয়ৰ আঞ্চলিক ভৱিষ্যনিধি আয়ুক্ত-২ তথা ভাৰপ্ৰাপ্ত বিষয়া শ্ৰী সঞ্জয় কুমাৰ শ্ৰীবাস্তৱ আৰু প্ৰৱৰ্তন বিষয়া শ্ৰী সুজয় ভট্টাচাৰ্যই এই পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। শোধনাগাৰৰ পৰিচালনা কৰ্তৃপক্ষ, ঠিকাদাৰ আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ প্ৰতিনিধিসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
অংশগ্ৰহণকাৰীসকলক ই পি এফৰ মজুৰিৰ সীমা বৃদ্ধিৰ প্ৰস্তাৱ আৰু ইয়াৰ জৰিয়তে অধিক লোকক সামাজিক সুৰক্ষাৰ আওতালৈ অনাৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে অৱগত কৰা হয়। পি এম-ভি বি আৰ ৱাইৰ ব্যৱস্থাসমূহৰ বিষয়েও আলোচনা কৰা হয়। বিশেষকৈ নিয়োগ সৃষ্টিত উদগনি যোগোৱা আৰু কৰ্মশক্তিক আনুষ্ঠানিক নিয়োগ ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত এই আঁচনিখনৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
এই অধিৱেশনত ই ই চি ২০২৬-ৰ ওপৰত আলোকপাত কৰা হয়। নিৰ্ধাৰিত চৰ্তসমূহ পূৰণ সাপেক্ষে, পূৰ্বতে সামাজিক সুৰক্ষাৰ আওতাত নথকা কৰ্মচাৰীসকলক নামভৰ্তি কৰোৱাৰ বাবে যোগ্য প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত এই অভিযানক এক সুযোগ হিচাপে উল্লেখ কৰা হয়। বিশ্বাস আঁচনিৰ অধীনত নিৰ্ধাৰিত ব্যৱস্থাসমূহ অনুসৰি, নিয়ম-নীতি পালনত সুবিধা প্ৰদান আৰু অতীতৰ নিৰ্দিষ্ট অনিয়মৰ ক্ষেত্ৰত সকাহ দিয়াৰ বিষয়েও আলোচনা কৰা হয়। নিয়ম-নীতিৰ পালন আৰু নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত মুখ্য নিয়োগকৰ্তা পৰ্টেলৰ ভূমিকাৰ বিষয়েও আলোচনা কৰা হয়।
এই মত-বিনিময় অনুষ্ঠানে আই অ’ চি এল-বি জি আৰৰ পৰিচালনা কৰ্তৃপক্ষ আৰু ঠিকাদাৰসকলক আঁচনিসমূহৰ বিধান আৰু ৰূপায়ণ সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত স্পষ্টীকৰণ বিচৰাৰ এক মঞ্চ প্ৰদান কৰে। সকলো যোগ্য কৰ্মচাৰীক সামাজিক সুৰক্ষাৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত সজাগতা আৰু সময়মতে নিয়ম-নীতি পালন কৰাৰ ওপৰতো অনুষ্ঠানত গুৰুত্ব আৰোপ কৰা হয়

***
PG/BM/PB
(ৰিলিজ আই ডি : 2321709)
অতিথি কক্ষ : 37