যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

টেলিকম বিভাগৰ অসম লাইচেঞ্চপ্ৰাপ্ত সেৱা পৰিসৰে (LSA) দেশৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছে

পোষ্ট কৰা হৈছে: 08 OCT 2026 7:06PM by PIB Guwahati

টেলিকম বিভাগৰ অসম লাইচেঞ্চপ্ৰাপ্ত সেৱা পৰিসৰে সমগ্ৰ দেশৰ সকলো লাইচেঞ্চপ্ৰাপ্ত সেৱা পৰিসৰৰ ভিতৰত প্ৰথম স্থান অৰ্জন কৰি এক ঐতিহাসিক মাইলৰ খুঁটি স্পৰ্শ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৭ অক্টোবৰত ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন আৰু যোগাযোগ ৰাজ্য মন্ত্ৰী ড° পেম্মাছানী চন্দ্ৰ শেখৰে অসম লাইচেঞ্চপ্ৰাপ্ত সেৱা পৰিসৰৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী ৰাজেন্দ্ৰ মেশ্ৰামক এই সন্মান অৰ্পণ কৰে।

টেলিকম সেৱাৰ সম্প্ৰসাৰণ, সজাগতামূলক কাৰ্যসূচী, ৰেডিয়েচন পৰীক্ষণ, চি এ এফ অডিট, কাৰিকৰী আলোচনা, অনুজ্ঞাপত্ৰ প্ৰদান, অভিযোগ নিৰসন, দুৰ্যোগ ব্যৱস্থাপনা আৰু অবৈধ টেলিকম কাৰ্যকলাপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণকে ধৰি মুখ্য মানসমূহত অসম লাইচেঞ্চপ্ৰাপ্ত সেৱা পৰিসক উৎকৃষ্ট প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হয়।

এই গৌৰৱময় কৃতিত্বত আনন্দ প্ৰকাশ কৰি শ্ৰী ৰাজেন্দ্ৰ মেশ্ৰামে কয় যে এই স্বীকৃতি সমগ্ৰ অসম এল এছ এ দলটোৰ কঠোৰ পৰিশ্ৰম, প্ৰতিশ্ৰুতিবদ্ধতা আৰু কাৰ্যক্ষমতাৰ এক উৎকৃষ্ট প্ৰমাণ। তেওঁ লগতে উল্লেখ কৰে যে অসম এল এছ এ -ই 'সঞ্চাৰ সাথী' আৰু 'সঞ্চাৰ মিত্ৰ' আঁচনিৰ অধীনত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে, যিয়ে সমগ্ৰ দেশৰে নাগৰিকসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে।

***

PG/BM/PB


(ৰিলিজ আই ডি : 2321010) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English