প্ৰতিৰক্ষা মন্ত্ৰালয়
প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰীয়ে ছাৰেক্স-২০২৬ উদ্বোধন কৰে
২৪ সংখ্যক এনএমএছএআৰ ব’ৰ্ডৰ বৈঠকত সাগৰীয় এছএআৰ প্ৰস্তুতিৰ পৰ্যালোচনা
পোষ্ট কৰা হৈছে:
07 OCT 2026 6:20PM by PIB Guwahati
প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী শ্ৰী সঞ্জয় ছেঠে ২০২৬ চনৰ ৭ অক্টোবৰত বহুজাতিক সন্ধান আৰু উদ্ধাৰ অনুশীলন চমুকৈ ‘ছাৰেক্স-২০২৬’ উদ্বোধন কৰে, যি অনুশীলন ৮ অক্টোবৰ ২০২৬ তাৰিখে পাৰাদ্বীপৰ সমীপত অনুষ্ঠিত হ’ব। এই অনুশীলনত ৩০খন মিত্ৰ বিদেশী ৰাষ্ট্ৰৰ ৩২ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ তথা পৰ্যবেক্ষণ কৰিব।
উপস্থিত সমবেত লোকসকলক সম্বোধন কৰি প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু মিত্ৰ বিদেশী দেশসমূহৰ প্ৰতিনিধিসকলক আদৰণি জনায় আৰু সমগ্ৰ অঞ্চলটোত সহযোগিতা বৃদ্ধি তথা সাগৰীয় সুৰক্ষা অধিক শক্তিশালী কৰাৰ যৌথ প্ৰতিশ্ৰুতিৰ প্ৰতিফলন হিচাপে তেওঁলোকৰ উপস্থিতিক প্ৰশংসা কৰে। তেওঁ কয় যে নৌসেনা, উপকূলৰক্ষী বাহিনী, বায়ুসেনা, উপকূলীয় আৰক্ষী, বন্দৰ, অসামৰিক সংস্থা, জাহাজ পৰিবহণ গোষ্ঠী আৰু আন্তঃৰাষ্ট্ৰীয় তথা আঞ্চলিক অংশীদাৰসকলৰ অংশগ্ৰহণে প্ৰমাণ কৰে যে আধুনিক সাগৰীয় নিৰাপত্তা কেৱল কোনো এটা সংস্থাৰ দায়িত্ব নহয়, বৰঞ্চ ইয়াৰ বাবে সমগ্ৰ চৰকাৰ আৰু সমগ্ৰ দেশৰে একত্ৰিত দৃষ্টিভংগীৰ প্ৰয়োজন।

প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰীয়ে সহযোগিতা, প্ৰস্তুতি আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ জৰিয়তে ভাৰতৰ সন্ধান আৰু উদ্ধাৰ ক্ষমতা অধিক শক্তিশালী কৰাৰ নিৰন্তৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে উপগ্ৰহভিত্তিক সন্ধান আৰু উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত ভাৰতৰ যাত্ৰা ক্ৰমাগতভাৱে ‘ল’ আৰ্থ অৰ্বিট ছাৰ্চ এণ্ড ৰেচকিউ’ৰ পৰা ‘জিঅ’ষ্টেচনেৰী ছাৰ্চ এণ্ড ৰেচকিউ’ আৰু এতিয়া ‘মিডিয়াম আৰ্থ অৰ্বিট ছাৰ্চ এণ্ড ৰেচকিউ’ৰ দিশে আগবাঢ়িছে। তেওঁ ভাৰতীয় আৰ্থ অৰ্বিট লোকেল ইউজাৰ টাৰ্মিনেলৰ সম্পূৰ্ণ কাৰ্যক্ষমতা অৰ্জনক ভাৰতৰ উপগ্ৰহভিত্তিক সন্ধান আৰু উদ্ধাৰ ক্ষমতাৰ এক গুৰুত্বপূৰ্ণ অগ্ৰগতি বুলি অভিহিত কৰে। ৰক্ষা ৰাজ্যমন্ত্ৰীয়ে এই সাফল্য আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সন্ধান আৰু উদ্ধাৰ ক্ষমতা শক্তিশালী কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ইছৰ’ আৰু সকলো সহযোগী দলক অভিনন্দন জনায়।
ৰক্ষা ৰাজ্যমন্ত্ৰীয়ে সকলো অংশগ্ৰহণকাৰী সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰক সাগৰত মানুহৰ জীৱন ৰক্ষাৰ বাবে তেওঁলোকৰ যৌথ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিবলৈ আৰু সমগ্ৰ অঞ্চলটোত কাৰ্যকৰী সন্ধান আৰু উদ্ধাৰৰ মূল ভেটিস্বৰূপ সহযোগিতামূলক মনোভাৱ সুদৃঢ় কৰিবলৈ আহ্বান জনায়। ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’ নীতিৰ উল্লেখ কৰি তেওঁ কয় যে যৌথ প্ৰচেষ্টাৰ দ্বাৰাহে এক অধিক সুৰক্ষিত, স্থিতিস্থাপক আৰু অধিক সহযোগিতামূলক সাগৰীয় সমাজ গঢ়ি তুলিব পৰা যায়।
শ্ৰী ছেঠে কয় যে ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ৰ লক্ষ্যত উপনীত হ’বলৈ ভাৰত আগবঢ়াৰ লগে লগে ইয়াৰ এছএআৰ ক্ষমতাসমূহো অধিক ক্ষিপ্ৰ, নিখুঁত আৰু অধিক স্থিতিস্থাপক হৈ গঢ় লৈ উঠিব লাগিব। তেওঁ কয় যে এখন উন্নত আৰু সৱলীকৃত ভাৰত এক সুৰক্ষিত, শক্তিশালী আৰু প্ৰযুক্তিগতভাৱে উন্নত সাগৰীয় ৰাষ্ট্ৰ হিচাপেও প্ৰতিষ্ঠিত হ’ব লাগিব, যিটো ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ মূলমন্ত্ৰ—‘বয়ম ৰক্ষামঃ’ (আমি ৰক্ষা কৰোঁ)-ত অৰ্থপূৰ্ণভাৱে প্ৰতিফলিত হৈছে।

ছাৰেক্স-২০২৬ হৈছে এক বহু-সংস্থাগত অনুশীলন, যাৰ লক্ষ্য হৈছে কাৰ্যক্ষমতাৰ প্ৰস্তুতি সত্যাপন কৰা, আন্তঃৰাষ্ট্ৰীয় পাৰস্পৰিক কাৰ্যক্ষমতা বৃদ্ধি কৰা, যৌথ সঁহাৰি ব্যৱস্থা পৰীক্ষা কৰা আৰু উত্তম অনুশীলনসমূহৰ আদান-প্ৰদানক উৎসাহিত কৰা, য’ত প্ৰতিটো অভিযানৰ মূল উদ্দেশ্য হৈছে সাগৰত মানুহৰ জীৱন ৰক্ষা কৰা।
ইয়াৰ পূৰ্বে আজি ২০২৬ চনৰ ৭ অক্টোবৰত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান তথা এনএমএছএআৰ ব’ৰ্ডৰ অধ্যক্ষ মহাপৰিচালক পৰমেশ শিৱমণিৰ পৌৰোহিত্যত ২৪ সংখ্যক ৰাষ্ট্ৰীয় সাগৰীয় সন্ধান আৰু উদ্ধাৰ ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হয়। ব’ৰ্ডে ৪৬ লাখ বৰ্গ কিলোমিটাৰ জোৰা ভাৰতীয় সন্ধান আৰু উদ্ধাৰ অঞ্চলত সাগৰীয় সন্ধান আৰু উদ্ধাৰ অভিযানৰ প্ৰস্তুতি পৰ্যালোচনা কৰে। বৈঠকৰ সময়ছোৱাত প্ৰযুক্তিগত একত্ৰীকৰণ, বাস্তৱ সময়ৰ তথ্যৰ আদান-প্ৰদান, বিপদকালীন সংকেত ব্যৱস্থাপনা, জাহাজ অনুসৰণ আৰু আন্তঃ-সংস্থাগত সমন্বয়ৰ বিষয়ে আলোচনা কৰা হয়, যিয়ে চাৰেক্স-২০২৬-ৰ বাবে কাৰ্যকৰী ভিত্তি প্ৰদান কৰে।
অধ্যক্ষগৰাকীয়ে গুৰুত্ব আৰোপ কৰে যে পূৰ্বৰ অভিযান আৰু বহু-সংস্থাগত অনুশীলনৰ পৰা লাভ কৰা কাৰ্যকৰী শিক্ষাসমূহ পোনপটীয়াকৈ অধিক অভিযানমূলক সাজুতা আৰু সঁহাৰি ক্ষমতালৈ ৰূপান্তৰিত হ’ব লাগিব। এই বৈঠকত সাগৰত মানুহৰ জীৱন ৰক্ষাৰ অনুকৰণীয় প্ৰচেষ্টাক স্বীকৃতি জনাই ‘ৰাষ্ট্ৰীয় সাগৰীয় সন্ধান আৰু উদ্ধাৰ বঁটা ২০২৬’-ও প্ৰদান কৰা হয়।
SR/Ruchi/MM
(ৰিলিজ আই ডি : 2320564)
অতিথি কক্ষ : 2