স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ৰাষ্ট্ৰীয় সহযোগী আৰু স্বাস্থ্যসেৱা পেছাদাৰী আয়োগ চমুকৈ এনচিএএইচপিয়ে সহযোগী আৰু স্বাস্থ্যসেৱা শিক্ষাত গুণগত মান, স্বচ্ছতা আৰু মানকীকৰণ সুদৃঢ় কৰাৰ লক্ষ্যৰে স্বায়ত্তশাসিত ব’ৰ্ড আৰু কেন্দ্ৰীয় মূল্যায়ন সমিতিৰ নিয়মাৱলী অধিসূচিত কৰে
স্বায়ত্তশাসিত ব’ৰ্ডসমূহে সহযোগী আৰু স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহৰ গুণগত মান মূল্যায়ন আৰু মান শক্তিশালী কৰিব
এনচিএএইচপিয়ে ‘এক ৰাষ্ট্ৰ এক পাঠ্যক্ৰম’ৰ অধীনত দক্ষতাভিত্তিক চিকিৎসা ৰেডিঅ’ল’জী আৰু ইমেজিং প্ৰযুক্তিৰ ডিপ্ল’মা পাঠ্যক্ৰম অধিসূচিত কৰে
ডিএমআৰআইটি দুবছৰীয়া পাঠ্যক্ৰমত ৰেডিঅ’ল’জী আৰু ইমেজিং বিষয়ত ছমহীয়া ক্লিনিকেল ইণ্টাৰ্নশ্বিপ অন্তৰ্ভুক্ত হ’ব
সহযোগী আৰু স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ বাবে এনচিএএইচপিৰ অনন্য চিনাক্তকৰণ নম্বৰ আৰু কিউআৰ-কোডযুক্ত প্ৰমাণপত্ৰসহ ডিজিটেল পঞ্জীয়ন প্ৰৱৰ্তন
ৰাজ্যিক আৰু কেন্দ্ৰীয় পঞ্জীয়ন বহীয়ে সহযোগী তথা স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ ৰাজহুৱা প্ৰমাণীকৰণ সুচল কৰিব
পোষ্ট কৰা হৈছে:
07 OCT 2026 6:49PM by PIB Guwahati
ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় সহযোগী আৰু স্বাস্থ্যসেৱা পেছাদাৰী আয়োগ চমুকৈ এনচিএএইচপিয়ে সহযোগী আৰু স্বাস্থ্যসেৱা শিক্ষা তথা পেছাদাৰী অনুশীলনৰ মান সুদৃঢ় কৰাৰ লক্ষ্যৰে ‘নেচনেল কমিছন ফৰ এলাইড এণ্ড হেল্থকেয়াৰ প্ৰফেচনেলছ এক্ট, ২০২১’-ৰ অধীনত কেইবাটাও ব্যৱস্থা অধিসূচিত কৰিছে। ইয়াৰ ভিতৰত স্বায়ত্তশাসিত ব’ৰ্ড আৰু কেন্দ্ৰীয় মূল্যায়ন সমিতি (প্ৰতিষ্ঠা, গঠন, কাৰ্যাৱলী আৰু ক্ষমতা) নিয়মাৱলী, ২০২৬, ডিপ্ল’মা ইন মেডিকেল ৰেডিঅ’লজী এণ্ড ইমেজিং টেকন’লজী চমুকৈ ডিএমআৰআইটি-ৰ বাবে দক্ষতাভিত্তিক পাঠ্যক্ৰম আৰু সহযোগী তথা স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ পঞ্জীয়ন নিয়মাৱলী, ২০২৬ অন্তৰ্ভুক্ত।
এই ব্যৱস্থাসমূহে প্ৰতিষ্ঠানিক মূল্যায়ন আৰু গুণগত মান নিশ্চিতকৰণ, দক্ষতাভিত্তিক শিক্ষা আৰু প্ৰশিক্ষণৰ লগতে সহযোগী তথা স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ পঞ্জীয়ন আৰু প্ৰমাণীকৰণৰ বাবে এক সুশৃংখল ব্যৱস্থা প্ৰদান কৰে।
স্বায়ত্তশাসিত ব’ৰ্ড আৰু কেন্দ্ৰীয় মূল্যায়ন সমিতিৰ জৰিয়তে প্ৰতিষ্ঠানিক মান শক্তিশালী কৰা
ৰাষ্ট্ৰীয় সহযোগী আৰু স্বাস্থ্যসেৱা পেছাদাৰী আয়োগ চমুকৈ এনচিএএইচপি-য়ে ‘নেচনেল কমিছন ফৰ এলাইড এণ্ড হেল্থকেয়াৰ প্ৰফেচনেলছ এক্ট, ২০২১’-ৰ অধীনত তলত উল্লেখ কৰা নিয়মাৱলীসমূহ অধিসূচিত কৰিছে – (ক) সহযোগী আৰু স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ পঞ্জীয়ন নিয়মাৱলী, ২০২৬, (খ) স্বায়ত্তশাসিত ব’ৰ্ড আৰু কেন্দ্ৰীয় মূল্যায়ন সমিতি প্ৰতিষ্ঠা, গঠন, কাৰ্যাৱলী আৰু ক্ষমতা নিয়মাৱলী, ২০২৬। এই নিয়মাৱলীয়ে প্ৰতিষ্ঠানিক মূল্যায়ন, গুণগত মান নিশ্চিতকৰণ আৰু স্বীকৃতিপ্ৰাপ্ত পাঠ্যক্ৰমসমূহৰ বাবে মানদণ্ড ৰূপায়ণ সুদৃঢ় কৰাৰ এক পৰিকাঠামো প্ৰদান কৰে।
নিয়মাৱলীৰ মূল বৈশিষ্ট্যসমূহ
এই নিয়মাৱলীয়ে শিক্ষা, প্ৰতিষ্ঠানিক মূল্যায়ন, পেছাদাৰী নীতি-নিয়ম আৰু পঞ্জীয়ন সম্পৰ্কীয় নিৰ্দিষ্ট দায়িত্বসহ ৰাজ্যিক সহযোগী আৰু স্বাস্থ্যসেৱা পৰিষদসমূহৰ অধীনত স্বায়ত্তশাসিত ব’ৰ্ড গঠন আৰু কাৰ্যপদ্ধতিৰ ব্যৱস্থা কৰে। এই স্বায়ত্তশাসিত ব’ৰ্ডসমূহত এজন অধ্যক্ষকে ধৰি ১০ ৰ পৰা ২০ জন সদস্য থাকিব, য’ত স্বীকৃতিপ্ৰাপ্ত সহযোগী আৰু স্বাস্থ্যসেৱা পেছাদাৰী শ্ৰেণীসমূহৰ প্ৰতিনিধিত্ব থাকিব।
স্নাতক আৰু স্নাতকোত্তৰ ব’ৰ্ডসমূহে স্বীকৃতিপ্ৰাপ্ত পাঠ্যক্ৰমসমূহৰ বাবে মানদণ্ড, দক্ষতাভিত্তিক পৰিকাঠামো, অধ্যাপক-অধ্যাপিকাৰ বিকাশ, প্ৰশিক্ষণ আৰু গৱেষণা ৰূপায়ণত সুবিধা প্ৰদান কৰিব আৰু ৰাজ্যিক পৰিষদৰ ওচৰত প্ৰতিবেদন তথা পৰামৰ্শ দাখিল কৰিব।
মূল্যায়ন আৰু ৰেটিং ব’ৰ্ডে স্বীকৃতি আৰু অনুমতি পত্ৰৰ বাবে দাখিল কৰা আবেদনসমূহ মূল্যায়ন কৰিব, প্ৰতিষ্ঠানিক পৰিদৰ্শন চলাব, বাৰ্ষিক তথ্য পৰ্যালোচনা কৰিব, মূল্যায়নকাৰীসকলক পেনেলভুক্ত কৰিব, প্ৰতিষ্ঠানসমূহৰ মূল্যায়ন আৰু ৰেটিং নিৰ্ধাৰণ কৰিব আৰু ৰাজ্যিক পৰিষদৰ ৱেবছাইটৰ জৰিয়তে মূল্যায়ন তথা ৰেটিঙৰ তথ্য ৰাজহুৱা কৰিব।
নীতি আৰু পঞ্জীয়ন ব’ৰ্ডে পেছাদাৰীসকলৰ নথিপত্ৰসমূহ পৰীক্ষা কৰিব আৰু পঞ্জীয়নৰ বাবে অনুমোদন জনাব। এই ব’ৰ্ডে ৰাজ্যিক পঞ্জীয়ন বহীৰ সংৰক্ষণ আৰু পেছাদাৰী নীতি তথা আচৰণৰ মানদণ্ড ৰূপায়ণত সহায় কৰিব, লগতে অভিযোগ তথা নিয়ম উলংঘনৰ বিষয়সমূহ মূল্যায়ন কৰি পেছাদাৰী পঞ্জীয়ন সম্পৰ্কে পৰামৰ্শ আগবঢ়াব।
কেন্দ্ৰীয় মূল্যায়ন সমিতি (চিএচি)
যিবোৰ ৰাজ্যত কাৰ্যকৰী ৰাজ্যিক পৰিষদ নাই, সেইবোৰ ৰাজ্যৰ বাবে এই নিয়মাৱলীয়ে এনচিএএইচপি-ৰ সামগ্ৰিক তত্বাৱধানত আৰু এনচিএএইচপি সচিবালয়ৰ সহযোগত এক কেন্দ্ৰীয় মূল্যায়ন সমিতি চমুকৈ চিএচি গঠনৰ ব্যৱস্থা কৰিছে। এই চিএচি-য়ে স্বায়ত্তশাসিত ব’ৰ্ডসমূহৰ কাৰ্যাৱলী সম্পাদন কৰিব আৰু নিৰ্ধাৰিত প্ৰমাণীকৰণ, পৰিদৰ্শন তথা ৰেটিং পদ্ধতি অনুসৰণ কৰিব।
চিএচি-ত এজন সভাপতিকে ধৰি ১০ ৰ পৰা ৩০ জন সদস্য থাকিব, য’ত পেছাদাৰী শ্ৰেণীসমূহৰ প্ৰতিনিধিত্ব থাকিব আৰু প্ৰয়োজন সাপেক্ষে বিশেষকৈ কাৰ্যকৰী ৰাজ্যিক পৰিষদ নথকা অঞ্চলসমূহৰ বাবে যথোপযুক্ত ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰ্যাপ্ত প্ৰতিনিধিত্ব নিশ্চিত কৰিবলৈ অতিৰিক্ত সদস্য অন্তৰ্ভুক্ত কৰা হ’ব।
এই নিয়মাৱলীয়ে শুনানিৰ সুযোগ প্ৰদান কৰি স্বাৰ্থৰ সংঘাত, বিধি উলংঘন, পদৰ অপব্যৱহাৰ আৰু অন্যান্য নিৰ্দিষ্ট কাৰণকে ধৰি চিএচি সদস্যসকলক পদৰ পৰা অপসাৰণৰ যুক্তিযুক্ত আধাৰ আৰু সঠিক প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰি দিছে।
মানসম্পন্ন আৰু গুণগত মানচালিত সহযোগী তথা স্বাস্থ্যসেৱা শিক্ষাৰ দিশত অগ্ৰগতি
পূৰ্বে এনচিএএইচপি-য়ে সহযোগী আৰু স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ পঞ্জীয়ন নিয়মাৱলী, ২০২৬ অধিসূচিত কৰিছিল, যাৰ ফলত সহযোগী আৰু স্বাস্থ্যসেৱা পেছাদাৰীসকলে আইনখনৰ অধীনত পঞ্জীয়ন কৰি নিজৰ পেছা চলাই নিবলৈ সক্ষম হৈছিল। এই নিয়মাৱলীৰ অধিসূচনাৰ জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্যিক পঞ্জীয়ন বহীত এক মসৃণ আৰু স্বচ্ছ পঞ্জীয়ন প্ৰক্ৰিয়া নিশ্চিত হৈছে।
স্পষ্টভাৱে সংজ্ঞায়িত প্ৰতিষ্ঠানিক মূল্যায়ন, পৰিদৰ্শন আৰু ৰেটিং ব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ লগতে শিক্ষা, নৈতিকতা আৰু পঞ্জীয়নৰ নিৰ্দিষ্ট দায়িত্ব নিৰ্ধাৰণ কৰি এই নিয়মাৱলীয়ে সহযোগী আৰু স্বাস্থ্যসেৱা খণ্ডত শিক্ষাৰ মান তথা পেছাদাৰী মানদণ্ড উন্নত কৰাৰ বাবে এক সুশৃংখল গাঁথনি প্ৰদান কৰে।
প্ৰশিক্ষিত ইমেজিং পেছাদাৰীসকলৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে দক্ষতাভিত্তিক শিক্ষা
শিক্ষা আৰু প্ৰশিক্ষণৰ মানকীকৰণৰ লক্ষ্যৰে এনচিএএইচপি-য়ে সহযোগী আৰু স্বাস্থ্যসেৱা খণ্ডৰ বাবে ‘এক ৰাষ্ট্ৰ এক পাঠ্যক্ৰম’ৰ অধীনত ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰত ডিপ্ল’মা ইন মেডিকেল ৰেডিঅ’লজী এণ্ড ইমেজিং টেকন’লজী চমুকৈ ডিএমআৰআইটি-ৰ দক্ষতাভিত্তিক পাঠ্যক্ৰম অধিসূচিত কৰিছে।
ডিএমআৰআইটি পাঠ্যক্ৰম প্ৰদান কৰা বা প্ৰদান কৰিবলৈ ইচ্ছুক প্ৰতিষ্ঠানসমূহে ২০২৭–২৮ শিক্ষাবৰ্ষৰ পৰা এই পাঠ্যক্ৰম বাধ্যতামূলকভাৱে গ্ৰহণ কৰিব লাগিব। ২০২৬–২৭ শিক্ষাবৰ্ষত এই পাঠ্যক্ৰম কাৰ্যকৰী কৰিব বিচৰা প্ৰতিষ্ঠানসমূহে সেই শিক্ষাবৰ্ষৰ পৰাও ইয়াক গ্ৰহণ কৰিব পাৰে।
প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, চিকিৎসালয়, ৰোগ নিৰ্ণয় কেন্দ্ৰ আৰু অন্যান্য স্বাস্থ্যসেৱা কেন্দ্ৰসমূহত চিকিৎসা ৰেডিঅ’লজী আৰু ইমেজিং সেৱাৰ বাবে প্ৰশিক্ষিত পেছাদাৰীসকলৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই ডিপ্ল’মা পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে। লগতে ছাত্ৰ-ছাত্ৰী আৰু অংশীদাৰসকলৰ ফালৰ পৰাও ৰেডিঅ’লজী আৰু ইমেজিং ক্ষেত্ৰত এক উপযুক্ত ডিপ্ল’মা স্তৰৰ পাঠ্যক্ৰমৰ দাবী উত্থাপিত হৈ আহিছিল।
ডিএমআৰআইটি হৈছে কোনো স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ড বা সমপৰ্যায়ৰ পৰা পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞান চমুকৈ পিচিবিসহ বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা দুবছৰীয়া পাঠ্যক্ৰম। এই পাঠ্যক্ৰমে পৰম্পৰাগত জ্ঞানভিত্তিক শিক্ষাৰ পৰা দক্ষতাভিত্তিক দৃষ্টিভংগীলৈ এক পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰে, য’ত চিকিৎসা ৰেডিঅ’লজী আৰু ইমেজিং সেৱাত সুৰক্ষিত, কাৰ্যকৰী আৰু নীতিগত অনুশীলনৰ বাবে প্ৰয়োজনীয় জ্ঞান, দক্ষতা, মূল্যবোধ তথা দৃষ্টিভংগী আহৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
এই পাঠ্যক্ৰমৰ এক গুৰুত্বপূৰ্ণ অংগ হৈছে ছমহীয়া ইণ্টাৰ্নশ্বিপ, যাৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক এক সুশৃংখল ব্যৱহাৰিক ক্লিনিকেল অভিজ্ঞতা প্ৰদান কৰা আৰু বাস্তৱিক স্বাস্থ্যসেৱা পৰিৱেশত তাত্বিক জ্ঞান প্ৰয়োগ কৰাৰ সুযোগ দিয়া। এই ইণ্টাৰ্নশ্বিপে উপযুক্ত তত্বাৱধানৰ অধীনত ব্যৱহাৰিক দক্ষতা, পেছাদাৰী সামৰ্থ্য, ৰোগীৰ যত্ন লোৱাৰ পদ্ধতি, বিকিৰণ সুৰক্ষা ব্যৱস্থা আৰু ইমেজিং পদ্ধতি তথা সঁজুলিসমূহৰ সৈতে পৰিচিত হোৱাত সহায় কৰিব।
এই পাঠ্যক্ৰম এনেদৰে প্ৰস্তুত কৰা হৈছে যাতে পাঠ্যক্ৰম সম্পূৰ্ণ কৰা পেছাদাৰীসকলে চিকিৎসা ৰেডিঅ’লজী আৰু ইমেজিঙত কাৰ্যনিৰ্বাহ কৰিবলৈ প্ৰয়োজনীয় তাত্বিক জ্ঞান, ব্যৱহাৰিক দক্ষতা আৰু পেছাদাৰী যোগ্যতা অৰ্জন কৰে। ইয়াৰ দ্বাৰা তেওঁলোকে ৰোগীৰ সুৰক্ষা, বিকিৰণ সুৰক্ষা, গুণগত মান নিশ্চিতকৰণ আৰু পেছাদাৰী অনুশীলনৰ নিৰ্ধাৰিত মানদণ্ড মানি চলি এক্স-ৰে, চিটি স্কেন, চন’গ্ৰাফী, মেম’গ্ৰাফী আৰু ফ্লুৰ’স্কপিৰ দৰে ৰোগ নিৰ্ণয় সেৱাত কাৰ্যকৰী অৰিহণা যোগাব পাৰিব।
ডিপ্ল’মা কাৰ্যসূচীৰ এই অধিসূচনাখনে উক্ত বিষয়ত উচ্চ পৰ্যায়ৰ শিক্ষাৰ বাবে আয়োগে ইতিমধ্যে প্ৰতিষ্ঠা কৰা দক্ষতাভিত্তিক শিক্ষাৰ গাঁথনিক পৰিপূৰ্ণ কৰে। উল্লেখ্য যে, ২০২৬–২৭ শিক্ষাবৰ্ষৰ পৰা কাৰ্যকৰী কৰাৰ বাবে আয়োগে পূৰ্বে ২০২৫ চনৰ ২৪ এপ্ৰিলৰ জাননীযোগে বেচেলৰ অৱ মেডিকেল ৰেডিঅ’লজী এণ্ড ইমেজিং টেকন’লজী চমুকৈ বিএমআৰআইটি আৰু মাষ্টাৰ অৱ মেডিকেল ৰেডিঅ’লজী এণ্ড ইমেজিং টেকন’লজী চমুকৈ এমএমআৰআইটি-ৰ দক্ষতাভিত্তিক পাঠ্যক্ৰম মুকলি কৰিছিল।
পেছাদাৰীসকলৰ স্বচ্ছতা আৰু প্ৰমাণীকৰণ সুদৃঢ় কৰাৰ লক্ষ্যৰে পঞ্জীয়ন পৰিকাঠামো
এনচিএএইচপি-ৰ দ্বাৰা অধিসূচিত আৰু ২০২৬ চনৰ ১৫ ছেপ্টেম্বৰত ভাৰতৰ ৰাজপত্ৰত প্ৰকাশিত ‘সহযোগী আৰু স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ পঞ্জীয়ন নিয়মাৱলী, ২০২৬’-য়ে এক অনলাইন ব্যৱস্থাৰ জৰিয়তে ৰাজ্যিক পঞ্জীয়ন বহী আৰু কেন্দ্ৰীয় পঞ্জীয়ন বহী দুয়োটাতে সহযোগী তথা স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ পঞ্জীয়ন আৰু অনন্য চিনাক্তকৰণ নম্বৰসহ পঞ্জীয়ন প্ৰমাণপত্ৰ প্ৰদানৰ বাবে এক বিস্তৃত পৰিকাঠামো প্ৰতিষ্ঠা কৰিছে।
এই নিয়মাৱলী অনুসৰি পঞ্জীয়ন লাভ কৰাৰ পাছতহে এজন ব্যক্তিয়ে স্বীকৃতিপ্ৰাপ্ত সহযোগী আৰু স্বাস্থ্যসেৱা পেছাত অনুশীলন কৰাৰ অধিকাৰ লাভ কৰিব। ইয়াৰ যোগ্যতা হিচাপে এক স্বীকৃতিপ্ৰাপ্ত প্ৰাথমিক শিক্ষাগত অৰ্হতা থকাটো বাধ্যতামূলক। এতিয়ালৈকে কোনো কাৰ্যকৰী ৰাজ্যিক পৰিষদ গঠন নোহোৱা ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলত বাস কৰা পেছাদাৰীসকলে পোনপটীয়াকৈ কেন্দ্ৰীয় পঞ্জীয়ন বহীত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব।
এই পঞ্জীয়ন পাঁচ বছৰৰ বাবে বৈধ থাকিব আৰু অনুমোদিত অনলাইন তথা অফলাইন মাধ্যমৰ জৰিয়তে নিৰন্তৰ পেছাদাৰী বিকাশ চমুকৈ চিপিডি-ৰ চৰ্ত পূৰণ কৰাৰ পাছত ইয়াক নবীকৰণ কৰিব পৰা যাব।
এই নিয়মাৱলীয়ে এক একত্ৰিত অনলাইন প্ৰণালীৰ জৰিয়তে ৰাজ্যিক পঞ্জীয়ন বহী আৰু কেন্দ্ৰীয় পঞ্জীয়ন বহীৰ মাজত তাৎক্ষণিক সমন্বয়ৰ ব্যৱস্থা কৰিছে। কেন্দ্ৰীয় আৰু ৰাজ্যিক পঞ্জীয়ন বহীসমূহ আয়োগ আৰু সংশ্লিষ্ট ৰাজ্যিক পৰিষদসমূহৰ ৱেবছাইটৰ জৰিয়তে ৰাইজৰ বাবে সুলভ হ’ব, য’ত পঞ্জীয়নভুক্ত পেছাদাৰীসকলৰ নিৰ্ধাৰিত বিৱৰণ প্ৰদৰ্শিত হ’ব আৰু যাৰ ফলত পঞ্জীয়নৰ স্থিতি প্ৰমাণীকৰণ কৰাটো সম্ভৱ হ’ব।
প্ৰতিগৰাকী পঞ্জীয়নভুক্ত পেছাদাৰীক কেন্দ্ৰীভূত ব্যৱস্থাৰ জৰিয়তে এক অনন্য চিনাক্তকৰণ নম্বৰ প্ৰদান কৰা হ’ব। পঞ্জীয়নভুক্ত পেছাদাৰীসকলৰ চিনাক্তকৰণ আৰু প্ৰমাণীকৰণ সুচল কৰি তুলিবলৈ আয়োগ বা সংশ্লিষ্ট ৰাজ্যিক পৰিষদৰ দ্বাৰা অনন্য চিনাক্তকৰণ নম্বৰ আৰু সুৰক্ষিত কিউআৰ ক’ডযুক্ত ডিজিটেল প্ৰমাণপত্ৰকে ধৰি পঞ্জীয়ন প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।
সহযোগী আৰু স্বাস্থ্যসেৱাৰ অৰ্হতা অৰ্জনৰ বাবে প্ৰয়োজনীয় ইণ্টাৰ্নশ্বিপ, ক্লিনিকেল প্ৰশিক্ষণ, পৰ্যবেক্ষণ বা ব্যৱহাৰিক পাঠ্যক্ৰমত অংশগ্ৰহণ কৰি থকা স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলৰ বাবেও এই নিয়মাৱলীয়ে অন্তৱৰ্তীকালীন পঞ্জীয়নৰ ব্যৱস্থা কৰিছে। এনে অন্তৱৰ্তীকালীন পঞ্জীয়ন প্ৰক্ৰিয়া স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ দ্বাৰা আৰম্ভ হ’ব লাগিব আৰু সংশ্লিষ্ট ৰাজ্যিক পৰিষদৰ পৰা লাভ কৰিব লাগিব; অন্তৱৰ্তীকালীন পঞ্জীয়নৰ আবেদনৰ বাবে কোনো মাচুল লোৱা নহ’ব।
সহযোগী আৰু স্বাস্থ্যসেৱাত বিদেশী অৰ্হতা থকা ভাৰতীয় নাগৰিকসকলৰ বাবেও এই নিয়মাৱলীয়ে এক পথ নিৰ্ধাৰণ কৰিছে। বিদেশত শিক্ষিত কোনো সহযোগী আৰু স্বাস্থ্যসেৱা পেছাদাৰীৰ শিক্ষাগত অৰ্হতা যদি আয়োগৰ দ্বাৰা স্বীকৃত হয় অথবা প্ৰয়োজনীয় প্ৰমাণপত্ৰ সমতুল্যতা মূল্যায়ন সম্পূৰ্ণ হয়, আৰু প্ৰযোজ্য ক্ষেত্ৰত প্ৰাসংগিক প্ৰস্থান পৰীক্ষাত উত্তীৰ্ণ হয়, তেন্তে তেওঁ পঞ্জীয়নৰ বাবে আবেদন কৰিবলৈ যোগ্য বিবেচিত হ’ব। ইয়াৰ উপৰিও স্নাতকোত্তৰ বা বিশেষ শিক্ষা, ফেল’শ্বিপ, ক্লিনিকেল গৱেষণা, পৰ্যবেক্ষণ, উন্নত কৰ্মশালা, বিশেষজ্ঞ ভ্ৰমণ আৰু স্বেচ্ছামূলক সামাজিক সেৱাকে ধৰি নিৰ্দিষ্ট সময়সীমাভিত্তিক উদ্দেশ্যৰ বাবে যোগ্য বিদেশী অৰ্হতাধাৰী ভাৰতীয় পেছাদাৰীসকলক অস্থায়ী পঞ্জীয়নৰ সুবিধাও প্ৰদান কৰা হৈছে।
এই নিয়মাৱলীয়ে পৃষ্ঠপোষকতা লাভ কৰা বিদেশী পেছাদাৰীসকলক নিৰ্দিষ্ট, সময়সীমাভিত্তিক কামৰ বাবে অস্থায়ী পঞ্জীয়নৰ অনুমতি দিয়ে। ভাৰতৰ বাহিৰত শিক্ষা গ্ৰহণ কৰা, পেছাদাৰী কাম-কাজ চলোৱা বা ছাত্ৰ বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰা পঞ্জীয়নভুক্ত সহযোগী আৰু স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ বাবে সজ আচৰণৰ প্ৰমাণপত্ৰ প্ৰদানৰো ব্যৱস্থা ইয়াত ৰখা হৈছে।
প্ৰয়োজনীয় প্ৰাথমিক শিক্ষাগত অৰ্হতা নথকা অথচ সম্প্ৰতি সহযোগী আৰু স্বাস্থ্যসেৱা খণ্ডত কৰ্মৰত পেছাদাৰীসকলৰ বাবে সাময়িক পঞ্জীয়নৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ আয়োগে প্ৰয়াস চলাইছে। এনে পেছাদাৰীসকলক নিয়মীয়া পঞ্জীয়নৰ যোগ্যতা অৰ্জনৰ বাবে এক ব্ৰিজ ক’ৰ্ছত অংশগ্ৰহণৰ বিকল্প প্ৰদান কৰা হ’ব।
পঞ্জীয়ন আৰু মাচুল পৰিশোধৰ সকলো প্ৰক্ৰিয়া এটা অনলাইন প’ৰ্টেলৰ জৰিয়তে সম্পন্ন হ’ব, যাৰ ফলত এক সুশৃংখল পঞ্জীয়ন প্ৰক্ৰিয়া সম্ভৱ হ’ব আৰু সহযোগী তথা স্বাস্থ্যসেৱা কৰ্মীবাহিনীৰ মাজত অধিক স্বচ্ছতা নিশ্চিত হ’ব।
সামগ্ৰিকভাৱে, এই ব্যৱস্থাসমূহে প্ৰতিষ্ঠানিক মূল্যায়ন, দক্ষতাভিত্তিক প্ৰশিক্ষণ আৰু পেছাদাৰী পঞ্জীয়ন তথা প্ৰমাণীকৰণৰ এক স্বচ্ছ ব্যৱস্থাৰ জৰিয়তে সহযোগী আৰু স্বাস্থ্যসেৱা শিক্ষা তথা পেছাদাৰী অনুশীলনৰ মানদণ্ড সুদৃঢ় কৰিব।
এই গাঁথনিয়ে গুণগত মানসম্পন্ন শিক্ষা আৰু প্ৰশিক্ষণত সহায় কৰাৰ লগতে ৰোগী আৰু সেৱাগ্ৰহীতা উভয়কে সহযোগী তথা স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ পঞ্জীয়নৰ সত্যতা পৰীক্ষা কৰাৰ সুবিধা প্ৰদান কৰিব।
SR/MM
HFW/ NCAHP Notification/7 October 2026/2
(ৰিলিজ আই ডি : 2320541)
অতিথি কক্ষ : 2