পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়
অসমজুৰি চলি থকা আৰ্থ-সামাজিক সমীক্ষাত ৰাইজৰ সহযোগিতাৰ আহ্বান এনএছঅ’ৰ
পোষ্ট কৰা হৈছে:
06 OCT 2026 4:46PM by PIB Guwahati
ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ (এমঅ'এছপিআই) অধীনস্থ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ (এনএছঅ') ফিল্ড অপাৰেচনছ ডিভিজনে (এফঅ'ডি) অসমৰ নিৰ্বাচিত এলেকাসমূহত এক বৃহৎ পৰিসৰৰ আৰ্থ-সামাজিক সমীক্ষা চলাই আছে।
এই সমীক্ষাৰ মূল উদ্দেশ্য হৈছে ঘৰুৱা উপাৰ্জন, প্ৰব্ৰজন, ঋণ আৰু বিনিয়োগ, নিযুক্তি, কৃষি তথা উদ্যোগকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ আৰ্থ-সামাজিক সূচকসমূহৰ প্ৰাথমিক তথ্য সংগ্ৰহ কৰা।
গুৱাহাটী আঞ্চলিক কাৰ্যালয় আৰু শিলচৰ উপ-আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত ২০২৬ চনৰ অক্টোবৰ মাহত ধুবুৰী, বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, কামৰূপ (গ্ৰাম্য), কোকৰাঝাৰ, নলবাৰী, দক্ষিণ শালমাৰা মানকাচৰ, তামুলপুৰ, কাছাৰ, ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানত এই সমীক্ষা কাৰ্যসূচী হাতত লোৱা হ'ব। সমীক্ষা প্ৰক্ৰিয়াৰ অংশ হিচাপে নিৰীক্ষক বিষয়াসকলে বৈজ্ঞানিকভাৱে প্ৰস্তুত কৰা সমীক্ষা সূচী ব্যৱহাৰ কৰি নিৰ্বাচিত পৰিয়াল আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত উপস্থিত হৈ যাৱতীয় তথ্য সংগ্ৰহ কৰিব।
ৰাইজৰ সহায়-সহযোগিতা কামনা কৰি এন এছ অ’ (এফঅ’ডি)-ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ সঞ্চালক তথা আঞ্চলিক মুৰব্বীয়ে সমীক্ষাৰ কালছোৱাত কৰ্তব্যৰত প্ৰাধিকৃত বিষয়া-কৰ্মচাৰীসকলক সঠিক আৰু সম্পূৰ্ণ তথ্য যোগান ধৰি পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ নাগৰিকসকলক অনুৰোধ জনাইছে। এনে সহযোগিতাই নিৰ্ভৰযোগ্য চৰকাৰী পৰিসংখ্যা যুগুত কৰাত বিশেষ সহায় কৰিব, যিবোৰ ফলপ্ৰসূ নীতি প্ৰণয়ন আৰু দেশ গঠনৰ বাবে অপৰিহাৰ্য।
এন এছ অ’ই নিশ্চিতি প্ৰদান কৰিছে যে সমীক্ষাৰ সময়ত সংগ্ৰহ কৰা সকলো তথ্য সম্পূৰ্ণ গোপনীয় ৰখা হ’ব আৰু এইবোৰ কেৱল পৰিসাংখ্যিক কাম-কাজৰ বাবেহে ব্যৱহাৰ কৰা হ’ব।
২০২৬ চনৰ অক্টোবৰ মাহত সমীক্ষা চলাবলৈ এন এছ অ’ (এফঅ’ডি)-ৰ বিষয়াসকলৰ ভ্ৰমণৰ কাৰ্যসূচী আৰম্ভ হ’ব ৷
PG/BM/MM
(ৰিলিজ আই ডি : 2319918)
অতিথি কক্ষ : 7