পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

আইআইটি গুৱাহাটীত 'ভাৰত শক্তি সপ্তাহ ২০২৭' আৰু 'MC²' বিষয়ক সজাগতামূলক কাৰ্যসূচী ইণ্ডিয়ান অইলৰ

পোষ্ট কৰা হৈছে: 03 OCT 2026 8:04PM by PIB Guwahati

ইণ্ডিয়ান অইল এঅ'ডি ৰাজ্যিক কাৰ্যালয়ে আইআইটি গুৱাহাটীৰ টেকন’লজী ইনকিউবেচন চেণ্টাৰৰ সহযোগত আজি আইআইটি গুৱাহাটী চৌহদত 'ভাৰত শক্তি সপ্তাহ ২০২৭'(আইইডব্লিউ) আৰু 'MC²' সন্দৰ্ভত এক সজাগতামূলক কাৰ্যসূচী আয়োজন কৰে।

 

এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে ২৮ৰ পৰা ৩১ জানুৱাৰী, ২০২৭লৈ কলকাতাত অনুষ্ঠিত হ’বলগীয়া 'ভাৰত শক্তি সপ্তাহ ২০২৭' সম্পৰ্কে সজাগতা সৃষ্টি কৰা। আইইডব্লিউৰ এই পঞ্চম সংস্কৰণ “উদ্ভাৱনৰ বিকাশ, শক্তিৰ সুৰক্ষা, আৰু ভৱিষ্যতৰ ৰূপায়ণ” শীৰ্ষক বিষয়বস্তুৰ আধাৰত অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত ৭৫,০০০তকৈও অধিক শক্তি খণ্ডৰ পেছাদাৰী আৰু ৭ শতাধিক আন্তঃৰাষ্ট্ৰীয় প্রদর্শকে অংশগ্রহণ কৰাৰ আশা কৰা হৈছে।

 

এই উপলক্ষে ইণ্ডিয়ান অইল এ অ' ডি ৰাজ্যিক কাৰ্যালয়ৰ কাৰ্যবাহী সঞ্চালক তথা ৰাজ্যিক মুৰব্বী শ্ৰীনীতিন ভাটনাগৰে সমৱেত ৰাইজক উদ্দেশ্যি বক্তব্য আগবঢ়ায়। গুৱাহাটী শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক তথা মুৰব্বী শ্ৰীসুনীল কান্তি, অসমৰ উদ্যোগপতি শ্ৰীদিলীপ গোৱেংকা আৰু আইআইটি গুৱাহাটীৰ প্ৰশাসনিক ডীন প্ৰফেচাৰ সুকুমাৰ নন্দীয়ে উদ্ভাৱন, উদ্যমিতাসমূহ আৰু শক্তি খণ্ড সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে।

 

অনুষ্ঠানত 'MC² ফাউণ্ডেশ্যন'ৰ ওপৰতো এক বিশেষ সত্ৰ অনুষ্ঠিত হয়। এই ফাউণ্ডেশ্যন হৈছে উদ্যোগ, শৈক্ষিক প্ৰতিষ্ঠান আৰু ষ্টাৰ্টআপসমূহৰ যৌথ সহযোগিতাৰে সম্ভাৱনাময় চিন্তাধাৰাক ধাৰণাৰ পৰা পাইলট, পৰিসৰ আৰু বজাৰলৈ সম্প্ৰসাৰিত কৰাত সহায় কৰা এক ৰাষ্ট্ৰীয় শক্তি উদ্ভাৱনী মঞ্চ।

 

সজাগতামূলক কাৰ্যসূচীৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিটা নতুন ষ্টাৰ্টআপক লৈ এক পেনেল আলোচনা অনুষ্ঠিত হয়। ষ্টাৰ্টআপসমূহৰ প্ৰতিষ্ঠাপকসকলে তেওঁলোকৰ উদ্ভাৱনী ধাৰণা, প্ৰযুক্তি আৰু উদ্যমিতাৰ অভিজ্ঞতা উপস্থাপন কৰে। আলোচনাত ক্ৰমবৰ্ধমান শক্তি খণ্ডৰ বাবে প্ৰযুক্তিভিত্তিক সমাধান বিকশিত কৰাৰ ক্ষেত্ৰত থকা সুযোগ আৰু প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰা হয়। আইআইটি গুৱাহাটীৰ টেকন’লজী ইনকিউবেচন চেণ্টাৰৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীমতী উৰ্মী বুঢ়াগোহাঁই আৰু আইআইটি গুৱাহাটীৰ প্ৰফেচাৰ সজ্জন কপিলে আলোচনা সত্ৰ পৰিচালনা কৰে।

 

অনুষ্ঠানত ইণ্ডিয়ান অইল আৰু আইআইটি গুৱাহাটীৰ জ্যেষ্ঠ বিষয়াবৰ্গ, উদ্যোগ খণ্ডৰ প্ৰতিনিধিসকলৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ উদীয়মান ষ্টাৰ্টআপসমূহে অংশগ্ৰহণ কৰে।

 

***

PG/SS/DB


(ৰিলিজ আই ডি : 2318769) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English