পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
এমঅ'ইএফচিচি গুৱাহাটীৰ 'স্বচ্ছতা হি সেৱা ২০২৬' অভিযানৰ অধীনত খামৰেঙাত পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ আয়োজন
আৰ্দ্ৰভূমি সংৰক্ষণ আৰু পৰিৱেশ সজাগতা বৃদ্ধিৰ বাবে দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত
পোষ্ট কৰা হৈছে:
02 OCT 2026 7:04PM by PIB Guwahati
পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ (এমঅ'ইএফএণ্ডচিচি) গুৱাহাটী উপ-কাৰ্যালয়ে 'স্বচ্ছতা হি সেৱা' (এছএইচএছ) ২০২৬ অভিযানৰ অধীনত ২০২৬ চনৰ ১ আৰু ২ অক্টোবৰত এক দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীত খামৰেঙা আৰ্দ্ৰভূমিত এক পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান, পৰিৱেশ সজাগতামূলক কাৰ্যকলাপ আৰু গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ সমীপত পথৰ দাঁতিত বৃক্ষৰোপণ কাৰ্যসূচী অন্তৰ্ভুক্ত আছিল।
পৰিষ্কাৰ-পৰিচ্ছন্নতা, দায়িত্বশীল আৱৰ্জনা ব্যৱস্থাপনা, আৰ্দ্ৰভূমি সংৰক্ষণ আৰু পৰিৱেশ সজাগতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এমঅ'ইএফএণ্ডচিচি গুৱাহাটী উপ-কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষৰ (এনটিচিএ) কৰ্মচাৰীসকলে এই কাৰ্যসূচীবোৰ ৰূপায়ণ কৰে।
কাৰ্যসূচীৰ প্ৰথমদিনা আমচাং অভয়াৰণ্যৰ সৈতে সংলগ্ন গুৱাহাটীৰ এক পৰিৱেশগতভাৱে তাৎপৰ্যপূৰ্ণ আৰ্দ্ৰভূমি খামৰেঙা বিলত এক পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ আয়োজন কৰা হয়। এই চাফাই অভিযানৰ পূৰ্বে ই, এমঅ'ইএফএণ্ডচিচিৰ বিজ্ঞানী ড° হেমেন হাজৰিকাই অংশগ্ৰহণকাৰীসকলক আৰ্দ্ৰভূমি সংৰক্ষণৰ গুৰুত্ব সন্দৰ্ভত অৱগত কৰে আৰু দীৰ্ঘম্যাদী কাৰ্বন সঞ্চয় তথা জলবায়ু নিয়ন্ত্ৰণত অৰিহণা যোগোৱা গুৰুত্বপূৰ্ণ প্ৰাকৃতিক কাৰ্বন ছিংক হিচাপে আৰ্দ্ৰভূমিৰ ভূমিকাক আলোকপাত কৰে। তেওঁ আৰ্দ্ৰভূমিসমূহ আৱৰ্জনা, বিশেষকৈ প্লাষ্টিক আৱৰ্জনাৰ পৰা মুক্ত কৰি ৰখা আৰু সেইবোৰৰ সংৰক্ষণ তথা পুনৰুদ্ধাৰৰ বাবে জনসাধাৰণৰ মাজত ব্যাপক সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এমঅ'ইএফএণ্ডচিচিৰ গৱেষণা বিষয়া ড° টি জেমছ সিঙে জৈৱ-বৈচিত্ৰ্য, বিশেষকৈ চৰাই, মাছ আৰু অন্যান্য জলজ তথা স্থলজ জীৱ-জন্তুক আশ্ৰয় প্ৰদানৰ ক্ষেত্ৰত আৰ্দ্ৰভূমিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে আৰু বাসস্থানৰ অৱক্ষয় তথা আৰ্দ্ৰভূমি আৰু ইয়াৰ আশে-পাশে অপৰিকল্পিতভাৱে আৱৰ্জনা পেলোৱা প্ৰতিৰোধ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে। এমঅ'ইএফএণ্ডচিচিৰ পৰামৰ্শদাতা ড° ডায়েনা এথেল আমংগেই আৰ্দ্ৰভূমিয়ে প্ৰদান কৰা বিভিন্ন পৰিৱেশতন্ত্ৰ সেৱা, যেনে—স্থানীয় জৈৱ-বৈচিত্ৰ্যৰ বাবে গুৰুত্বপূৰ্ণ বাসস্থান প্ৰদান কৰাৰ উপৰি পানী ধৰি ৰখা, ভূগৰ্ভস্থ পানী পুনৰভৰণ, কাৰ্বন সঞ্চয় আৰু বান নিয়ন্ত্ৰণ আদিৰ বিষয়ে আলোচনা কৰে। এনটিচিএৰ বন্যপ্ৰাণী জীৱবিজ্ঞানী শ্ৰীমতী আগাথা চিএইচ মমিনে পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত আৰ্দ্ৰভূমি বজাই ৰখাৰ ক্ষেত্ৰত ব্যক্তিগত আৰু সামূহিক দায়িত্বৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে আৰু অংশগ্ৰহণকাৰীসকলক দায়িত্বশীল আৱৰ্জনা নিষ্কাশন পদ্ধতি গ্ৰহণ কৰিবলৈ তথা সমাজত অধিক পৰিৱেশ সজাগতা বৃদ্ধি কৰিবলৈ উৎসাহিত কৰে।
সজাগতামূলক কাম-কাজৰ পিছতেই খামৰেঙা বিলত এক পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান চলোৱা হয়, য'ত বিষয়া আৰু কৰ্মচাৰীসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
দ্বিতীয়দিনা গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ সমীপত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এক বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সেউজীয়া পৰিৱেশ বৃদ্ধি কৰিবলৈ আৰু এক পৰিষ্কাৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে পথ বিভাজকৰ খালী ঠাইসমূহত লেগাৰষ্ট্ৰ'মিয়া স্পেচিঅ'ছা (এজাৰ) পুলি ৰোপণ কৰা হয়। বিষয়া আৰু কৰ্মচাৰীসকলে কৰ্মক্ষেত্ৰত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু দায়িত্বশীল পৰিৱেশ অনুকূল অভ্যাসক উৎসাহিত কৰি কাৰ্যালয় চৌহদতো এক চাফাই অভিযান চলায়।
এই কাৰ্যসূচীয়ে চৌপাশ পৰিষ্কাৰ কৰি ৰখা, আৰ্দ্ৰভূমি সংৰক্ষণ কৰা আৰু পৰিৱেশৰ প্ৰতি দায়িত্ববোধ জগাই তোলাৰ ক্ষেত্ৰত সামূহিক অংশগ্ৰহণৰ গুৰুত্বক আলোকপাত কৰে।


_20261002195926_337b0d.jpeg)

_20261002200006_5e3c25.jpeg)
***
PG/ SM/MM
(ৰিলিজ আই ডি : 2318375)
অতিথি কক্ষ : 19