যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
ড° মনসুখ মাণ্ডৱ্যই ফিজিকেল এডুকেচন প্ৰফেচনেলছ মডিউল মুকলি কৰি তৃণমূল পৰ্যায়ত বৈজ্ঞানিক প্ৰতিভা চিনাক্তকৰণত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে
শাৰীৰিক শিক্ষা শিক্ষকসকলৰ এক বিস্তৃত ৰেপ’জিটৰী গঢ়ি তোলাৰ আহ্বান কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
01 OCT 2026 3:46PM by PIB Guwahati
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মাণ্ডৱ্যই আজি ফিজিকেল এডুকেচন প্ৰফেচনেলছ মডিউল মুকলি কৰে আৰু তৃণমূল পৰ্যায়ত ক্ৰীড়া প্ৰতিভা চিনাক্তকৰণ তথা বিকাশৰ ক্ষেত্ৰত শাৰীৰিক শিক্ষা শিক্ষকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে।

তৃণমূল পৰ্যায়ত বৈজ্ঞানিক প্ৰতিভা চিনাক্তকৰণ আৰু সুশৃংখলিত বিকাশ সুদৃঢ় কৰিবলৈ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীয়ে এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত দেশজুৰি শাৰীৰিক শিক্ষা (পিই) শিক্ষকসকলৰ এক বিস্তৃত তথ্যভঁৰাল গঢ়ি তোলাৰ আহ্বান জনায়।
নেচনেল স্প’ৰ্টছ ৰেপ’জিটৰী ছিষ্টেমত (এনএছআৰএছ) পিই শিক্ষক পঞ্জীয়ন আৰু অনব’ৰ্ডিং মডিউল মুকলি কৰি ড° মাণ্ডব্যই কয়, “বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শাৰীৰিক শিক্ষা শিক্ষকসকলেই প্ৰথমে শিশু আৰু যুৱক-যুৱতীসকলৰ মাজত ক্ৰীড়া প্ৰতিভা চিনাক্ত কৰে। তেওঁলোকৰ যোগ্যতা, দক্ষতা আৰু অভিজ্ঞতাক কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰিবলৈ তথা অধিক বিকাশ কৰিবলৈ সেইসমূহ নথিভুক্ত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ।”
তেওঁ লগতে কয়, “দেশজোৰা প্ৰতিভা চিনাক্তকৰণ অভিযানে তৃণমূল পৰ্যায়ৰ পৰা এক বৈজ্ঞানিক দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব। বহু যুৱক-যুৱতীয়ে উপযুক্ত শাৰীৰিক সক্ষমতা আৰু সঠিক পথ প্ৰদৰ্শন লাভ কৰিলে একোজন ভাল এথলীট হোৱাৰ সম্ভাৱনা থাকে। শাৰীৰিক শিক্ষা শিক্ষকসকলে যিহেতু এই শিশুসকলৰ সৈতে যথেষ্ট সময় কটায়, সেয়েহে এনে প্ৰতিভা চিনাক্ত কৰাৰ ক্ষেত্ৰত তেওঁলোককেই আটাইতকৈ উপযুক্ত বুলি বিবেচনা কৰা হয়।”
ক্ৰীড়া বিজ্ঞানৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ কথা উল্লেখ কৰি ড° মাণ্ডৱ্যই কয় যে প্ৰতিভা চিনাক্তকৰণ আৰু লালন-পালনৰ পৰা আৰম্ভ কৰি উচ্চমানৰ খেলুৱৈসকলৰ প্ৰশিক্ষণলৈকে সমগ্ৰ ক্ৰীড়া যাত্ৰাত ক্ৰীড়া বিজ্ঞানে এক মুখ্য ভূমিকা পালন কৰে।
তেওঁ আৰু কয়, “সেয়েহে প্ৰতিভা চিনাক্তকৰণৰ বৈজ্ঞানিক দৃষ্টিভংগী তৃণমূল পৰ্যায়ৰ পৰাই আৰম্ভ হ’ব লাগিব।”
এই পদক্ষেপক এক অভিযান হিচাপে আগবঢ়াই নিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ড° মাণ্ডৱ্যই জিলা পৰ্যায়ত শাৰীৰিক শিক্ষা শিক্ষক সন্থাৰ অভিযানৰ আহ্বান জনায়৷ যাৰ সৈতে জিলা, ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পঞ্জীয়ন আৰু এক শৃংখলাবদ্ধ তথ্যভঁৰাল গঠন কৰা হ’ব।
তেওঁ কয়, “এনে এটা তথ্যভঁৰালে পিই শিক্ষকসকলৰ সক্ষমতা আৰু বিশেষত্বসমূহ চিনাক্ত কৰাত সহায় কৰিব আৰু বিশেষ প্ৰতিভাসম্পন্ন ব্যক্তিসকলক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ পৰিচিতি গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰিব।”
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীয়ে ছয় মাহৰ ভিতৰত সমগ্ৰ তথ্যভঁৰালটো প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে আৰু কয় যে ইয়াৰ অগ্ৰগতি এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সমীক্ষা কৰা হ’ব। তেওঁ কয়, “এই পদক্ষেপক কেৱল এটা মডিউল মুকলি কৰা হিচাপেই নহয়, বৰঞ্চ দেশৰ ক্ৰীড়া বিকাশৰ এক অভিযান হিচাপে আগবঢ়াই লৈ যোৱা উচিত।”
ভাৰতীয় ক্ৰীড়া ব্যৱস্থাৰ সৈতে জড়িত অংশীদাৰসকলৰ এক উমৈহতীয়া তথ্যভঁৰাল সংৰক্ষণৰ বাবে এটা কেন্দ্ৰীভূত ডিজিটেল মঞ্চ হিচাপে গঢ়ি তোলা নেচনেল স্প’ৰ্টছ ৰেপ’জিটৰী চিষ্টেমৰ (এনএছআৰএছ) অধীনত ফিজিকেল এডুকেচন প্ৰফেচনেলছ মডিউল আৰম্ভ কৰা হৈছে।
এই উদ্বোধনী অনুষ্ঠানত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (এছএআই), লক্ষ্মীবাঈ নেচনেল ইনষ্টিটিউট অব্ ফিজিকেল এডুকেচন (এলএনআইপিই), লক্ষ্মীবাঈ নেচনেল কলেজ অব্ ফিজিকেল এডুকেচন (এলএনচিপিই), ফিজিকেল এডুকেচন ফাউণ্ডেচন অব্ ইণ্ডিয়া (পিইএফআই) আৰু অন্যান্য প্ৰধান অংশীদাৰসকলৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে।
*****
Ayushman Kumar/MM
(ৰিলিজ আই ডি : 2318061)
অতিথি কক্ষ : 10