শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
azadi ka amrit mahotsav

সামাজিক সুৰক্ষা ব্যৱস্থা প্ৰসাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ নিয়োগকৰ্তা আৰু কৰ্মচাৰীসকলক সুযোগ গ্ৰহণৰ আহ্বান ইপিএফঅ’ৰ

বাধ্যতামূলক সামাজিক সুৰক্ষাৰ বাবে ইপিএফঅ’ৰ মজুৰিৰ সীমা প্ৰতি মাহে ১৫,০০০ৰ পৰা ২৫,০০০ টকালৈ বৃদ্ধি

পোষ্ট কৰা হৈছে: 29 SEP 2026 7:05PM by PIB Guwahati

“কৰ্মচাৰীসকলৰ সামাজিক সুৰক্ষা ব্যৱস্থা প্ৰসাৰ কৰাটো ভাৰত চৰকাৰৰ এক মুখ্য অগ্ৰাধিকাৰ। সেয়েহে, উত্তৰ-পূৰ্বাঞ্চলৰ নিয়োগকৰ্তা আৰু কৰ্মচাৰীসকলে 'সামাজিক সুৰক্ষা বিধি, ২০২০'ৰ অধীনত হাতত লোৱা সুবিধাজনক আঁচনিসমূহৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰা উচিত,” — আজি কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ (ইপিএফঅ) গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই মন্তব্য কৰে উত্তৰ-পূৰ্বাঞ্চলৰ অতিৰিক্ত কেন্দ্ৰীয় ভৱিষ্যনিধি আয়ুক্ত শ্ৰী শিশিৰ কান্ত ঝাই।

ইপিএফৰ মজুৰিৰ সীমা বৃদ্ধি প্ৰসংগত শ্ৰী ঝাই কয় যে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে ২০২৬ চনৰ ১৭ ছেপ্টেম্বৰত এক অধিসূচনাৰ জৰিয়তে বাধ্যতামূলক ইপিএফ সুৰক্ষাৰ মজুৰিৰ সীমা প্ৰতি মাহে ১৫,০০০ টকাৰ পৰা ২৫,০০০ টকালৈ বৃদ্ধি কৰিছে। এই সিদ্ধান্তৰ ফলত অতিৰিক্ত ৫১ লাখৰো অধিক কৰ্মচাৰী বাধ্যতামূলক ইপিএফঅ’ৰ আওতালৈ আহিব আৰু ই কৰ্মচাৰীসকলৰ সামাজিক সুৰক্ষা ব্যৱস্থা বিস্তাৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব।

তেওঁ উল্লেখ কৰে যে, বৰ্তমানৰ ইপিএফঅ’ সদস্যসকল ধাৰাবাহিকভাৱে সদস্য হৈয়েই থাকিব আৰু পূৰ্বৰ মজুৰিৰ সীমা অনুসৰি জমা কৰা বৰঙণিসমূহ অপৰিৱৰ্তিত হৈ থাকিব। ২৫,০০০ টকালৈকে মজুৰি পোৱা নতুন কৰ্মচাৰীসকল 'কৰ্মচাৰী পেঞ্চন আঁচনি'ৰ (ইপিএছ) বাবে যোগ্য বিবেচিত হ'ব। ইপিএছৰ অধীনত পেঞ্চনৰ বৰঙণি ২৫,০০০ টকালৈকে মজুৰিৰ ৮.৩৩ শতাংশ হাৰত গণনা কৰা হ'ব, যিটো প্ৰতি মাহে সৰ্বোচ্চ ২,০৮৩ টকা হ'ব।

শ্ৰী ঝাই নিয়োগকৰ্তাসকলক মাহে ১৫,০০০ টকাৰ পৰা ২৫,০০০ টকা উপাৰ্জন কৰা কৰ্মচাৰীসকলৰ নথি-পত্ৰসমূহ পুনৰীক্ষণ কৰিবলৈ পৰামৰ্শ দিয়ে। লগতে, সংশোধন কৰা মজুৰিৰ সীমা আৰু প্ৰযোজ্য ইপিএফঅ’ নিয়ম অনুসৰি নতুন সদস্যসকলক অন্তৰ্ভুক্ত কৰিবলৈ আৰু বৰ্তমানৰ সদস্যসকলৰ বৰঙণি উন্নীত কৰিবলৈ তেওঁলোকৰ দৰমহাৰ নথি আপডেট কৰি 'ইলেক্ট্ৰনিক চালান-কাম-ৰিটাৰ্ন' (ইচিআৰ) দাখিল কৰিবলৈ আহ্বান জনায়।

শ্ৰী ঝাই কয় যে, ভাৰত চৰকাৰে অলপতে কৰ্মচাৰীসকলৰ সামাজিক সুৰক্ষাৰ পৰিসৰ বৃদ্ধিৰ উদ্দেশ্যে কেইবাখনো সুবিধাজনক আঁচনি আৰম্ভ কৰিছে। তেওঁ অসম, ত্ৰিপুৰা, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ নিয়োগকৰ্তা তথা কৰ্মচাৰীসকলক এই আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই পদক্ষেপসমূহে নিয়োগকৰ্তাসকলক পূৰ্বৰ অভাৱ-ত্ৰুটিসমূহ নিৰ্মূল কৰা, পুৰণি বিবাদসমূহ নিস্পত্তি কৰা, সংস্থাপন সৃষ্টিৰ বাবে উদগনি লাভ কৰা আৰু অধিকসংখ্যক কৰ্মচাৰীলৈ সামাজিক সুৰক্ষা প্ৰসাৰ কৰাৰ সুযোগ প্ৰদান কৰিব বুলিও তেওঁ কয়।

শ্ৰী ঝাই লগতে 'প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা' (পিএম-ভিবিআৰৱাই), 'কৰ্মচাৰী নাম পঞ্জীয়ন অভিযান' (ইইচি, ২০২৬) আৰু 'বিশ্বাস, ২০২৬' আদিকে ধৰি অন্যান্য সুবিধাজনক পদক্ষেপসমূহৰ উপকাৰিতাসমূহ তুলি ধৰে। সামাজিক সুৰক্ষা শক্তিশালী কৰা আৰু নিযুক্তি সৃষ্টি তথা নিয়ম-নীতি সঠিকভাৱে পালন কৰাৰ সুবিধাত সহায় হ'বলৈ তেওঁ নিয়োগকৰ্তা আৰু কৰ্মচাৰীসকলক এই উদ্যোগসমূহৰ সুফল ল'বলৈ উৎসাহিত কৰে।

উক্ত সংবাদমেলত গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ আঞ্চলিক ভৱিষ্যনিধি আয়ুক্ত শ্ৰী গৌৰৱ শ্ৰীবাস্তৱ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাণ্ডলিক কাৰ্যালয়ৰ আঞ্চলিক ভৱিষ্যনিধি আয়ুক্ত শ্ৰী এম. গিউলিও উপস্থিত থাকে।

 

***

PG/BM/DB


(ৰিলিজ আই ডি : 2316699) অতিথি কক্ষ : 49
ত এই ৰিলিজটো পঢ়ক: English