উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চলত পাট আৰু ৰেচম শিল্প খণ্ডৰ বিকাশৰ বাবে এন ই এইচ এইচ ডি চি আৰু কেন্দ্ৰীয় ৰেচম ব’ৰ্ড-য়ে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে

পোষ্ট কৰা হৈছে: 22 SEP 2026 8:02PM by PIB Guwahati

উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেড (NEHHDC) আৰু ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় ৰেচম ব’ৰ্ড (CSB)-ৰ মাজত ২০২৬ চনৰ ২০ ছেপ্টেম্বৰত বেংগালুৰুত এখন বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হয়। পাট আৰু ৰেচম শিল্পখণ্ডৰ উন্নয়ন, গৱেষণা, প্ৰযুক্তি, সামৰ্থ্য-বৰ্দ্ধন, সামগ্ৰী প্ৰস্তুতকৰণ, বজাৰ সৃষ্টি আৰু ৰপ্তানি প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যেই এই চুক্তি সম্পাদিত হৈছে।

বেংগালুৰুৰ জিকেভিকে (GKVK), কৃষি বিজ্ঞান বিশ্ববিদ্যালয়ৰ ড° বাবু ৰাজেন্দ্ৰ প্ৰসাদ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত অনুষ্ঠিত কেন্দ্ৰীয় ৰেচম ব’ৰ্ড-ৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগত সংগতি ৰাখি এই বুজাবুজি চুক্তিখন স্বাক্ষৰিত হয়। এই কাৰ্যসূচীত ৰেচম আৰু ৰেচম পালন খণ্ডৰ অংশীদাৰসকল সন্মিলিত হয় আৰু তাত প্ৰদৰ্শনী, প্ৰযুক্তি মুকলি, গৱেষণা তথা প্ৰতিষ্ঠানিক পদক্ষেপ, গ্ৰন্থ উন্মোচন আৰু বুজাবুজি চুক্তিৰ আদান-প্ৰদান কাৰ্যক্ৰম অনুষ্ঠিত হয়।

এই অংশীদাৰিত্বই ৰেচম আৰু ৰেচম শিল্প খণ্ডৰ মূল্য শংখলাৰ বিভিন্ন পৰ্যায়ত NEHHDC আৰু CSB-ৰ মাজত সহযোগিতাৰ এক কাঠামো প্ৰদান কৰে। সহযোগিতাৰ ক্ষেত্ৰসমূহৰ ভিতৰত আছে লেটা-পূৰ্ব কাৰ্যসূচী, ৰেচম গৱেষণা আৰু ৰেচম উদ্যোগৰ গৱেষণা তথা উন্নয়নমূলক ফলাফলসমূহৰ প্ৰচাৰ, লেটাৰ পৰৱৰ্তী প্ৰযুক্তি, ঔদ্যোগিক আন্তঃগাঁথনি, প্ৰশিক্ষণ আৰু সামৰ্থ্য বৰ্দ্ধন, সামগ্ৰী প্ৰস্তুতকৰণ, আৰ্হি উদ্ভাৱন, বজাৰ সংযোগ আৰু ৰপ্তানি প্ৰচাৰ।

দুয়োটা প্ৰতিষ্ঠানে বিশেষকৈ গ্ৰাম্যাঞ্চলৰ বাবে উপযোগী তথা কম খৰচী ৰেচম আৰু ৰেচম পালন প্ৰযুক্তিৰ বিকাশ আৰু ব্যৱহাৰৰ সম্ভাৱনাও পৰীক্ষা কৰিব। এই সহযোগিতাই কাৰিকৰী জ্ঞান আৰু বিশেষজ্ঞতাৰ আদান-প্ৰদানত সহায় কৰিব আৰু উচ্চ মানসম্পন্ন ৰেচম সামগ্ৰী প্ৰস্তুতৰ বাবে লোৱা পদক্ষেপসমূহক সমৰ্থন আগবঢ়াব।

এই বুজাবুজি চুক্তিয়ে দুয়োটা প্ৰতিষ্ঠানক নিৰ্ধাৰিত প্ৰয়োজনীয়তা আৰু দুয়োপক্ষৰ অনুমোদন লাভ কৰা পৰিকল্পনাৰ ভিত্তিত যৌথ প্ৰকল্প গ্ৰহণ কৰিবলৈ সক্ষম কৰি তুলিব। প্ৰয়োজন অনুসৰি বিশদ প্ৰকল্প প্ৰতিবেদন আৰু চুক্তি সম্বলিত সবিশেষ প্ৰতিবেদনকে ধৰি প্ৰকল্প-নির্দিষ্ট চুক্তিসমূহ প্ৰস্তুত কৰা হ’ব পাৰে। গুৱাহাটীস্থিত NEHHDC-ৰ পৰিচালনা সঞ্চালক আৰু বেংগালুৰুস্থিত কেন্দ্ৰীয় ৰেচম ব’ৰ্ডৰ সঞ্চালক (কাৰিকৰী)-ক নিজ নিজ প্ৰতিষ্ঠানৰ সমন্বয়ক হিচাপে মনোনীত কৰা হৈছে, যাতে সমন্বয় আৰু ৰূপায়ন প্ৰক্ৰিয়া সুচল হয়।

উপযুক্ত তথা প্ৰাসংগিক যেন বিবেচিত হ'লে এই চুক্তিয়ে অন্যান্য ৰাজহুৱা বা ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ সৈতেও সহযোগিতাৰ সুযোগ প্ৰদান কৰিব। যৌথ পদক্ষেপসমূহ সুকলমে ৰূপায়নৰ স্বাৰ্থত বৌদ্ধিক সম্পত্তি (intellectual property), গোপনীয়তা আৰু জ্ঞানৰ ভাগ-বাটোৱাৰা সম্পৰ্কীয় নিয়মসমূহো চুক্তিত অন্তৰ্ভুক্ত কৰা হৈছে।

উপৰোক্ত বুজাবুজি চুক্তিখন চূড়ান্ত স্বাক্ষৰৰ তাৰিখৰ পৰা পাঁচ বছৰৰ বাবে বাহাল থাকিব আৰু দুয়োপক্ষৰ সন্মতিমৰ্মে ইয়াৰ সময়সীমা সম্প্ৰসাৰণ কৰিব পৰা যাব। এই চুক্তিয়ে ৰেচম আৰু ৰেচম পালন খণ্ডত গৱেষণা, প্ৰযুক্তি, দক্ষতা বিকাশ, সামগ্ৰী উদ্ভাৱন, আন্তঃগাঁথনি আৰু বজাৰ সংযোগৰ ওপৰত আলোকপাত কৰি NEHHDC আৰু CSB-ৰ মাজত ধাৰাবাহিক সহযোগিতাৰ এক প্ৰতিষ্ঠানিক ৰূপৰেখা দাঙি ধৰিছে।

এই সহযোগিতাই বিশেষকৈ কাৰিকৰী তথা গৱেষণামূলক দক্ষতাক পথাৰ পৰ্যায়ৰ উন্নয়ন আৰু মূল্য-শংখলাৰ সুযোগসমূহৰ সৈতে একত্ৰিত কৰি প্ৰযুক্তি-ভিত্তিক আৰু বজাৰ-মুখী পদক্ষেপসমূহৰ বিকাশত বিশেষ সহায় কৰিব বুলি আশা কৰা হৈছে।

…………………………………………………………..

PG/ SM/KB


(ৰিলিজ আই ডি : 2313661) অতিথি কক্ষ : 23
ত এই ৰিলিজটো পঢ়ক: English