তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

পিআইবি ভুবনেশ্বৰৰ সংবাদ মাধ্যমৰ প্ৰতিনিধি দলে আৰম্ভ কৰিলে পাঁচদিনীয়া অসম ভ্ৰমণ

আই ডব্লিউ এ আই-য়ে ডিব্ৰুগড়ৰ বগীবিলত আভ্যন্তৰীণ জলপথৰ পৰিৱৰ্তনশীল ভূমিকাৰ বিষয়ে আলোকপাত কৰাৰ লগতে ওড়িশাৰ ৰাষ্ট্ৰীয় জলপথ-৫ৰ বাবে ৰোডমেপ উন্মোচন কৰে

পোষ্ট কৰা হৈছে: 20 SEP 2026 8:13PM by PIB Guwahati

প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ৰ ভুবনেশ্বৰ কাৰ্যালয়ৰ নেতৃত্বত ওড়িশাৰ পৰা অহা সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ দল এটাই আজি  পাঁচদিনীয়া অসম ভ্ৰমণ কাৰ্যসূচী আৰম্ভ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ উন্নয়নমূলক অগ্ৰগতি আৰু কৌশলগত আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰাই এই ভ্ৰমণৰ মূল উদ্দেশ্য। ভ্ৰমণসূচীৰ প্ৰথম দিনটোত প্ৰতিনিধি দলটোৱে বগীবিলৰ আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেল আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত অভিযান্ত্ৰিক কৃতিত্বৰ নিদৰ্শন বগীবিল দলং পৰিদৰ্শন কৰি সংশ্লিষ্ট প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰে। এই পৰিদৰ্শনৰ সময়ত আঞ্চলিক সমৃদ্ধিৰ দুৱাৰ মুকলি কৰাত নদীকেন্দ্ৰিক সংহত পৰিবহণ ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰাৰ লগতে  অসমৰ দৰেই আভ্যন্তৰীণ জলপথ ব্যৱস্থাই উপকূলীয় তথা  খনিজ সম্পদসমৃদ্ধ ৰাজ্য ওড়িশাৰ বাবেও কেনেদৰে পৰিৱৰ্তনশীল বিকল্প পৰিবহণ ব্যৱস্থা হিচাপে গঢ় লৈ উঠিব পাৰে সেই দিশটোও গুৰুত্বসহকাৰে  পৰ্যালোচনা  কৰা হয়।

সংবাদ মাধ্যমৰ প্ৰতিনিধি দলটোক ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ বিষয়া শ্ৰী সুনীল শিন্দেই বগীবিলৰ আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেলৰ কাৰ্যকলাপৰ বিষয়ে বিস্তৃতভাৱে অৱগত  কৰে। ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ২০২৩ চনত কাৰ্যক্ষম কৰা এই টাৰ্মিনেলটো অত্যাধুনিক জাহাজ ৰখা আৰু মাল উঠোৱা-নমোৱাৰ আন্তঃগাঁথনিৰে সমৃদ্ধ কৰি  নিৰ্মাণ কৰা হৈছে।টাৰ্মিনেলটোত ১,০০০ মেট্ৰিক টন পৰ্যন্ত বহনক্ষমতাৰ জাহাজৰ ৰাখিব পৰাৰ ব্যৱস্থা থকাৰ  লগতে ইয়াৰ বছৰি প্ৰায় ৬ লাখ মেট্ৰিক টন সামগ্ৰী পৰিচালনাৰ ক্ষমতা আছে।বৰ্তমান ইয়াৰ জৰিয়তে ডিব্ৰুগড়ৰ পৰা খাৰুৱা তেল আৰু পেট্ৰ’লিয়ামজাত সামগ্ৰী, চাহ, কয়লা, শিলৰ টুকুৰা আৰু চিমেণ্টৰ পৰিবহণ কৰা হৈছে।এই জলপথটোৱে গধুৰ অতিমাত্ৰিক কাৰ্গো (অ’ডিচি)ৰ বাবেও অপৰিহাৰ্য ট্ৰেনজিট কৰিডৰ হিচাপে কাম কৰি আহিছে,  যিয়ে নুমলীগড় শোধনাগাৰৰ চলি থকা ক্ষমতা সম্প্ৰসাৰণৰ সুবিধা প্ৰদান কৰিছে।

ওড়িশাৰ নদীকেন্দ্ৰিক পৰিবহণৰ সম্ভাৱনাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ বিষয়াসকলে ৰাষ্ট্ৰীয় জলপথ-৫ৰ বাবে প্ৰস্তুত কৰা উন্নয়নৰ পৰিকল্পিত ৰোডমেপৰ  বিষয়েও বিস্তৃতভাৱে অৱগত কৰে। ৰাষ্ট্ৰীয় জলপথ-৫ ওড়িশা আৰু পশ্চিমবংগৰ মাজেৰে বিস্তৃত এক আভ্যন্তৰীণ জলপথ পৰিবহণ কৰিড’ৰ।ব্ৰাহ্মণী আৰু মহানদীৰ ব-দ্বীপীয় জলপথ ব্যৱস্থাক সংযুক্ত কৰা ৰাষ্ট্ৰীয় জলপথ-৫ ওড়িশাৰ উদ্যোগ আৰু খনিজ সম্পদসমৃদ্ধ অঞ্চলসমূহৰ বাবে কম ব্যয়সাপেক্ষ তথা পৰিৱেশ অনুকূল সামগ্ৰী পৰিবহণৰ মেৰুদণ্ড হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। তালচেৰ আৰু কলিংগনগৰৰ দৰে ঔদ্যোগিক অঞ্চলসমূহক পাৰাদ্বীপ আৰু ধামৰা গভীৰ জল বন্দৰৰ সৈতে পোনপটীয়াকৈ নদী তথা সাগৰভিত্তিক বহুমুখী পৰিবহণ ব্যৱস্থাৰে সংযোগ কৰাৰ জৰিয়তে এই জলপথে কম ইন্ধন ব্যয়ৰ এক বিকল্প পৰিবহণ ব্যৱস্থা আগবঢ়াব। ইয়াৰ ফলত অত্যধিক ব্যস্ত হৈ পৰা ৰে’ল আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ জৰিয়তে সামগ্ৰী পৰিবহণৰ পথসমূহৰ ওপৰত থকা চাপ হ্ৰাস কৰাত সহায় হ’ব।ভ্ৰমণকালত সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ দলটোৱে ঐতিহাসিক বগীবিল দলং পৰিদৰ্শন কৰে। অভিযান্ত্ৰিক কৃতিত্বৰ নিদৰ্শনস্বৰূপ দলংখনে উজনি অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ যাতায়াত ব্যৱস্থাত এক লক্ষ্যণীয় পৰিৱৰ্তন সাধন কৰিছে।ব্ৰহ্মপুত্ৰ নদৰ ওপৰেৰে ৪.৯৪ কিলোমিটাৰ দৈৰ্ঘ্যত বিস্তৃত ভাৰতৰ দীৰ্ঘতম একেলগে ৰে’ল আৰু পথ পৰিবহণৰ সুবিধা থকা দলংখনে ডিব্ৰুগড় আৰু ধেমাজিৰ মাজত পূৰ্বতে প্ৰয়োজন হোৱা দীঘলীয়া তথা  সময়সাপেক্ষ যাতায়াতৰ সমস্যাৰ অৱসান ঘটাইছে।

ইয়াৰ ফলত যাত্ৰাৰ সময় যথেষ্ট হ্ৰাস পোৱাৰ লগতে পূব সীমান্তত কৌশলগত প্ৰতিৰক্ষা সামগ্ৰী তথা  সা-সৰঞ্জাম পৰিবহণ ব্যৱস্থাও অধিক শক্তিশালী হৈ পৰিছে।

ডাবল ডেক ট্ৰেনজিট কৰিডৰটোৱে শক্তিশালী অৰ্থনৈতিক কৰিডৰ মুকলি কৰিছে আৰু কাষতে থকা বগীবিল ঘাটৰ সৈতে এই অঞ্চলটো এতিয়া নদীকেন্দ্ৰিক পৰ্যটনৰ এক সজীৱ কেন্দ্ৰত পৰিণত হৈছে। ক্ৰুজ তথা হাউচবোটৰ দৰে আকৰ্ষণীয় সুবিধাৰ  জৰিয়তে এই নদী পৰ্যটন কেন্দ্ৰটোৱে স্থানীয় বাণিজ্য তথা আতিথ্য সেৱাৰ বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

********

Swadhin Shakti Prasad/Manoj Kumar Jali/DM


(ৰিলিজ আই ডি : 2312800) অতিথি কক্ষ : 53
ত এই ৰিলিজটো পঢ়ক: English , Odia