শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
azadi ka amrit mahotsav

ইপিএফঅ’ৰ মজুৰিৰ ঊৰ্ধ্বসীমা মাহে ১৫,০০০ টকাৰ পৰা ২৫,০০০ টকালৈ বৃদ্ধিত অনুমোদন কেবিনেটৰ

অসমত সামাজিক সুৰক্ষা ব্যৱস্থা সম্প্ৰসাৰিত কৰা আৰু আনুষ্ঠানিক নিয়োগ ব্যৱস্থাক শক্তিশালী কৰাৰ পদক্ষেপ

পোষ্ট কৰা হৈছে: 18 SEP 2026 7:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ (ইপিএফঅ’) অধীনত বাধ্যতামূলক সামাজিক সুৰক্ষাৰ বাবে নিৰ্ধাৰিত মাহেকীয়া মজুৰিৰ ঊৰ্ধ্বসীমা ১৫,০০০ টকাৰ পৰা ২৫,০০০ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই সিদ্ধান্তই শ্ৰমিকৰ এক বৃহৎ অংশক সংবিধিবদ্ধ সামাজিক সুৰক্ষাৰ আওতালৈ আনিব বুলি আশা কৰা হৈছে।

 

২০১৪ চনৰ ছেপ্টেম্বৰ মাহত সংশোধন কৰি ১৫,০০০ টকা কৰা মজুৰিৰ ঊৰ্ধ্বসীমা বৃদ্ধি পোৱা বেতন আৰু আনুষ্ঠানিক নিয়োগৰ সম্প্ৰসাৰণৰ সৈতে সংগতি ৰাখি এতিয়া ২৫,০০০ টকালৈ বৃদ্ধি কৰা হৈছে। ১৫,০০০ টকাৰ পৰা ২৫,০০০ টকাৰ ভিতৰত বেতন পাই নতুনকৈ কামত যোগ দিয়া যিসকল কৰ্মচাৰী বৰ্তমান ইপিএফঅ’ৰ বাধ্যতামূলক আওতাৰ বাহিৰত আছিল। বৰ্তমান তেওঁলোকক প্ৰযোজ্য নীতি নিয়ম সাপেক্ষে এই সংবিধিবদ্ধ কাঠামোলৈ অনা হ’ব।

 

এই সম্প্ৰসাৰিত ব্যৱস্থাই যোগ্য শ্ৰমিকসকলক ভৱিষ্যনিধিৰ সঞ্চয়, কৰ্মচাৰী পেঞ্চন আঁচনিৰ অধীনত পেঞ্চনৰ সুৰক্ষা আৰু কৰ্মচাৰী ডিপ’জিট লিংকড ইনচ্যুৰেঞ্চ আঁচনি (ইডিএআই)ৰ অধীনত বীমাৰ সুৰক্ষা লাভৰ সুযোগ প্ৰদান কৰিব।

 

মজুৰিৰ হাৰ আৰু আনুষ্ঠানিক সংস্থাপন ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা অসমৰ বাবে এই সিদ্ধান্তই বিশেষ তাৎপৰ্য বহন কৰিছে। এই বৰ্ধিত ঊৰ্ধ্বসীমাই ৰাজ্যখনৰ আনুষ্ঠানিক খণ্ডৰ বৃহৎসংখ্যক শ্ৰমিকক সংবিধিবদ্ধ সামাজিক সুৰক্ষাৰ সুবিধা লাভত সহায় কৰিব।

 

ইপিএফঅ’ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ শেহতীয়া তথ্য অনুসৰি প্ৰায় ৬,৯০০টা বৰঙণি আগবঢ়োৱা প্ৰতিষ্ঠানত আনুমানিক ৩,২১,১৩৭ গৰাকী অংশগ্ৰহণকাৰী সদস্য অন্তৰ্ভুক্ত হৈ আছে। এই সংশোধিত মজুৰিৰ ঊৰ্ধ্বসীমাই অসমৰ যোগ্য কৰ্মচাৰীসকলৰ মাজত সামাজিক সুৰক্ষাৰ পৰিসৰ অধিক সম্প্ৰসাৰিত কৰিব বুলি আশা কৰা হৈছে।

 

এই পদক্ষেপে ইপিএফ, ইপিএছ আৰু ইডিএলআই সুবিধাৰ প্ৰসাৰ ঘটাই কৰ্মচাৰীসকলৰ বাবে নিযুক্তিৰ আনুষ্ঠানিককৰণ আৰু দীৰ্ঘম্যাদী অৱসৰকালীন সুৰক্ষা সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে।

 

বৰ্তমানৰ আনুমানিক ১০,২৫০ কোটি টকাৰ বাৰ্ষিক বাজেট সমৰ্থনৰ বিপৰীতে চৰকাৰৰ এই নতুন ব্যৱস্থাত বাৰ্ষিক প্ৰায় ১১,৩৩৯ কোটি টকা ব্যয় হ’ব বুলি অনুমান কৰা হৈছে, আনহাতে পাঁচ বছৰত এই আনুমানিক ব্যয় প্ৰায় ৫৬,৬৯৬ কোটি টকা হ’ব।

……………….

 

PG/ SM/DB


(ৰিলিজ আই ডি : 2312265) অতিথি কক্ষ : 48
ত এই ৰিলিজটো পঢ়ক: English