মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

নাগালেণ্ডত ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰয়োগ সম্পৰ্কীয় ‘শিক্ষা সন্মিলন ২০২৬’

পোষ্ট কৰা হৈছে: 18 SEP 2026 6:48PM by PIB Guwahati

নাগালেণ্ড চৰকাৰৰ উচ্চ শিক্ষা বিভাগে আজি চুমৌকেডিমাৰ নাগা ইউনাইটেড ভিলেজৰ জে পি পাৰ্ক এণ্ড বেংকুৱেটছত ‘শিক্ষা সন্মিলন, ২০২৬’ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ কাৰ্যকৰীকৰণ সম্পৰ্কে আলোচনা কৰিবলৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ নীতি-নিৰ্ধাৰক, শিক্ষাবিদ আৰু প্ৰশাসকসকল ইয়াত একত্ৰিত হয়।

"উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ প্ৰয়োগ: দৃষ্টিভংগী, প্ৰত্যাহ্বান আৰু সুযোগ" শীৰ্ষক বিষয়বস্তুৱে নীতিসমূহক বাস্তৱ ক্ষেত্রত ৰূপায়ণ কৰাৰ দিশত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ উমৈহতীয়া প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।

 

নাগালেণ্ড চৰকাৰৰ উচ্চ শিক্ষা আৰু পৰ্যটন মন্ত্ৰী তেমজেন ইমনা আলঙে কয় যে এই সন্মিলনে ৰাজ্যখনত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বাৰ্তাক অধিক প্ৰসাৰিত আৰু শক্তিশালী কৰাৰ এক সুযোগ আনি দিছে। এই পৰিৱৰ্তনকামী নীতিক লৈ এক উমৈহতীয়া লক্ষ্যত উপনীত হ’বলৈ বিভিন্ন জিলাৰ পৰা অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলৰ যৌথ প্ৰচেষ্টাক তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

 

আলোচনাৰ অংশ হিচাপে ইতিবাচক আৰু গঠনমূলক চিন্তাধাৰাক উৎসাহিত কৰা উচিত বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে এই সন্মিলনে এক ব্যাপক তথা স্পষ্ট সংকল্প গ্ৰহণৰ দিশত ফলপ্ৰসূ হ'ব।

 

উদ্বোধনী অনুষ্ঠানৰ অধ্যক্ষতা কৰে নাগালেণ্ড চৰকাৰৰ উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগৰ সচিব, আইএএছ চৰিতা যাদৱে। সচিবগৰাকীয়ে বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত এনইপি, ২০২০ প্ৰয়োগৰ ক্ষেত্ৰত উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ দাঙি ধৰে। তেওঁ লগতে কয় যে নাগালেণ্ডৰ উচ্চ শিক্ষাৰ আন্তঃগাঁথনি পৰ্যাপ্ত নহয়, সেয়েহে বৰ্তমানৰ প্ৰতিষ্ঠানসমূহৰ উন্নয়ন ঘটোৱাৰ সমান্তৰালভাৱে নতুন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ জৰিয়তে প্ৰতিষ্ঠানিক ক্ষমতা বৃদ্ধি কৰাতো অত্যন্ত প্ৰয়োজনীয়।

 

উচ্চ শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাকো আন এক অগ্ৰাধিকাৰপূৰ্ণ ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হয়। ইয়াৰ ভিতৰত উন্নত শিক্ষক প্ৰশিক্ষণ, সুদৃঢ় মূল্যায়ন ব্যৱস্থা আৰু গৱেষণা তথা উদ্ভাৱনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান আদি অন্তৰ্ভুক্ত। নীতিটোৱে বিকেন্দ্ৰীকৃত শাসনৰ ওপৰত দিয়া গুৰুত্বৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বাবে ৰাজ্য চৰকাৰ আৰু প্ৰতিষ্ঠানসমূহক শক্তি প্ৰদানৰ লগতে হিতাধিকাৰীসকলৰ মাজত নতুন সমন্বয় ব্যৱস্থাৰ প্ৰয়োজন। তদুপৰি ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু প্ৰশাসকসকলৰ মানসিকতাৰ পৰিৱৰ্তন আৰু আধুনিক শিক্ষাদান পদ্ধতি গ্ৰহণৰ মাধ্যমেৰে শিক্ষাৰ্থীকেন্দ্ৰিক শিক্ষাৰ এক নতুন ধাৰা আৰম্ভ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত সচিবে গুৰুত্ব আৰোপ কৰে।

 

নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জগদীশ কে. পাটনায়কে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ লগত সংগতি ৰাখি উত্তৰ-পূৰ্বাঞ্চলত থলুৱা প্ৰসংগভিত্তিক আৰু অন্তৰ্ভুক্তিমূলক শৈক্ষিক পৰিৱৰ্তনৰ আহ্বান জনায়।

 

মূল ভাষণ প্ৰদান কৰি তেওঁ এনইপিৰ মুখ্য অগ্ৰাধিকাৰসমূহ অৱগত কৰে: সুগমতা, সমতা, গুণগত মানদণ্ড, নমনীয়তা, বহুভাষিকতা আৰু জ্ঞান, দক্ষতা তথা মূল্যবোধ সামৰি লোৱা সামগ্ৰিক বিকাশ। তেওঁ স্থানীয় থলুৱা জ্ঞানক শৈক্ষিক শক্তিলৈ ৰূপান্তৰিত কৰা আৰু প্ৰযুক্তিগত দক্ষতাৰ জৰিয়তে নিজকে উন্নীত কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

 

ড° পাটনায়কে উল্লেখ কৰে যে এই নীতিত বিনিয়োগ যথেষ্ট বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছে যদিও সম্পদ সংগ্ৰহৰ ব্যৱস্থা এতিয়াও স্পষ্ট নোহোৱাৰ বাবে পুঁজিৰ অভাৱ এক ডাঙৰ চিন্তাৰ বিষয় হৈয়েই আছে। অৱশ্যে তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা প্ৰসংগভিত্তিক, অন্তৰ্ভুক্তিমূলক আৰু জ্ঞানভিত্তিক শৈক্ষিক পৰিৱৰ্তনৰ এক আৰ্হি হৈ পৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে।

 

কেৱল নীতি গ্ৰহণ কৰাতেই সীমিত নাথাকি তাক বাস্তৱসন্মতভাৱে ৰূপায়ণ কৰা আৰু উত্তৰ-পূবৰ সকলো ৰাজ্যৰ মাজত সহযোগিতা বৃদ্ধি কৰাতেই ভৱিষ্যতৰ সমাধান নিহিত হৈ আছে বুলি তেওঁ জোৰ দিয়ে।

 

অনুষ্ঠানত কেইবাগৰাকীও বিশেষ আমন্ত্ৰিত অতিথিয়ে বক্তব্য আগবঢ়ায়। তেওঁলোকৰ ভিতৰত ত্ৰিপুৰা চৰকাৰৰ উচ্চ শিক্ষা, পঞ্চায়ত আৰু সাধাৰণ প্ৰশাসন মন্ত্ৰী কিশোৰ বৰ্মন; অৰুণাচল প্ৰদেশ চৰকাৰৰ বিধায়ক তথা এইচএমইৰ উপদেষ্টা মুচ্চু মিঠি আৰু অসমৰ উচ্চ শিক্ষা, স্কুলীয়া শিক্ষা, জনজাতি আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ড° ৰণোজ পেগু অন্যতম।

 

সন্মিলনৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত উত্তম কাৰ্যপদ্ধতিৰ আদান প্ৰদান, প্ৰতিষ্ঠানিক সম্পদ অংশীদাৰিত্ব আৰু সকলো অংশীদাৰৰ সৈতে আলোচনা কৰি প্ৰস্তুত কৰা দক্ষতা বিকাশ উদ্যোগৰ জৰিয়তে কাৰ্যকৰীকৰণ প্ৰতিষ্ঠানসমূহক মাৰ্গদৰ্শন কৰাৰ বাবে এক যৌথ সহযোগিতাৰ ভেটি গঢ়ি উঠিব বুলি আশা কৰা হৈছে।

***

A/M/DB


(ৰিলিজ আই ডি : 2312221) অতিথি কক্ষ : 41
ত এই ৰিলিজটো পঢ়ক: English