স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

সফলতাৰে হৃদযন্ত্ৰৰ মুকলি অস্ত্ৰোপচাৰ কৰোৱা প্ৰথম দুগৰাকী ৰোগীক ঘৰলৈ যাবলৈ দিলে এইমছ গুৱাহাটীয়ে ; আৰম্ভ হ'ল হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ নিয়মীয়া সেৱা

পোষ্ট কৰা হৈছে: 16 SEP 2026 6:25PM by PIB Guwahati

গুৱাহাটীস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, এইমছে হৃদযন্ত্ৰৰ  মুকলি অস্ত্ৰোপচাৰ কৰা প্ৰথম দুগৰাকী ৰোগীক সফলতাৰে চিকিৎসা সম্পূৰ্ণ হোৱাৰ অন্তত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। ইয়াৰ  জৰিয়তে  প্ৰতিষ্ঠানখনে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিলে। প্ৰতিষ্ঠানখনত ২০২৬ চনৰ ৮ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে দুগৰাকী ৰোগীৰ হৃদযন্ত্ৰৰ  মুকলি  অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা হৈছিল।এই সফলতাৰ জৰিয়তে গুৱাহাটীস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত নিয়মীয়া হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সেৱাৰো শুভাৰম্ভ কৰা হৈছে। অস্ত্ৰোপচাৰ কৰা দুগৰাকী ৰোগীৰ ভিতৰত আছিল এটি  ৭ বছৰীয়া শিশু আৰু আনগৰাকী ৪৭ বছৰীয়া মহিলা। দুয়োগৰাকী ৰোগীয়েই অসমৰ বাসিন্দা।জন্মগত হৃদযন্ত্ৰৰ বিসংগতিৰ চিকিৎসাৰ বাবে দুয়োগৰাকী ৰোগীৰ হৃদযন্ত্ৰৰ মুকলি অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা হৈছিল। অস্ত্ৰোপচাৰৰ সময়ত হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ কাম সাময়িকভাৱে নিয়ন্ত্ৰণ কৰা বিশেষ হৃদযন্ত্ৰ-হাওঁফাওঁ যন্ত্ৰ ( heart-lung machine) ব্যৱহাৰ কৰা হৈছিল।এই যন্ত্ৰৰ সহায়ত অস্ত্ৰোপচাৰৰ সময়ছোৱাত হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ স্বাভাৱিক কাৰ্য সম্পাদন অব্যাহত ৰখা হয় আৰু চিকিৎসকসকলে নিৰাপদভাৱে হৃদযন্ত্ৰৰ বিসংগতি দূৰ কৰিবলৈ সক্ষম হয়।

অস্ত্ৰোপচাৰৰ পিছত দুয়োগৰাকী ৰোগীয়ে সুস্থভাৱে আৰু কোনো জটিলতা নোহোৱাকৈ দ্ৰুত আৰোগ্য লাভ কৰিছে।বৰ্তমান দুয়োগৰাকী ৰোগীক সুস্থ তথা সুস্থিৰ অৱস্থাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। বুধবাৰে অনুষ্ঠিত এখন সংবাদমেলত গুৱাহাটীস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, এইমছৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক কৰ্ণেল ডাঃ অশোক পুৰাণিকে এই গুৰুত্বপূৰ্ণ সফলতাৰ কথা সদৰি কৰে।তেওঁ কয় যে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সেৱাৰ শুভাৰম্ভই উত্তৰ-পূৰ্বাঞ্চলত উন্নতমানৰ হৃদযন্ত্ৰৰ চিকিৎসা সেৱা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে।এই সফল অস্ত্ৰোপচাৰ দুটা হৃদযন্ত্ৰ আৰু বক্ষ অস্ত্ৰোপচাৰ বিভাগ (Cardiothoracic and Vascular Surgery ), হৃদযন্ত্ৰ চিকিৎসা বিভাগ, কাৰ্ডিঅ এনাছথেচিয়া, ৰক্তসঞ্চালন সহায়ক সেৱা পাৰ্ফিউজন চাৰ্ভিছ, নাৰ্ছিং সেৱা আৰু অন্যান্য চিকিৎসা তথা কাৰিকৰী সহায়ক দলৰ সমন্বিত প্ৰচেষ্টাৰ ফলত সম্ভৱ হৈছে বুলি তেওঁ কয়। ডাঃ পুৰাণিকে লগতে জানিবলৈ দিয়ে যে যোগ্য ৰোগীসকলে প্ৰযোজ্য যোগ্যতা তথা আঁচনিৰ নীতি-নিৰ্দেশনা অনুসৰি আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত গুৱাহাটীস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, এইমছত বিনামূলীয়াকৈ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সেৱা লাভ কৰিব পাৰিব। গুৱাহাটীস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত হৃদযন্ত্ৰ অস্ত্ৰোপচাৰ কাৰ্যসূচীৰ শুভাৰম্ভই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ ৰোগীসকলক তেওঁলোকৰ নিজৰ অঞ্চলৰ ওচৰতে উন্নতমানৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সেৱা লাভ কৰাৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত উন্নত হৃদযন্ত্ৰৰ চিকিৎসাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীসকলে দূৰৱৰ্তী চিকিৎসা প্ৰতিষ্ঠানলৈ যোৱাৰ প্ৰয়োজনীয়তা হ্ৰাস পাব বুলিও আশা কৰা হৈছে।

 

***

PG/BM/DM


(ৰিলিজ আই ডি : 2311131) অতিথি কক্ষ : 50
ত এই ৰিলিজটো পঢ়ক: English